আজিৰ সম্পাদকীয়, প্রবীণক সন্মান

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক: বৃদ্ধ মাক-দেউতাকক ৰাজপথত এৰি থৈ যোৱা, বৃদ্ধ মাক-দেউতাকক ঘৰত অকলে থাকিবলৈ বাধ্য কৰোৱা, পিতৃ-মাতৃৰ কোনোধৰণৰ যত্ন নোলোৱা বৰঞ্চ অৱজ্ঞা, অৱহেলা কৰা আদি ধৰণৰ অবাঞ্ছিত সংবাদ বিগত কিছু বছৰত প্ৰচাৰ হৈছে যথেষ্ট। এইবোৰ সংবাদে সকলো সচেতন মানুহকে ভবাই তোলে। 

ভাৰতবৰ্ষত নাগৰিকৰ গড় আয়ুস বাঢ়িছে, সেই গতিত বাঢ়িছে প্রবীণ লোকৰ সংখ্যাও। কিন্তু পৰিয়াল, সমাজ, স্বাস্থ্য ব্যবস্থা তথা প্রশাসন সেই অনুপাতে প্রস্তুতনে? সাজু নে বর্ধিত প্রবীণৰ যথাযোগ্য সেৱা-শুশ্রূষা, আদৰ-যত্নৰ বাবে? বহু প্রবীণ লোক অকলশৰে থাকে, অনেকৰ সন্তান থাকে আঁতৰত, আকৌ কোনোবা একেই চালিৰ তলত, একেই ঘৰত থাকিও পৰিয়ালৰ পৰা হৈ পৰে বিচ্ছিন্ন, একালত তেওঁৰ নিয়ন্ত্ৰণত চলা পৰিয়ালটোৰ এতিয়া কোনো সিদ্ধান্ত গ্রহণত তেওঁৰ নাথাকে কোনো ভূমিকা। কোনোবা হয়তো আর্থিকভাৱে নিৰ্ভৰশীল, কোনোবা শাৰীৰিকভাৱে, কোনোবা আকৌ ডিমেনছিয়া বা আন স্বাস্থ্যজনিত কাৰণত নিজৰ কষ্টও প্রকাশ কৰিব নোৱাৰে। কি অসহনীয়!

বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক প্রতিবেদনত অত্যন্ত স্পৰ্শকাতৰ বিষয় এটা প্রকাশ হৈছে। সেই প্রতিবেদন অনুসৰি, বিগত এবছৰত প্ৰতি ৬জন প্রবীণ লোকৰ মাজত এজন যিকোনো ধৰণেৰে নিৰ্যাতনৰ চিকাৰ হৈছে। কিন্তু এই তথ্যতকৈও স্পৰ্শকাতৰ বিষয়টো হৈছে নীৰৱতা। লাজ, ভয়, অপমান, পাৰিবাৰিক সম্পৰ্ক নষ্ট হোৱাৰ ভয় অথবা তেওঁলোকৰ কথানো কোনে গুৰুত্ব দিব বুলি ভাবি অধিকাংশ প্রবীণ লোকেই নিজৰ স্থিতি সম্পৰ্কত সততে কোনো অভিযোগ নকৰে, নিদিয়ে কোনো ওজৰ-আপত্তি। তেওঁলোকে মাথোঁ নীৰৱে সহি থাকে সকলো লাঞ্ছনা, অৱহেলা, অপমান।

ভাৰতৰ সামাজিক আৰু পাৰিবাৰিক সংস্কৃতিত শেহতীয়াকৈ মানসিকতাৰ এক পৰিৱৰ্তন চকুত পৰা হৈছে। একালত গুৰুত্বপূৰ্ণ পাৰিবাৰিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰবীণ সদস্যৰ মতামত গ্ৰহণ কৰা, অধিক স্পষ্টকৈ ক'লে তেওঁলোকৰ মতামত মতেই চলাটো একালত প্রতিটো পৰিয়ালৰ দস্তুৰ আছিল। সেয়া আছিল সামাজিক আচৰণ। এতিয়া সেইধৰণৰ আচৰণ প্ৰায় নোহোৱাৰ দৰেই। অনেক পৰিয়ালত প্রবীণ সদস্য থাকিলেও সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোক প্রায়ে উপেক্ষিত, কার্যতঃ বিচ্ছিন্ন। তেওঁলোকৰ অভিজ্ঞতা, মতামত আৰু পৰামৰ্শৰ মূল্য পূৰ্বৰ তুলনাত বহুখিনি কমি গৈছে। প্রত্যক্ষভাৱে এয়া হয়তো নির্যাতন বুলিব নোৱাৰি, কিন্তু সামাজিক আৰু মানসিকভাৱে এজন প্রবীণ লোকক গুৰুত্বহীন কৰি অনাটো এক প্ৰকাৰৰ মানসিক নির্যাতন তেওঁৰ বাবে। 

