আজিৰ সম্পাদকীয়, ৰাজনৈতিক অপ-সংস্কৃতি

dainik janambhumi April 17, 2026

ডিজিটেল ডেস্ক: কথা এষাৰ আছে, গণতন্ত্ৰত আইনে শাসন কৰে ঠিকেই... কিন্তু ক্ষমতাৰ ৰাজনীতিয়েহে সকলো নিয়ন্ত্ৰণ কৰে। ৰাজনীতি মানুহৰ বাবে ৰাজনীতিৰ বাবে মানুহ নহয়। 

ক্ষমতাৰ ৰাজনীতিত ক্ষমতা লাভৰ বাবে বিভিন্ন দলে চেষ্টা কৰে, তাৰ বাবে প্রবল প্রতিযোগিতা-প্রতিদ্বন্দ্বিতা হয়। নিৰ্বাচনৰ জৰিয়তে জয়-পৰাজয় নির্ধাৰণ হয়। যিহেতু জনপ্রতিনিধি নির্বাচন গণতন্ত্ৰৰ এটা আধাৰ, সেই বাবেই বৰ্তমান ক্ষমতাৰ ৰাজনীতি নিৰ্বাচনমুখী হৈ পৰিছে। বৰ্তমান ভাৰতৰ প্রধানমন্ত্রী, গৃহমন্ত্ৰীৰ প্ৰধান কাম-কাজৰ ভিতৰত অন্তৰ্ভুক্ত হৈ পৰিছে বিভিন্ন ৰাজ্যত হৈ থকা বা হ'ব লগা বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে নিজ দলৰ বিজয় সাব্যস্ত কৰা আৰু ক্ষমতা দখল কৰা। তাৰে বাবে ৰাষ্ট্ৰযন্ত্ৰৰ বিভিন্ন অংশসমূহ, সংবাদ মাধ্যম আৰু আন চৰকাৰী-বেচৰকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰিব খোজা হৈছে। ইয়াৰ তীব্র ক্রিয়া-প্রতিক্রিয়া হোৱাটো নিতান্তই স্বাভাবিক। কিন্তু ইয়াৰ ফলত সমগ্ৰ দেশত গা কৰি উঠিছে এটা জনবিৰোধী ৰাজনৈতিক অপসংস্কৃতি। নির্বাচনত জয়লাভৰ আহিলা হৈ পৰিছে ধনবল বাহুবল, প্ৰৰোচনা-প্রলোভন, সাম্প্রদায়িক ঘৃণা ইত্যাদি। 

দেশৰ শিক্ষিত সচেতন সমাজে এই ক্ষেত্রত কোনো সক্রিয় ভূমিকা নোলোৱা বাবেই ধনৱন্ত ৰাজনৈতিক নেতাসমূহে যিকোনো প্ৰকাৰে ক্ষমতা দখলৰ স্বাৰ্থত এনে কিছুমান বক্তব্য নিঃসংকোচে আগবঢ়াই আহিছে যাৰ ফলত আমি যে এখন সভ্য সমাজৰ বাসিন্দা, সেই কথা দাবী কৰিবলৈ সংকোচ কৰিব লগা হৈছে। ক্ষমতাৰ ৰাজনীতিত, নিৰ্বাচনৰ পটভূমিত অভিযোগ-প্রতি অভিযোগ এটা দলে আন এটা দলৰ বিৰুদ্ধে উত্থাপন কৰাটো সাধাৰণ কথা। আগৰে পৰাই অভিযোগ-প্রতি অভিযোগৰ এই পৰম্পৰা চলি আহিছে। এইবাৰো নিৰ্বাচনৰ সময়তে সৰ্বভাৰতীয় কংগ্ৰেছৰ মুখপাত্ৰজনে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কিছুমান দুর্নীতিৰ অভিযোগ তোলে। 

যিকোনো অভিযোগৰে সত্যতা নির্ণয় হয় যথোচিত তদন্তৰ জৰিয়তে। ইয়াৰ পূর্বেও কেন্দ্রত ইউ পি এ চৰকাৰ থাকোঁতে প্রধানমন্ত্রী ড° মনমোহন সিং প্রমুখ্যে একাংশ মন্ত্ৰীৰ বিৰুদ্ধে টু-জি কেলেংকাৰি, কয়লা কেলেংকাৰি, কমনবেলথ গেম কেলেংকাৰি আদিৰ অভিযোগ উঠিছিল। সেই চৰকাৰে এটা পর্যায়লৈ তাৰ খণ্ডনো কৰিছিল। কিন্তু কেতিয়াও অভিযোগকাৰীক গালি-শপনি দিয়া নাছিল। গ্ৰেপ্তাৰৰ ভাবুকি দিয়া নাছিল। অভিযোগকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ দলো প্ৰেৰণ কৰা নাছিল। পৰৱৰ্তী কালত নৰেন্দ্ৰী মোদী চৰকাৰৰ দিনতেই চি বি আইৰ বিশেষ আদালতে টু-জি স্পেকটার্ম কেলেংকাৰিৰ নামত উত্থাপন হোৱা অভিযোগ ভিত্তিহীন বুলি প্রতিপন্ন কৰি অভিযুক্তসকলক গোচৰমুক্ত কৰে। সেয়েহে অভিযোগ দিয়া মানেই অপৰাধী সাব্যস্ত হোৱা নহয়, তাৰ যথাযথ তদন্তলৈ বাট চাব লাগিব। কিন্তু অভিযোগকাৰীয়ে যাৰ বিৰুদ্ধে অভিযোগ কৰে, সেই পক্ষসমূহে যদি মাত্রাধিক প্রতিক্রিয়া কৰে, উত্তেজিত হৈ উঠি শালীন-অশালীন বিচাৰ নকৰি যিহকে তিহকে ক'বলৈ আৰম্ভ কৰে, তেন্তে সেই ক্ষেত্রত মানুহৰ মনত সন্দেহৰহে উদ্রেক হয়।

