ডিজিটেল ডেস্ক : পার্থিৱ জীৱন আৰু জগতৰ সীমাবদ্ধতা, মানৱ জীৱনৰ অস্থায়িত্ব, সকলা দুখ-দুর্দশাৰ ঊর্ধ্বৰ এখন অপার্থিৱ-আধ্যাত্মিক জগতৰ সন্ধান আমাক ধর্মই দিয়ে। সকলা ধৰ্মৰে মৌলিক বিষয় প্রায় একে। পার্থক্য কেৱল আচাৰ-আনুষ্ঠানিকতা আৰু উপাসনা পদ্ধতি আদিত। ধৰ্মৰ লগত নৈতিকতাও যুক্ত হৈ থাকে। মানুহৰ আচাৰ-আচৰণৰ অন্তৰালৰ এটা প্ৰধান কাৰক হ'ল মানুহৰ জৈৱিক প্রবৃত্তিসমূহ। আহাৰ, নিদ্রা, মৈথুন হ'ল মানুহৰ পাৰ্থিৱ জীৱনৰ নিয়ন্ত্রক।
জৈৱিক প্রবৃত্তি, যেনে- কাম, ক্রোধ, লোভ, মোহ আদিক যদিহে নিয়ন্ত্ৰণ কৰা নাযায়, তেন্তে মানুহৰ পক্ষে সভ্য আৰু সামাজিক জীৱন যাপন কৰাটো সম্ভৱ নহ'ব। সেয়েহে বিশ্বৰ সকলো ধৰ্মৰ সকলো ধৰ্মগুৰু তথা ধৰ্ম প্ৰচাৰকে মূলতঃ মানুহৰ জৈৱিক প্ৰৱণতা-ৰিপুসমূহক নিয়ন্ত্ৰণ কৰাত অধিক গুৰুত্ব দিছে। সকলো ধৰ্মৰ ধৰ্মশাস্ত্ৰসমূহতে এনেবোৰ শিক্ষাক ঈশ্বৰৰ বাণী ৰূপে ব্যাখ্যা কৰা হৈছে। কিন্তু এনে শিক্ষা-উপদেশ আৰু পৰামৰ্শ সত্ত্বেও মানুহে নিজৰ ভিতৰৰ নেতিবাচক প্ৰৱণতাসমূহ নিয়ন্ত্ৰণ কৰিব পৰা নাই। তাৰ ফলত সমাজত নানা সংঘাত, বিভেদ, ঘৃণা, বিদ্বেষৰ সৃষ্টি হৈছে। সামাজিক শান্তি বিঘ্নিত হৈছে। ধর্ম হ'ল মানৱ সমাজৰ সবাতোকৈ সংবেদনশীল আৰু প্ৰভাৱশালী বিষয়। যুগ যুগ ধৰি ধৰ্মগুৰুসকলে দিয়া শিক্ষাই যেন মানুহক পৰিশীলিত, সভ্য আৰু মাৰ্জিত কৰিব পৰা নাই।
বিশ্বৰ প্ৰাচীনতম ধৰ্মৰূপে পৰিচিত হিন্দু ধৰ্মত ধৰ্মগুৰুৰ সংখ্যাও অধিক। ধর্মগ্রন্থৰো সংখ্যা তুলনামূলকভাবে আন ধর্মতকৈ বেছি। ঋষি-মুনি, ৰাজপুৰুষ, ভগৱানৰ বিভিন্ন অৱতাৰৰ মুখেৰে নানা বাণী নির্গত হৈছে। সেই সকলোতে পার্থিব জীৱনতকৈ আধ্যাত্মিক জীৱনৰ ওপৰত অধিক আস্থা স্থাপন কৰা হৈছে। তাৰ বাবে প্রয়োজনত ইহ জীৱনৰ সুখ, ভোগ, আনন্দ আদিক ত্যাগ কৰিবলৈও আহ্বান জনোৱা হৈছে। তেনে কাহিনী আৰু দৃষ্টান্তও আমাৰ শাস্ত্ৰসমূহত সহজলভ্য। আদি শংকৰাচাৰ্যই একমাত্র ব্রহ্মহ্মক সত্য ৰূপে গ্রহণ কৰি পাৰ্থিৱ জগতক মায়া বুলি অভিহিত কৰিছে। উপনিষদসমূহেও অপার্থিৱ আধ্যাত্মিক জগতখনকহে প্রকৃত সত্য বুলি কৈছে।
জীৱাত্মা-পৰামাত্মাৰ অদ্বৈত ভাবৰ কথা কৈছে। ধন, সোণ, মণি, মুক্তা আদি মূল্যৱান পার্থির বস্তুৰ প্ৰতি নির্মোহ হোৱাৰ শিক্ষা দিছে। কিন্তু তাৰ বিপৰীতে বাস্তৱত আমি কি দেখিছোঁ? বিভিন্ন মঠ-মন্দিৰ, বিখ্যাত তীর্থ আৰু উপাসনাস্থলত সেৱা-উপাসনা কৰাসকলে ঈশ্বৰৰ বিগ্ৰহৰ প্ৰতি উছৰ্গা কৰে বৃহৎ পৰিমাণৰ ধন-সোণ, মণি-মুক্তা আদি। এনেদৰে বছৰে বছৰে সংগৃহীত ধন-সোণৰ পৰিমাণ বাঢ়ি গৈ থাকে। যদিও সেইবোৰ পৰিচালনাৰ বাবে ন্যাস থাকে, তেনে ন্যাস আৰু ন্যাসৰক্ষকসকলৰ ভূমিকা আৰু আনুগত্য সন্দেহ বা বিতৰ্কৰ ঊর্ধ্বত নহয়।
