ডিজিটেল ডেস্ক: ১৯৭২ চনৰ আজিৰ দিনটোতে (১ জুন) যোৰহাটৰ পৰা প্ৰকাশ আৰম্ভ হৈছিল দৈনিক জনমভূমিৰ। ইয়াৰ প্ৰায় ২৫ বছৰ পূৰ্বে যোৰহাটৰ এই জনমভূমি গোষ্ঠীৰ পৰা প্ৰকাশ আৰম্ভ হোৱা জনমভূমি (সাপ্তাহিক) বর্তমানে অসমত প্রকাশ হৈ থকা সবাতোকৈ পুৰণি সংবাদ-পত্র।
জনমভূমি গোষ্ঠীৰ ইতিহাসো গৌৰৱময় আৰু চমকপ্রদ। দৰাচলতে স্বাধীনতাৰ ঊষা কালতে সমাজসেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ হাথিয়াৰ ৰূপেহে আৰম্ভ হৈছিল এই সংবাদ গোষ্ঠী। অসমৰ দ্বিগ্গজ স্বাধীনতা সংগ্রামী, স্বৰাজোত্তৰ অসমৰ ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ পুৰুষ, জননায়ক দেবেশ্বৰ শৰ্মাই মর্মে মর্মে উপলব্ধি কৰিছিল দেশ আৰু জনতাৰ কাৰণে স্বাধীনতা যিদৰে পৰম কাংক্ষিত সম্পদ, সেইদৰে এই কষ্টোপার্জিত স্বাধীনতা ৰক্ষা কৰাৰ সংগ্ৰামো সমানেই গুৰুত্বপূর্ণ প্রত্যাহ্বান। দেশ নিৰ্মাণৰ প্ৰক্ৰিয়াৰ কথা চিন্তা কৰাৰ মাজতো তেওঁ সততে অনুভৱ কৰিছিল এখন বাতৰি কাকত প্ৰকাশৰ কথা। সেয়ে জনমভূমি প্রকাশৰ পাছতে তেওঁ কৈছিল- 'ৰাজসূয় যজ্ঞত কের্কেটুৱা এটাই বাহ পাত এটাকে অর্ঘ্য দিয়াৰ দৰে ময়ো দেশৰ স্বাধীনতাৰ প্ৰাক্কমুহূর্তত জনমভূমি প্রকাশ কৰি দেশ জননীৰ মহান নিৰ্মাণকাৰ্যত প্রথম অর্ঘ্য প্রদান কৰিলোঁ।' দেশ নিৰ্মাণৰ মহান লক্ষ্য লৈ যোৰহাটৰ পৰা জনমভূমি (সাপ্তাহিক) প্রকাশ আৰম্ভ হয় দেশে স্বাধীনতা লাভৰ প্রাকমুহূৰ্তত ১৯৪৭ চনৰ ১০ মাৰ্চত। অৱশ্যে এই কথা ঠিক যে জনমভূমি জননায়ক দেবেশ্বৰ শৰ্মাৰ সপোনৰ ফচল হ'লেও এই জনমভূমিক উপযুক্ত ৰূপত লালন-পালন কৰিছিল তেওঁৰ সুযোগ্য ভাতৃ কর্মযোগী কনক চন্দ্র শর্মাইহে।
১৯৭২ চনত বিজ্ঞান-প্রযুক্তিৰ চালুকীয়া অৱস্থাত যোৰহাটৰ দৰে মফচলীয় চহৰ এখনৰ পৰা এখন সর্বাংগসুন্দৰ দৈনিক বাতৰি কাকত প্ৰকাশ কৰা কি ধৰণৰ প্ৰত্যাহ্বান আছিল, সেয়া সহজেই অনুমেয়। কি ধৰণৰ উদ্যম আৰু ভৱিষ্যদর্শী দৃষ্টিভংগীয়ে শর্মা ভাতৃদ্বয়ক উদ্বুদ্ধ কৰিছিল, সেই কথা ভাবি এতিয়া মাথোঁ বিস্ময়াভূতহে হ'ব পাৰি।
