এখন চিকিৎসালয় নির্মাণত বাধা

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক : আমাৰ চৌপাশৰ আজিৰ পৰিস্থিতিটো এনেকুৱা যে জনসংখ্যাৰ বিস্ফোৰণ, বতৰ পৰিৱৰ্তন, জীৱন-যাপনৰ ধৰণৰ পৰিৱৰ্তনৰ প্ৰভাৱত ৰোগৰো বিস্ফোৰণ ঘটিছে। বিভিন্ন বাহক ৰোগৰ লগতে হৃদৰোগ, বহুমূত্ৰ ৰোগ, কৰ্কট ৰোগৰ প্রকোপ দিনক দিনে চৰিছে। আন্ত্ৰিক ৰোগ, যকৃতৰ ৰোগ, পিত্ত ৰোগ, মূত্রাশয়ৰ ৰোগ আদিয়েও বহু পৰিয়ালক কেনেকৈ যন্ত্রণা ভোগাইছে, আর্থিকভাৱে জুৰুলা কৰিছে সেয়া প্রত্যেকেই নিজৰ নিকট চৌপাশটোতে দেখি আছে। পৰিৱেশটো দেখিলে এনে ভাব হয় যেন আমি প্রায় সকলোৱেই ৰোগাক্রান্ত হৈ গৈ আছোঁ। ভাল পায় বেলেগ কথা, চিকিৎসালয়ক এৰাই চলাটো এতিয়া প্রায় অসম্ভৱ হৈ পৰিছে। শিশু এটিয়ে জন্মৰ পৰা জীয়াই থকাৰ সংগ্ৰাম কৰিব লগা হয়। আমাৰ ৰাজ্যত কেঁচুৱাৰ মৃত্যুৰ হাৰ ৪৮%। ইয়াৰে আকৌ ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ আৰু এখোপ চৰা- ৫৬%। ৰাজ্যৰ প্ৰায় এক চতুর্থাংশ শিশু ৰক্তহীনতাত ভোগে। গতিকে উপজিয়ে শিশুটি ৰোগৰ পাকচক্ৰত সোমাই পৰে আৰু জীৱন কেইবছৰমান আগতে চলোৱা এটা সমীক্ষাত প্রকাশ পাইছে যে ৰাজ্যৰ জনসংখ্যাৰ ৫১% লোকে চৰকাৰী চিকিৎসালয়বিলাকত চিকিৎসা গ্ৰহণৰ চেষ্টা কৰাৰ বিপৰীতে ৪৮.৫% লোকে ব্যৱহাৰ কৰে ব্যক্তিগত চিকিৎসালয়। যিয়ে যেনেকৈ সংগ্রামত ব্যাধি হৈ পৰে অভিন্ন সংগী। গতিকে অৱধাৰিতভাবে চিকিৎসালয়ো হৈ পৰিছে মানুহৰ জীৱন যাত্ৰাৰ অবিচ্ছেদ্য অংগ। সেই আৱশ্যকতাৰ জোৰা মাৰিবলৈকে চৰকাৰে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বঢ়াই নি আছে। 

