ডিজিটেল ডেস্ক: সামাজিক মাধ্যমত শেহতীয়াকৈ কৌতুক এটা প্রচলন হৈ আছে। কৌতুকটো এনেধৰণৰ- ২০১৬ চন: ন'টবন্দী-ঘৰত বিয়া, অতিথি আছে, গেছ আছে, কিন্তু নগদ টকা নাই। পাঁচ বছৰৰ পাছত ২০২১ চন: কৰ'না যুগ-ঘৰত বিয়া, নগদ টকা আছে, গেছ আছে, কিন্তু অতিথি নাই। ইয়াৰ পাছত ২০২৬ চনঃ উপ-সাগৰীয় যুগ ঘৰত বিয়া, নগদ টকা আছে, অতিথি আছে, কিন্তু গেছ নাই। ইয়াৰ পাছত পাঁচ বছৰত কি হ'ব?... ২০৩১ চন: ঘৰত নগদ টকা আছে, অতিথি আছে, গেছ আছে, কিন্তু বিয়া নাই। (কাৰণ নতুন প্রজন্মই বিয়া পাতিবলৈ নিবিচাৰে!)
বিবাহ সম্পর্কত সাম্প্ৰতিক যুৱ প্ৰজন্মৰ একাংশৰ মনোভাৱ প্রকাশ কৰা এই কৌতুকটোক কিন্তু ধেমালিৰ ছলেৰে উলাই কৰি দিব নোৱাৰি। বিশেষকৈ এইবাৰ হ'ব লগা লোকপিয়ল বা চেন্ছাছত এই সম্পর্কে বিশেষ গুৰুত্ব প্রদান কৰিছে। যোৱা ২৯ মাৰ্চত চৰকাৰৰ তৰফৰ পৰা চেনছাছ সম্পর্কীয় যি এফ এ কিউ (ফ্রিকুয়েন্টলি আস্কড কুৱেশ্যন) প্রকাশো পাইছে, তাত দীর্ঘদিন একেই পাৰ্টনাৰৰ সৈতে লিভ-ইন সম্পর্কত থাকিলে আৰু তেওঁলোকে নিজৰ সম্পৰ্কক স্থায়ী বুলি জনালে তেওঁলোকক বিবাহিত যুগল বুলিয়েই বিবেচনা কৰা হ'ব বুলি উল্লেখ কৰিছে। এই ব্যাখ্যাই দুইধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই কৈছে-২০১১ চনত যেতিয়া শেষবাৰ লোকপিয়ল হৈছিল, তেতিয়া লিভ-ইন সম্পৰ্কৰ বৰ এটা প্রচলন নাছিল। এতিয়া কিন্তু পৰিৱেশ সুকীয়া। সেয়ে সামাজিক পৰিৱৰ্তনক মান্যতা দি লিভ-ইন সম্পৰ্কৰ প্ৰসংগই এইবাৰ পিয়লত স্থান লাভ কৰিছে। আন এটা পক্ষই মত দিয়ে, যিসকলে বিয়া কৰিব নোখোজে বা বৈবাহিক সম্পর্কত বিশ্বাসী নহয়, তেওঁলোকক যদি বিবাহিত বুলি ধৰাই হয়, তেনেহ'লে কেনেকৈ বুজা যাব যে কোনসকল প্রকৃততে বিবাহিত আৰু কোনবোৰ 'স্থায়ী' লিভ-ইন সম্পর্কত আছে?
