আজিৰ সম্পাদকীয়, আঁচনিৰ চমক আৰু দামবৃদ্ধি

dainik janambhumi December 17, 2025

ডিজিটেল ডেস্ক: ইখনৰ পাছত সিখনকৈ আঁচনিৰে চৰকাৰে চমক দি থকাৰ সময়তে ৰাজ্যৰ জনতাক নানা সমস্যাই জলা-কলা খুৱাইছে। ৰাজ্যৰ জনগণে মুখামুখি হোৱা কেইবাটাও সমস্যাৰ ভিতৰত প্ৰথম সমস্যাটো হ'ল অভাৱনীয় হাৰত বৃদ্ধি হোৱা সেৱা সামগ্ৰীৰ মূল্য। আনকি মূল্যবৃদ্ধিয়ে সর্বকালৰ অভিলেখ পর্যন্ত ভংগ কৰিছে। 

এনে বহু সেৱা-সামগ্রীও আছে যিবোৰৰ ১৫০ শতাংশ পর্যন্ত মূল্যবৃদ্ধি হৈছে। দুবছৰ পূৰ্বৰ চাউলৰ দাম আৰু আজি সেই একে চাউলৰে দামৰ মাজত আকাশ-পাতাল পার্থক্য। দাইল-চেনি-মিঠাতেলৰ পৰা ৰন্ধন গেছলৈ পাকঘৰৰ সকলো সামগ্ৰীৰ দাম হোৰাহোৰে বাঢ়িল। মিঠাতেলৰ দাম এতিয়া প্রতিলিটাৰত আঢ়ৈশ টকা। এযোৰ কণীৰ মূল্য ১৮-১৯ টকা। গাখীৰৰ প্রতি লিটাৰত ৭০ টকা। শাক-পাচলিৰ মূল্যও ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ঔষধৰ দাম পূৰ্বতকৈ কেইবাগুণো বাঢ়িল। জীৱনদায়িনী কিছুমান ঔষধৰ দাম ভয়ংকৰভাৱে বৃদ্ধি হৈছে। এতিয়া এনেকৈ বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ হেঁচাত সাধাৰণ জনতাই দিক-বিদিক হেৰুৱাব লগা হৈছে। নক'লেও হ'ব, সকলো সামগ্ৰীৰ দামবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন-যাপনত কিমান প্রত্যাহ্বান আনিছে। সীমিত উপাৰ্জনৰ পৰিয়াল এটিৰ বাবে মৌলিক সমস্যাবোৰ পূৰণ কৰি দৈনন্দিন খৰচৰ জোৰা মৰাটো সহজসাধ্য হৈ থকা নাই। দিনক দিনে খাদ্য সামগ্ৰীৰ দামবৃদ্ধি, পেট্রলজাত সামগ্ৰীৰ দামবৃদ্ধি, ৰন্ধন গেছৰ পৰা জীৱনদায়িনী ঔষধলৈ সকলোৰে দামবৃদ্ধি ঘটিছে। নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ বিপৰীতে মানুহৰ উপাৰ্জন সেই হাৰত বাঢ়িছেনে? নাই বঢ়া। বৰঞ্চ সংস্থাপনৰ অভাৱত প্রতি পৰিয়ালত নিবনুৱাৰ সংখ্যাহে বাঢ়িছে। 