প্রতিখন জিলাতে কমেও এখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে চৰকাৰে। কল্যাণকামী ৰাষ্ট্ৰৰ অন্যতম মুখ্য লক্ষ্য হৈছে জনসাধাৰণৰ বাবে স্বাস্থ্য আৰু শিক্ষা সুলভ কৰি তোলাটো। গতিকে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা, দৰিদ্ৰ তথা কম আয়ৰ পৰিয়ালৰ বিনামূলীয়া চিকিৎসাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা, কম দামত ঔষধ পাবৰ বাবে ঠায়ে ঠায়ে জন ঔষধি প্রতিষ্ঠান মুকলি কৰা ধৰণৰ কামবোৰে চৰকাৰৰ কল্যাণকামী চৰিত্ৰৰ প্ৰকাশ ঘটাইছে। কিন্তু জনসংখ্যাৰ বিস্ফোৰণৰ ফলত এইবোৰত সুফল লাভ কৰাটো সকলোৰে বাবে সম্ভৱ এতিয়াও হৈ উঠা নাই। তেনে অৱস্থাত ব্যক্তিগত খণ্ডৰ চিকিৎসা প্রতিষ্ঠানৰ শৰণাপন্ন হ'বলৈ বৃহৎ অংশৰ জনসাধাৰণ বাধ্য হৈছে। জীবন-মৃত্যুৰ সংকটত পৰা বহু ৰোগীৰ বাবে অপৰিহাৰ্য হৈ পৰে এই ব্যক্তিগত চিকিৎসালয়বিলাক। আনহাতে, ৰোগৰ জটিলতা বৃদ্ধি পাই অহাৰ লগে লগে 'ছুপাৰ স্পেচিয়েলিটি' চিকিৎসাৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাই আহিছে। ৰাজ্যৰ চৰকাৰী হস্পিটেলবিলাকৰ সকলোতে যিহেতুকে এই সুবিধা এতিয়ালৈকে গঢ় লৈ উঠা নাই, সেইবাবে এনে চিকিৎসা বিচাৰি ৰাজ্যৰ বাহিৰলৈ গৈ সর্বস্বান্ত হ'ব লগা হয় বহু পৰিয়াল। এনে প্রয়োজনীয়তা পূৰণ কৰিবলৈ ৰাজ্যত কোনো ব্যক্তিগত প্রতিষ্ঠানে যদি 'ছুপাৰ স্পেচিয়েলিটি' চিকিৎসালয় নিৰ্মাণৰ বাবে আগবাঢ়ি আহে, তেনে পদক্ষেপক যিকোনো শুভচিন্তকে আদৰণি জনাব। কিন্তু উজনি অসমৰ এখন আগশাৰীৰ চহৰ যোৰহাটত বিপৰীত ছবি এখন দেখা গ'ল। যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত বিনিয়োগ সম্মিলন 'এডভান্টেজ আছাম ২.০'-ত দাখিল কৰা প্ৰস্তাৱ মৰ্মে ৰাজ্যৰ এটা উদ্যোগী গোষ্ঠীয়ে যোৰহাটত এখন 'ছুপাৰ স্পেচিয়েলিটি' হস্পিটেল নিৰ্মাণৰ বাবে ২০০ কোটি টকা বিনিয়োগৰ এটা প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। কিন্তু তাৰ শাসকীয় শক্তিশালী পক্ষ এটাই কেতবোৰ সৰু সৰু অচিলা উলিয়াই চিকিৎসালয়খন নির্মাণত বাধা প্রদান কৰিবলৈ আৰম্ভকৰে। সময়ত এই বাধাবোৰ ওফৰাই হয়তো চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূর্ণ হৈ উঠিব, কিন্তু ইয়াত বাধা প্ৰদান কৰা চক্ৰটোৰ ভূমিকাহে উদ্বেগজনক। সুৰাৰ দোকান এখন স্থাপনত বাধা দিলে দেখিবলৈ ভাল, কিন্তু চিকিৎসালয় এখনৰ নির্মাণত বাধা দিয়াটো কেনে মানসিকতা! যোৰহাটত থকা চিকিৎসা মহাবিদ্যালয়খন আজিলৈকে স্বয়ংসম্পূর্ণ হৈ উঠা নাই। 

বহু বিভাগৰ বিশেষজ্ঞ চিকিৎসক নাই। যিকেইখন নাৰ্ছিংহোম আছে, তাতো জটিল ৰোগৰ চিকিৎসা প্ৰদানৰ ভাৰসাযোগ্য ব্যৱস্থা নাই। গতিকে চহৰখনত ভাল 'ছুপাৰ স্পেচিয়েলিটি' হস্পিটেল এখন হ'লে জটিল ৰোগত আক্রান্ত ৰোগীৰ বাবে ই ভৰসাৰ স্থলী হৈ উঠাৰ সম্ভাৱনা থাকিব। এনে উদ্যোগৰ বিৰোধিতা কৰাসকলক ৰাইজে চিনি ৰখা উচিত। আগতেই উল্লেখ কৰা হৈছে যে আমাৰ ৰাজ্যৰ ৪৮.৫% লোকেই ব্যক্তিগত চিকিৎসাৰ ওপৰত নিৰ্ভৰশীল। গতিকে ব্যক্তিগত চিকিৎসালয়ক নস্যাৎ কৰাৰ এতিয়া উপায় নাই। এইবিলাক কেনেকৈ ৰোগীৰ বাবে নিৰাপদ হৈ থাকে
তাৰ ব্যৱস্থাহে লোৱা উচিত। ৰোগীৰ দুৰ্দশাৰ সুযোগ লৈ কিছুমান ব্যক্তিগত চিকিৎসালয়ে লুণ্ঠনৰ জাল মেলে। এইবিলাকৰ ওপৰতহে কঠোৰ দৃষ্টি ৰখা উচিত। প্রয়োজনীয় চিকিৎসালয় এখন প্রতিষ্ঠাত বাধা প্রদান কৰাসকলক সমাজৰ শুভচিন্তক বুলি ক'ব নোৱাৰি।

Share This