ভাৰতৰ সংবিধানে এগৰাকী প্রাপ্তবয়স্ক নাগৰিকক কোনো ৰাজনৈতিক দলত যোগদান কৰা, নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ দিছে। কোনো এটা দলত যোগদান কৰা বাবে আন এটা দলৰ নেতাই তেনে প্রার্থীক অসন্মান কৰা বা তেওঁৰ পৰিয়ালৰ আন সদস্যৰ প্ৰতি অশোভনীয় আচৰণ কৰাটো নিন্দনীয় কাৰ্য। ভাৰতৰ সভ্যতা-সংস্কৃতিৰো পৰিপন্থী। মানুহৰ খাদ্য-অখাদ্য, ৰুচি-অভিৰুচিক ব্যংগ-বিদ্রূপ কৰা, তাৰ বাবে কোনো ব্যক্তিক ভর্ৎসনা-গৰিহণা দিয়াটো ৰাজনৈতিক অপসংস্কৃতিৰহে লক্ষণ। অথচ অসমত অলপতে অন্ত পৰা বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ সভা, কাৰ্যক্ৰমণিকাত এনে অবাঞ্ছিত বহু ঘটনা ঘটিল। বিশেষকৈ আমাৰ পুৰুষপ্রধান ৰাজনৈতিক ব্যৱস্থাত যি দুই- এগৰাকী মহিলা-যুৱতী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াই ভাৰতৰ ৰাজনীতিত মহিলাৰ উত্থানৰ এটা নতুন অধ্যায়ৰ শুভাৰম্ভ ঘটাব খুজিছে- সেই যুৱতীসকলক যদি কোনো শক্তিশালী পুৰুষ প্রার্থীয়ে ৰুচিবহির্ভূতভাৱে আক্রমণ কৰে, অনুভূতিত আঘাত লগা ধৰণৰ কথা কয়, তেন্তে সেয়া নির্বাচনী ৰাজনীতিত সীমাবদ্ধ নাথাকে। তাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হয়। ভাৰতৰ ৰাজনীতিত অপৰাধ জগতৰ লোক, মাফিয়াধর্মী বাহুবলীৰ প্ৰভাৱ ক্ৰমশঃ বৃদ্ধি পোৱা মানে বিশ্বৰ চকুত ভাৰতীয় ৰাজনীতিৰ ভাবমূর্তি অৱমাননা হোৱা। আৱেগ-উত্তেজনা আৰু ক্ষমতাৰ নিচাত এচাম নেতাই কৰা কাৰ্যই দেশৰ জনতাক লজ্জিত কৰিছে। 

ধন-ক্ষমতাৰে বলীয়ানসকলৰ এনে অমার্জিত আচৰণ আৰু বচনৰ বিৰুদ্ধে মাত মাতিলেও নানা ধৰণৰ হাৰাশান্তি হোৱাৰ ভয়। কিন্তু নীৰৱতাৰো ভাষা থাকে। দুর্দিন চিৰকাল নাথাকে। মানুহৰ মনত জন্ম হোৱা ক্ষোভ ক্ৰমশঃ ঘৃণালৈ পৰিৱৰ্তিত হয়। কেতিয়াবা তাৰ বিস্ফোৰণো ঘটিব পাৰে। নিৰ্বাচনৰ জয়-পৰাজয়েই শেষকথা নহয়। মুক্ত আৰু নিকা নির্বাচন সম্পন্ন হোৱাত আজিৰ ভাৰতত নানা প্রত্যাহ্বান আহি পৰিছে- ৰাইজ লাহে লাহে সেই বিষয়ত সজাগ হৈছে। কোনো সুস্থ আৰু শুভ বুদ্ধিসম্পন্ন লোকে ৰাজনৈতিক অপসংস্কৃতিক মান্যতা দিব নোৱাৰে।

Share This