২০১৪ চনৰ লোক সভাৰ নিৰ্বাচনত বিজেপিৰ মূল ইছ্যুটোৱেই আছিল মূল্যবৃদ্ধি ৰোধ কৰা। মূল্যবৃদ্ধিক এক ডাঙৰ সমস্যা বুলি কোৱা বিজেপিয়ে শাসনত বহিয়েই নিজে মূল্যবৃদ্ধিত অৰিহণাহে যোগালে। অত্যাৱশ্যকীয় প্রতিবিধ সামগ্ৰীৰ ঊর্ধ্বমুখী দাম নিয়ন্ত্ৰণ কৰি ৰাইজক সকাহ দিয়াৰ প্ৰতিশ্রুতি বিজেপিয়ে দিছিল। কিন্তু বিজেপি চৰকাৰৰ আমোলত দামবৃদ্ধিয়ে অভিলেখহে গঢ়িলে। চৰকাৰে আঁচনি লৈছে ছাত্র-ছাত্রীক চাইকেল-স্কুটী দিবলৈ। কেৱল সেয়াই নহয়, সেইবোৰ দিবলৈ বনাইছে বিয়াগোম বিয়াগোম পেণ্ডেল। তাৰ একোটা পেণ্ডেলৰ মূল্য দুই-তিনি কোটি টকা পর্যন্ত হয়। কিমান যে কোটি টকা এইবোৰত অকাৰণতে খৰচ কৰা হৈছে। এইবোৰ হৈছে কেৱল ক্ষমতাত বর্তি থাকিবৰ বাবে কৰা ৰাজহুৱা ধনৰ অপচয়। দামবৃদ্ধিত ৰাইজ ককাই থকাৰ সময়তে আকৌ চৰকাৰৰ নেতা-পালিনেতাৰ উপহাসভৰা মন্তব্য। এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ শাসনৰ গাদীত অধিষ্ঠিত হৈও চৰকাৰখনে মূল্যবৃদ্ধিৰ বিষয়টো সমপূৰ্ণৰূপে আওকাণ কৰিহে আহিছে। এনেকৈ মূল্যবৃদ্ধি হোৱাৰ মূল কাৰণটোৱেই হৈছে জনগণৰ মন ভাল লগাবলৈ গ্ৰহণ কৰা কিছুমান অপ্রয়োজনীয় তথা অবান্তৰ আঁচনি। এই আঁচনিবোৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে বৃহৎ পৰিমাণৰ ধন।

এতিয়া কথা হ'ল চৰকাৰে বস্তুৰ ঊর্ধ্বমুখী দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিয়? দাইলৰ দামবৃদ্ধিৰ, মিঠাতেলৰ দামবৃদ্ধিৰ মুখ্য কাৰণ কি? কৃষিজাত যিকোনো খাদ্য সামগ্ৰীৰ দামবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে দূৰদৃষ্টিৰে উচিত পদক্ষেপ ল'ব পাৰে। এইক্ষেত্ৰত চৰকাৰৰ ভিজন থকা উচিত। কিন্তু তেনে কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই। সৰিয়হ উৎপাদন কম হোৱা বাবে মিঠাতেলৰ দামবৃদ্ধি পোৱা বুলি এসময়ত আমাৰ ৰাজ্যৰ দায়িত্বশীল মন্ত্ৰীয়ে মন্তব্য কৰিছিল। কিন্তু শেহতীয়াভাৱে অসমতে বহু পৰিমাণে সৰিয়হ উৎপাদন হৈছে। সেই অনুসৰি আগন্তুক সময়ত মিঠাতেলৰ দাম কমিবনে? উত্তৰ চৰকাৰে দিব লাগিব। 

মোদী চৰকাৰে কৈ আহিছে যে ভাৰত বিশ্বৰ ভিতৰত অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু দেশৰ গৰিষ্ঠসংখ্যক মানুহৰ অর্থনৈতিক স্বচ্ছলতা অবিহনে, উপার্জন বৃদ্ধি অবিহনে, দামবৃদ্ধিয়ে কোঙা কৰা সময়ত ই কেনেদৰে সম্ভৱ? এই প্রশ্ন ৰাইজৰ মাজৰ পৰাই উত্থাপন হ'ব লাগিব। দামবৃদ্ধিৰ আঁৰত চৰকাৰৰ ভুল নীতিৰ অৰিহণা আছে নেকি? দামবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে চেষ্টা চলোৱা নাই কিয়? চৰকাৰৰ সদিচ্ছা নাই, নে ব্যর্থ? এইবোৰ প্ৰশ্নৰ উত্তৰো ৰাইজে বিচাৰিব লাগিব। পৰিৱৰ্তিত পৰিস্থিতিত দামবৃদ্ধি অৱধাৰিত বুলি মুক জনতাই মানি ল'লে নহ'ব। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত এই কামৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নিশ্চয় সকলোৰে আছে। কাৰণ টকাবোৰ আমাৰ। আমাক টেঁটু চেপা দি টকাবোৰ লোৱা হৈছে।

Share This