আধ্যাত্মিকতাৰ লগত পার্থিব সম্পদ কেতিয়াও সংগতিপূর্ণ নহয়। বিশ্বৰ আন কোনো ধৰ্মৰে ধৰ্মানুষ্ঠানত এনেদৰে ইমান বিপুল পৰিমাণৰ ধন-সোণ জমা নহয়। য'তেই বৃহৎ পৰিমাণৰ ধন-সম্পদ একত্রিত হয়, তাতেই অনিয়ম-দুর্নীতিৰ সম্ভাৱনা থাকে। আমাৰ ধৰ্মৰ ভাষাত 'কলি' লম্ভে। বর্তমান সেয়ে হৈছে। যোৱা প্ৰায় কেইবাবছৰ ধৰি ভাৰতৰ হিন্দুসকলৰ প্ৰাচীন আৰু প্ৰসিদ্ধ ধৰ্মস্থানৰ পৰা ধন-সোণ নোহোৱা হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। এতিয়া সেই কথা চৰকাৰীভাৱে স্বীকৃত কেলেংকাৰিত পৰিণত হ'ল। ৰাম জনমভূমি মন্দিৰ, কেদাৰনাথ মন্দিৰ, বদ্রীনাথ মন্দিৰ আদি হিন্দুসকলৰ অতি পৱিত্ৰ বুলি পৰিগণিত তীর্থস্থানত হাজাৰ হাজাৰ কোটি টকা আৰু সোণ-ৰূপ, হীৰা-মুকুতাৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ বাতৰিয়ে কেৱল ভাৰতবৰ্ষকে নহয়, বিশ্বৰ আন ঠাইতো আলোড়নৰ সৃষ্টি কৰিছে। মানুহে আশ্চর্য প্রকাশ কৰিছে। ৰাইজৰ দুঃচিন্তাৰ আন এটা প্ৰধান কাৰণ হ'ল এতিয়া দেশ এনে এটা ৰাজনৈতিক দলৰ তত্ত্বাৱধানত আছে, যাৰ শাসনলৈ অহাৰ প্রধান প্রতিশ্রুতিয়েই আছিল হিন্দু ধর্মানুষ্ঠান, তীর্থ আদিক সুৰক্ষিত কৰা। কিন্তু এতিয়া প্রতিশ্রুতিৰ বিপৰীত কাৰ্যহে হ'ল। তদুপৰি ৰাম মন্দিৰৰ ন্যাসত এনে ব্যক্তিয়েই আছিল, যিসকল প্রধানমন্ত্রী, গৃহ মন্ত্ৰীৰ অত্যন্ত বিশ্বস্ত আৰু ঘনিষ্ঠ। এতিয়া প্রশ্ন উঠে- ভক্তিভাব আৰু আধ্যাত্মিক চিন্তাৰ প্ৰভাৱে এচাম তথাকথিত ধার্মিক লোকক এতিয়াও লোভ-মোহ-লালসা আদি প্রবৃত্তিৰ পৰা মুক্ত কৰিব পৰা নাই নেকি?
প্রাচীন তথা মধ্য যুগত বিদেশী আক্রমণকাৰীয়ে ভাৰতৰ মন্দিৰকে ধৰি বিভিন্ন তীর্থস্থান লুট কৰাৰ অন্তৰালত যে হিন্দু ধর্ম বিদ্বেষতকৈ সম্পদৰ প্ৰতি লোভেহে অধিক ক্রিয়া কৰিছিল, সেই কথা অস্বীকাৰ কৰা নাযায়। ৰাজভঁৰালত ধন, সোণ, সম্পদ জমা থকাটো সাধাৰণ কথা। কিন্তু কোনো মন্দিৰেই ধন-সম্পদ জমা ৰখা ভঁৰাল নহয়। মন্দিৰৰ পূজা-অৰ্চনা পৰিচালনাৰ লগত জড়িত একাংশ লোকে চোৰৰ ভয়ত মন্দিৰৰ কোনো গোপন স্থানত জমা ৰখা এই সম্পদৰ বিষয়ে হয়তো চোৰাংচোৱাযোগে বিদেশ আক্রমণকাৰীয়ে জানিব পৰিছিল।
বর্তমান ভাৰতবৰ্ষ যে এটা বিশেষ অর্থনৈতিক সংকটৰ মাজেৰে আগবাঢ়িব লগা হৈছে, সেই কথা এতিয়া গোপন হৈ থকা নাই। দেশৰ বৈদেশিক ঋণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। মন্দিৰসমূহত যিখিনি ধন-সোণ জমা আছিল-চৰকাৰে ঋণ হিচাপে লৈ দেশৰ উন্নয়নত তাৰ ব্যয় কৰাৰ স্থল আছিল। এই ধন-সম্পদ চুৰি কাৰ্যৰ যথোচিত তদন্ত হ'ব লাগে। মন্দিৰক সম্পদ চুৰিৰ কেন্দ্ৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয়কৰণ হ'ব পাৰে।