দৈনিক জনমভূমিৰ উদ্বোধনী অনুষ্ঠানত সেই সময়ৰ মুখ্যমন্ত্রী শৰৎ চন্দ্ৰ সিংহ, প্রাক্তন মুখ্যমন্ত্রী মহেন্দ্র মোহন চৌধুৰী, সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত দেবেশ্বৰ শৰ্মাই ঘোষণা কৰিছিল- 'যিহেতুকে বাতৰি কাকত কাৰো ব্যক্তিগত সম্পত্তি হ'ব নোৱাৰে, সেই হেতু বাতৰি কাকত প্রকাশ কৰা অনুষ্ঠানো ৰাজহুৱা প্রতিষ্ঠান হিচাপে পৰিগণিত হ'ব লাগে। সেয়ে মই আজি জনমভূমিক ৰাইজৰ প্রতিষ্ঠান হিচাপে ঘোষণা কৰিলোঁ।'
দৰাচলতে দেবেশ্বৰ শৰ্মাৰ এই ঘোষণাই হ'ল কাকতখনৰ দৰ্শন আৰু মার্গ। বিগত ৫০ বছৰৰো অধিক কাল কাকতখনে এই মাৰ্গত পৰিচালিত হৈ সঁচা অৰ্থত এখন ৰাইজৰ কাকতৰ সন্মান আৰু স্বতঃস্ফূর্ত স্বীকৃতি লাভ কৰিছে। অসমৰ ভাষা আন্দোলন, তেল শোধনাগাৰ আন্দোলন আৰু অসম আন্দোলনকে ধৰি জাতিৰ বিভিন্ন সৰু-বৰ সংকটকালত জনমভূমি আৰু দৈনিক জনমভূমি দুয়োখন কাকতে জাতিৰ কাষত থিয় দি জাতিৰ মুখপত্ৰ হোৱাৰ গুৰুদায়িত্ব নিষ্ঠাৰে আৰু নির্ভীকতাৰে পালন কৰি আহিছে। জনমভূমিয়েও এই ক্ষেত্রত নিজকে কেতিয়াও অকলশৰীয়া বুলি ভবা নাই। ৰাজ্যখনৰ অগণন সত্যাশ্রয়ী লোক যে জনমভূমিৰ এই আপোচবিহীন দুর্গম পথৰ সংগী, সেই কথা জনমভূমিয়ে মনে-প্রাণে বিশ্বাস কৰে। সংবাদ-পত্র যে সমাজ জীৱনৰ এক দলিল আৰু সংবাদ-পত্রই যে মানুহক শিক্ষিত কৰে, সচেতন কৰে, সেই কথা জনমভূমিয়ে মনে-প্রাণে বিশ্বাস কৰে। সেয়েহে ৰাইজে জনমভূমিক নিজা প্রতিষ্ঠান আৰু কাকতকেইখনক নিজৰ কাকত বুলি বিবেচনা কৰে। দৈনিক জনমভূমি আজি সঁচা অৰ্থত 'জাতিৰ আৱেগ-সমাজৰ বিৱেক'।
এই সম্ভ্রান্ত সংবাদ গোষ্ঠীটোৱে কেতিয়াও বিশ্বাস নকৰে সংবাদৰ সৰবৰাহতে নিজৰ দায়িত্বৰ সামৰণি পৰিল বুলি। তাতকৈ বহু বহল পৰিসৰত জাতিৰ প্ৰতি নিজৰ ভূমিকা স্বীকাৰ কৰি লোৱা জনমভূমি গোষ্ঠীয়ে সেয়ে জাতিৰ বিভিন্ন সংকটকালত নিজৰ জাতীয়তাবাদী ভূমিকাৰে অৱতীৰ্ণ হৈছে। ভূঁইকঁপ, বানপানীৰ দৰে ভয়াৱহ দুৰ্যোগৰ সময়ত অভিনব