পিয়লত যিয়েই নহওক, কিন্তু পিয়লৰ দৰে গুৰুত্বপূৰ্ণ প্রসংগ এটাত লিভ-ইন সম্পর্কই স্থান লাভ কৰা কথাটোৱে দেশৰ সামাজিক সম্পৰ্কৰ পৰিৱৰ্তন সম্পর্কীয় গুৰুত্বপূর্ণ দিশ এটা মুকলি কৰিছে। এই কথা স্পষ্ট কৰি লোৱা ভাল, ভাৰতীয় আইন অনুসৰি লিভ-ইন সম্পর্ক কোনো অপৰাধ নহয়। দেশৰ উচ্চতম ন্যায়ালয়েও বিভিন্ন গোচৰত ৰায়দান কৰি এই সম্পর্কক বৈধতা প্রদান কৰিছে। ইয়াৰ ভিতৰত ২০১০ চনত খুচবু বনাম কানিয়াম্মাল শীর্ষক ঐতিহাসিক গোচৰত ৰায় দি ন্যায়ালয়ে কৈছিল দুজন প্রাপ্তবয়স্ক লোকে বিবাহপাশত আবদ্ধ নোহোৱাকৈ একেলগে থকাটো কোনো অবৈধ কার্য নহয়। ই সংবিধানৰ ২১নং অনুচ্ছেদ অনুসৰি প্রদত্ত ব্যক্তিগত স্বাধীনতাৰ অংশ। সেইদৰে ২০১৩ চনত চামুন্দাম্মা বনাম কুমাৰ শীৰ্ষক গোচৰতো ন্যায়ালয়ে উল্লেখ কৰে যে যদিহে এহাল পুৰুষ-মহিলা দীর্ঘদিন ধৰি সমাজৰ চকুৰ আগত স্বামী-স্ত্রীৰ দৰে বসবাস কৰে, তেনেহ'লে তেওঁলোকক আইনগতভাৱে বিবাহিত দম্পতীৰ দৰেই মর্যাদা দিয়া হ'ব। তদুপৰি লিভ-ইন সম্পৰ্কত থকা মহিলা আৰু সন্তানৰ সুৰক্ষাৰ বাবে ভাৰতবৰ্ষত শেহতীয়াভাৱে বিশেষ কিছু ব্যৱস্থা সন্নিবিষ্ট হৈছে। ইয়াৰ ভিতৰত ঘৰুৱা হিংসা আইন (২০০৫) বিশেষভাৱে উল্লেখযোগ্য। এই আইনখনৰ ধাৰা ২ (এফ) অনুযায়ী লিভ-ইন সম্পর্কক Relationship in the nature of marriage (বিবাহসদৃশ সম্পৰ্ক) বুলি অভিহিত কৰা হৈছে। সেইদৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি লিভ-ইন সম্পৰ্কৰ পৰা জন্ম হোৱা সন্তান 'অবৈধ' নহয়। তেওঁলোক পিতৃ-মাতৃৰ স্ব-আৰ্জিত সম্পত্তিৰ ভাগ পাবলৈ আইনীভাৱে অধিকাৰী।
এনেবোৰ নীতি-নির্দেশনা তথা আইনী ৰায়ৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে লিভ-ইন সম্পর্কই সমাজত ধীৰে ধীৰে মান্যতা পাবলৈ লৈছে। আনকি হোটেল আদিতো 'কাপ'ল ফ্রেগুলি' ধৰণৰ বিজ্ঞাপনেৰে আইনীভাৱে স্বামী-স্ত্রী নোহোৱা সাবালক পুৰুষ-নাৰীক একেলগে একেটা কোঠাত বাস কৰাৰ অনুমতি দি সমাজৰ দীর্ঘদিনীয়া কিছু ধ্যান-ধাৰণা, সামাজিক নীতি সলনি কৰিছে।
কিন্তু প্রশ্নটো হ'ল-ভাৰতবৰ্ষৰ দৰে সামাজিক-পাৰিবাৰিক সম্পৰ্কত কঠোৰ নীতি-নিয়মত বিশ্বাসী বিষয়ত এখন দেশৰ সমাজ ব্যৱস্থাত লিভ-ইন সম্পৰ্কৰ আগ্রাসনে ইয়াৰ দীৰ্ঘদিনীয়া সামাজিক কাঠামোটো এদিন ভাঙি নিদিবনে? যৌথ পৰিয়াল ভাগি একক পৰিয়ালে সমাজত গা কৰি উঠাৰ পৰিণাম আমি দেখিছোঁ। এতিয়া বিবাহ নোহোৱা হৈ লিভ-ইন সম্পৰ্কৰ সমাজ দেখিম নেকি অনাগত সময়ত? সচেতন লোকৰ মনত শংকা আছে লিভ-ইন সম্পর্কই মেলিব নেকি সমাজত ব্যভিচাৰৰ পোহাৰ? সহজ নহ'ব নে সম্পর্ক ছেদ কৰা কাৰ্য?- এইবোৰ এতিয়া সময়ৰ প্রশ্ন। একে সময়তে এই প্রশ্নও জাগ্ৰত হৈছে-আন্তৰিকতা নথকা, পাৰস্পৰিক শ্ৰদ্ধা নথকা সম্পর্ক এটা কেৱল বিবাহৰ আনুষ্ঠানিক লেবেল লগাই বৰ্তাই ৰাখিব পাৰি জানো? এনে ভুৱা আনুষ্ঠানিক সম্পৰ্কতকৈ আন্তৰিক, শ্রদ্ধেয় লিভ-ইন সম্পর্কই ভালনেকি? প্রশ্ন অলেখ-উত্তৰ হয়তো সময়হে দিব।