প্ৰকৃতিৰ সকীয়নি

dainik janambhumi July 02, 2026

ডিজিটেল ডেস্ক : ইউৰোপ। পৰ্যটকৰ বাবে সুচল বতৰৰ আকৰ্ষণীয় 'ডেস্টিনেশ্যন' ইউৰোপত এতিয়া জলবায়ু পৰিৱৰ্তনৰ অস্বাভাৱিক পৰিস্থিতি। প্রবল গ্রীষ্ম প্রৱাহত সমগ্র ইউৰোপত এতিয়া সৃষ্টি হৈছে আতংকৰ। অভূতপূর্ব পাৰাস্তম্ভই ইউৰোপত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে জুনৰ শেষৰটো সপ্তাহৰ পৰা বৰ্তমানলৈকে গৰমৰ প্ৰকোপত তেৰশৰো অধিক লোকৰ মৃত্যু হৈছে। কেৱল ফ্রান্সতেই গ্রীষ্ম প্ৰৱাহৰ কবলত পৰি মৃত্যু হৈছে এহেজাৰৰো অধিক লোকৰ। গ্রীষ্মকালি ৩০ ডিগ্রী চেলছিয়াছতকৈ অধিক উষ্ণতা নোহোৱা ফ্রান্স, জার্মানি, পোলেণ্ড ইত্যাদিত শেহতীয়াকৈ পাৰাস্তম্ভই ৪১ ডিগ্রী চুইছেগৈ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি গৰমৰ প্ৰকোপত ইউৰোপৰ দেশসমূহৰ বহু স্থানত জৰুৰী অৱস্থা ঘোষণা কৰিব লগা হৈছে। ইউৰোপ-আমেৰিকাৰ দৰে শীতল দেশসমূহত উদ্ভৱ হোৱা এই গ্রীষ্ম দহন অভূতপূর্ব বুলি বিবেচিত হোৱাই নহয়, অস্বাভাৱিকো। জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ পার্শ্বক্রিয়াই ইউৰোপ-আমেৰিকাৰ দৰে শীতল দেশসমূহক আতংকিত কৰি তোলা এই পৰিস্থিতিৰ পাছত স্বাভাৱিকতে উন্নয়নশীল দেশ হিচাপে পৰিগণিত ভাৰতবৰ্ষৰ বাবেও ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে, এফালে যদি 'হীট ৱেভ'ৰ সংহাৰ, আনফালে গ্রীষ্মকালিৰ ভৰ বাৰিষাৰ সময় অসমত। বাৰিষা মানেই বৰষুণ। বৰষুণহীন বাৰিষা কল্পনা কৰিব নোৱাৰি। বাৰিষাৰ বৰষুণ মানেই দোকোল-টকা বানৰ সংশয়। চহৰ কিম্বা গাঁও সকলোতে, বাৰিষাৰ দিনকেইটাত বৰষুণ দিলে মানুহৰ চিন্তা বাঢ়ে। সাধাৰণতে জেঠুৱা খৰ বুলি কোৱা জেঠ মাহৰ দিনকেইটাত গৰম উৎকট হয়। বেলিৰ তপত দহনত পথাৰত
ছিঁৰাল ফাট মেলে। কৃষকে সিঁচি থোৱা কঠীয়া ৰুবৰ বাবে বৰষুণলৈ অপেক্ষা কৰে। সময়মতে মৌচুমী বায়ুৰ আগমনত আহাৰ, শাওণ মাহত পর্যাপ্ত পৰিমাণৰ বৰষুণ হয় আৰু কৃষকেও সময়ানুযায়ী খেতি কৰে। অসমত প্ৰকৃতিৰ এয়াই নিয়ম। ভৰ বাৰিষাৰ বৰষুণ আৰু ওফন্দি উঠা নৈৰ বাঢ়নী পানীয়ে দ অঞ্চলত বানৰ সৃষ্টি কৰে। অসমৰ বান সমস্যা নতুন নহয় আৰু বাৰিষাৰ বানৰ ভয়াৱহতাক লৈ অসমৰ মানুহ একপ্ৰকাৰ প্রস্তুত হৈয়ে থাকে। কিন্তু এতিয়া কথাবোৰ সলনি হৈছে। গোলকীয় উষ্ণতাৰ ফলত অসমলৈ মৌচুমীৰ আগমনৰ সময় সলনি হৈছে। ফলত বাৰিষাও অনিয়মীয়া হৈছে। যাৰ বাবে কোনো বাৰ প্ৰবল খৰাঙত পৰা কৃষকে কোনো বাৰ আবতৰীয়া বানৰ বাবে হেৰুৱাইছে কৃষিভূমি অথবা হ'বলগীয়া ফচল। পিছে শেহতীয়াকৈ বাৰিষা বুলিলে কেৱল কৃষকেই নহয়, চহৰ কিম্বা গাঁও সকলোতে আতংকৰ পৰিৱেশহে বিৰাজ কৰা দেখা গৈছে। কাৰণ, বাৰিষা মানেই চহৰত কৃত্রিম বানৰ প্ৰলয়, গাঁও অথবা অন্যান্য অঞ্চলত ওফন্দি উঠা নৈৰ বাঢ়নী পানীয়ে জধে-মধে সৃষ্টি কৰা দোকোল-টকা বান। ইয়াৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি জলবিদ্যুৎ প্রকল্পৰ পৰা এৰি দিয়া পানীৰ জলপ্ৰলয়। আজিৰ পৰা প্ৰায় ডেৰ দশক পূৰ্বে ভূটানৰ কুৰিষ্ণু নদীৰ বান্ধ খুলি দিয়াৰ ফলত নামনি অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ কথা কোনেও পাহৰিব নোৱাৰে। শেহতীয়াকৈ অসমত পুনৰ এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইফালে এল নিনোৰ আগমনক লৈ ইতিমধ্যে সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান মন্ত্ৰ্যালয়ে। উল্লেখযোগ্য যে জুনৰ মাজভাগৰ পৰা এল নিনো আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰভাৱ বিশ্বব্যাপী পৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে, এল নিনো হৈছে এনে এটা প্রাকৃতিক অৱস্থা, যাৰ ফলত প্রশান্ত মহাসাগৰৰ পানীৰ তাপমাত্ৰা আৰু সোঁতৰ ধৰণত পৰিৱৰ্তনৰ সূচনা হয়। ইয়াৰ ফলত বিশ্বব্যাপী তাপমাত্রা বৃদ্ধি পায় আৰু বিভিন্ন দেশৰ বতৰত ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰে। এল নিনোৰ প্ৰভাৱত বৃষ্টিপাতৰ ব্যাপক তাৰতম্য ঘটে, ফলত গৰমৰ প্রকোপ ভয়াৱহ হয়। শেহতীয়াকৈ জুন মাহত অসমত আঠাইছ শতাংশ বৰষুণ হ্রাস পোৱাৰ তথ্য পোহৰলৈ আহিছে। 