উপায়েৰে বৃহৎ হাৰত সাহায্য সংগ্ৰহ কৰি দুৰ্গতক সহায় কৰা, ছাত্র-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে বৃহৎ পৰিসৰত চিত্রাংকণ, কুইজ, ৰচনা আৰু গল্প প্রতিযোগিতাৰ আয়োজন কৰা, আর্থিকভাৱে পিছপৰা মেধাৱী ছাত্র-ছাত্রীক জলপানি প্ৰদান কৰা ইত্যাদি বহুধাবিভক্ত ক্ষেত্রত জাতিৰ সামগ্রিক উন্নয়নৰ বাবে কাম কৰি জনমভূমি গোষ্ঠীয়ে নিজৰ দায়বদ্ধতাৰ পৰিচয় দি আহিছে। গুণী আৰু কীর্তিমান অসমীয়াক যথাযথ সন্মান জনাই প্রকাশ কৰিছে নিজৰ জাতীয়তাবাদী স্থিতি।
শেহতীয়াকৈ ২০২৩ চনত ইলেক্ট্রনিক সংবাদসেৱাৰ ক্ষেত্ৰত প্রায় ২৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ৰাজ্যৰ এক গৰিমামণ্ডিত সংবাদ প্রতিষ্ঠান প্রাগ নিউজ জড়িত হয় জনমভূমি গোষ্ঠীৰ লগত। এয়া যেন অসমৰ সংবাদ জগতৰ এক মণিকাঞ্চন সংযোগ। ছপা মাধ্যমত জনমভূমি আৰু ইলেক্ট্রনিক মাধ্যমত প্ৰাগ নিউজৰ দীর্ঘদিনৰ অভিজ্ঞতাই প্রাগ-জনমভূমি পৰিয়ালক বিৰলভাৱে ঐশ্বর্যশালী কৰি তোলাই নহয়, সামগ্রিকভাৱে অসমৰ সংবাদ মাধ্যমকো চহকী কৰিছে। ৫৪ বছৰৰ দীঘলীয়া যাত্ৰাই দৈনিক জনমভূমিক ভাগৰুৱা কৰা নাই, বৰঞ্চ ন ন অভিজ্ঞতাই চহকী কৰিছে, কৰি তুলিছে অধিক দায়িত্বশীল। সেইদৰে দীঘলীয়া যাত্ৰাৰে জনমভূমিয়ে শিকিছে সময়ৰ সৈতে হোৱা পৰিৱৰ্তনসমূহৰ লগত হাতে হাত ধৰি চলিবলৈ। সেয়ে হয়তো জনমভূমি আজিও প্রাসংগিক অসমৰ জনজীৱনত।
এক দীর্ঘদিনীয়া যাত্ৰাৰে জনমভূমিৰ এই উত্তৰণ সম্ভৱ হৈছে পাঠক আৰু শুভাকাংক্ষীৰ মৰম আৰু বিশ্বাসৰ বাবে। আজিৰ ওপজা দিনত কাকতখনে অসমৰ ৰাইজৰ পৰা বিচাৰে মৰম আৰু আশীৰ্বাদ। সন্মুখত দীঘলীয়া পথ আছে, ছপা মাধ্যমলৈ অহা বিবিধ প্রত্যাহ্বান আছে, কিন্তু দৈনিক জনমভূমিয়ে আন্তৰিকতাৰে কামনা কৰে ৰাইজৰ মৰম-আশীর্বাদেৰে হেলাৰঙে অতিক্ৰম কৰিব পৰা যাব সকলো বাধাৰ প্ৰাচীৰ, সকলো প্রত্যাহ্বান। কাৰণ, জননায়ক দেবেশ্বৰ শৰ্মাই কোৱাৰ দৰেই আজি জনমভূমি সঁচাকৈয়ে ৰাইজৰ প্ৰতিষ্ঠান, জনমভূমিও ৰাইজৰ কাকত।