আচলতে বয়স বঢ়াৰ লগে লগে শাৰীৰিকভাৱে মানুহ এজন দুর্বল, কম সক্ষম হৈ আহিলেই মানুহজন কম প্রয়োজনীয় বা সিদ্ধান্ত, পৰামৰ্শ দিয়াৰ অযোগ্য বুলি একাংশই বিবেচনা কৰে। তাতে যদি মানুহজন আর্থিকভাৱে স্বাৱলম্বী নহয়, সন্তানৰ ওপৰত আর্থিকভাৱে নিৰ্ভৰশীল হয় তেনেহ'লেতো কথাই নাই! ভাবি লোৱা হয় লাহে লাহে দুর্বলভাৱে খোজ দিয়া মানুহজনে বুজে-ভাবেও লাহে লাহে, সিদ্ধান্তও দিয়ে দুর্বলভাৱে। আৰু সকলোতকৈ বেদনাদায়ক সত্যটো হ'ল প্রবীণ লোকজনৰ প্ৰতি এই অৱহেলা, অৱজ্ঞা ভৰা মানসিক পীড়ন সাধাৰণতেই আৰম্ভ হয় পৰিয়ালৰ ভিতৰৰ পৰাই। কিন্তু একে সময়তে বাস্তৱ সত্যও এইটো যে অধিকাংশ ক্ষেত্রতে এই অৱহেলা-অৱজ্ঞা ইচ্ছাকৃতভাৱে আৰম্ভ নহয়, ইয়াৰ আঁৰত প্ৰায়ে থাকে নিগনি চঞ্চল জীৱনৰ জীৱন-জীৱিকাৰ হেঁচা, অজ্ঞতা, মানসিক ক্লান্তি ইত্যাদি। এজন ৰুগ্ন, শাৰীৰিকভাৱে অক্ষম বা নিৰ্ভৰশীল ব্যক্তিক আলপৈচান ধৰাটো সহজ কামো নহয়। অন্তৰত শ্রদ্ধা-মৰম থাকিলেও মানসিক প্রস্তুতি, সঠিক প্রশিক্ষণ, আর্থিক তথা আন্তঃগাঁথনিমূলক সকাহ নাথাকিলে প্রবীণজনৰ প্ৰতি ভুল সিদ্ধান্ত লোৱাৰ বা অবহেলা-অৱজ্ঞাৰ বাট খোল খোৱা সহজ হৈ পৰে।

কিন্তু সমস্ত অজুহাত একাষৰীয়া কৰি থৈয়ো ক'ব লাগিব দেশৰ প্ৰবীণ নাগৰিকসকলে কেৱল সেৱাই নহয়, তেওঁলোকৰ প্ৰাপ্য মর্যাদা, নিৰাপত্তা আৰু সন্মান পাবই লাগিব, সমাজে ইয়াক নিশ্চিত কৰিব লাগিব। কাৰণ এখন সভ্য আধুনিক সমাজ বুলি ক'লে সেই সমাজত প্রবীণ নাগৰিকসকলৰ স্থিতি কেনেকুৱা, সেয়া সদায়েই এক বিচাৰ্যৰ বিষয় হৈ ৰ'ব। তদুপৰি সকলোৱে মনত ৰখা ভাল, আজিৰ নবীন প্রজন্মই যিধৰণৰ সমাজ এখন গঢ়ি তুলিব, পৰৱৰ্তী সময়ত অর্থাৎ তেওঁলোকৰো প্রবীণ বয়সত সেইখন সমাজতেই বাস কৰিব। সেয়ে প্রবীণসকলক সম্মান, মর্যাদা দিয়া মানে নিজৰ ভৱিষ্যতৰ বাবেও সন্মান, মৰ্যাদাৰ ভেটি বন্ধা।

প্রসংগতে উল্লেখযোগ্য যে প্রবীণ নাগৰিকৰ দেখা-শুনাৰ বাবে কেইমাহমান আগতে কেৰালা চৰকাৰে এটা প্রশাসনিক বিভাগ আৰম্ভ কৰিছে। তেওঁলোকে দাবী কৰা মতে, ভাৰতত এই ধৰণৰ এইটোৱেই প্রথম বিভাগ, য'ত প্রবীণসকলৰ নিয়মিত সেৱা-শুশ্রূষাৰ পৰা দৈনন্দিন খা-খবৰ ৰাখিবৰ বাবে কর্মী নিয়োগ কৰিছে বিভাগটোৱে। শিশুৰ যত্নৰ বাবে সমাজে যিমান গুৰুত্ব দিয়ে প্রবীণসকলৰ যত্নৰ বাবে সমাজে কিন্তু সততে সেই পৰ্যায়ৰ গুৰুত্ব নিদিয়ে। কেৰালা চৰকাৰৰ এই উদ্যোগ হয়তো উত্থাপিত অভিযোগৰ বিৰুদ্ধে এক প্রত্যুত্তৰ চেষ্টা। সময়ে ক'ব এই প্রচেষ্টা কিমান সফল হৈছে।

Share This