বতৰ বিজ্ঞানীৰ তথ্য অনুসৰি বাৰিষাৰ বৰষুণ হ্রাস পোৱাৰ কাৰণ মূলতঃ এল নিনোৰ প্ৰভাৱ। কিন্তু বাৰিষাৰ স্বাভাৱিক বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ পাছতো অসমৰ বান পৰিস্থিতি নিয়ন্ত্রণহীন হৈ পৰা কথাটোৱে স্বাভাৱিকতে সকলোকে আচৰিত কৰি তুলিছে। এক অৰ্থত বতৰৰ ব্যাপক পৰিৱৰ্তনৰ পাছতো বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ চৰকাৰে সময়মতে ব্যৱস্থা গ্রহণ নকৰাৰ
বাবেই বাৰিষাৰ প্ৰথমটো বানতেই উজনি আৰু উত্তৰ অসমৰ ব্যাপক অঞ্চল জলমগ্ন হৈছে। কেৱল এয়াই নহয়, অৰুণাচলত নিয়ন্ত্রণহীনভাৱে নিৰ্মাণ কৰা নদীবান্ধসমূহে নামনিত একোটা জলবোমাৰ ৰূপ লৈছে। অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ পাছত নামনিলৈ বৈ অহা প্রতিখন নৈ-উপনৈ ওফন্দি উঠিছে, আৰু অসমৰ বিস্তীর্ণ অঞ্চলত ইয়াৰ ফলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বৰষুণ হ্রাস পোৱাৰ পাছতো বাৰিষাৰ বৰষুণজাকত ভূমিস্খলন আৰু বানপানীৰ সমস্যা হ্রাস পোৱা নাই, বৰঞ্চ অর্ধশতক ধৰি ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ দাবী তুলি অহা অসমৰ বান সমস্যা প্রতিবছৰে এক নিয়ন্ত্রণহীন উৎসৱতহে পৰিণত হৈছে। বাৰিষাৰ বৰষুণ, বানপানী, ডাৱৰ বিস্ফোৰণ অথবা এল নিনোৰ দৰে প্ৰাকৃতিক পৰিঘটনা যিয়েই নহওক কিয়, প্রকৃতিৰ ওপৰত মানুহৰ লোভ, লুণ্ঠনৰ বাবেই গোলকীয় উষ্ণতাই এনে প্রাকৃতিক দুৰ্যোগৰ উদ্ভৱ ঘটাই আহিছে। এফালে বৰষুণ হ্রাস পোৱাৰ দৰে পৰিস্থিতিৰ মাজতো বানত ককবকোৱা জনতাক সকাহ দিবলৈ চৰকাৰে সময়মতে ব্যৱস্থা গ্রহণ কৰিব পৰা নাই, আনফালে শীতল বাসযোগ্য দেশ হিচাপে পৰিচিত ইউৰোপ-আমেৰিকাৰ দৰে দেশত অভাৱনীয় গ্রীষ্ম প্রৱাহত জনতাৰ ছট্‌ফটনি। দুয়োটা পৰিস্থিতিয়েই আচলতে মানৱ জাতিৰ বাবে সকীয়নি। প্রকৃতিক ভাৰসাম্য কৰি ৰখা আৰু প্ৰকৃতিৰ সৈতে খোজ মিলাই চলিব পৰাকৈ নিজকে যোগ্য কৰি তোলাৰ সময় এয়া। অন্যথা বিপদ নিকটত।

Share This