মৌনতা সন্মতিৰ লক্ষণ নহ'বও পাৰে

dainik janambhumi September 12, 2025

ডিজিটেল ডেস্কঃ বিংশ শতাব্দীৰ শেষ দশক আৰু একবিংশ শতাব্দীৰ প্ৰথম দুটা দশকক তথ্য-প্ৰযুক্তিৰ বিপ্লৱৰ সময় বুলি কোৱা হয়। এই বিপ্লৱ মানুহে কৰিছে বিজ্ঞান আৰু প্রযুক্তিৰ জৰিয়তে। কম্পিউটাৰ প্ৰযুক্তিৰ বিকাশৰ লগত সংযুক্ত হৈ পৰিল উপগ্রহীয় আন্তঃসংযোগ ব্যৱস্থা, যাক আমি চমুকৈ 'ইণ্টাৰনেট' বুলি কওঁ। স্বাভাৱিকতেই বাণিজ্য আৰু বজাৰৰ সহযোগী এই প্রযুক্তিৰ প্রধান পৃষ্ঠপোষক হ'ল বিশ্ব পুঁজিবাদ। পুঁজিবাদে পোষকতা কৰা বা প্রয়োগ কৰা সকলো প্রযুক্তি-কৌশলৰ এটা অন্তর্নিহিত উদ্দেশ্য থাকে। সেই উদ্দেশ্য হ'ল অধিক মুনাফা অর্জন। নতুন তথ্য-প্রযুক্তি আৰু উপগ্ৰহীয় যোগাযোগ ব্যৱস্থাৰ উদ্দেশ্যও সেয়ে।

ইয়াৰ ফলত যান্ত্রিকীকৰণ (automation) বৃদ্ধি পালে আৰু শাৰীৰিক (manual) শ্ৰমৰ চাহিদা হ্রাস পালে। যোগাযোগ ব্যবস্থা ইমান দ্রুততৰ হৈ পৰিল যে সমগ্র বিশ্বই যেন এখন গোলকীয় গাঁও হৈ পৰিল। তথ্য আৰু যোগাযোগ প্রযুক্তিৰ এই ৰূপে কোটি কোটি মানুহক সন্মোহিত কৰিলে। বিশ্বায়নে অনা বজাৰবাদী-ভোগবাদী অর্থনৈতিক-ৰাজনৈতিক ব্যবস্থাক তৃণমূললৈ বিয়পাই দিয়াত তথ্য- প্রযুক্তিয়ে সহায় কৰিলে। হাতে হাতে ম'বাইল ফ'ন হ'ল। পাৰস্পৰিক সংযোগ ঘটিল। ইয়াৰ পাছত সামাজিক মাধ্যমবোৰ এটাৰ পাছত এটাকৈ আহিবলৈ ধৰিলে। যেনে ফে'চবুক, ৱাটছএপ, টুইটাৰ, ৰীল, ইনষ্টাগ্রাম আদি। বিশ্বৰ বজাৰত নতুন দুটা পণ্যৰ গুৰুত্ব বৃদ্ধি পালে। এটা হ'ল ম'বাইল 'হেণ্ডছেট' আৰু আনটো উপগ্ৰহীয় সংযোগৰ 'ডাটা'। ম'বাইল ফ'ন আৰু ইণ্টাৰনেট অপৰিহাৰ্য হৈ পৰিল। বেংক ব্যৱস্থা, অন্যান্য চৰকাৰী ব্যৱস্থা আদি সৰ্বস্তৰত নানা ধৰণৰ ছফটৱে'ৰ আৰু এপৰ ব্যৱস্থা হ'ল। ভাৰত উপ-মহাদেশৰ দৰে শিক্ষা আৰু সামাজিক চেতনাত অনগ্ৰসৰ সংখ্যাগৰিষ্ঠতাৰ দেশত এই প্রযুক্তি হৈ পৰিল মানুহৰ বিনোদনৰ কাৰণ। ই জনমানসত বহু নেতিবাচক প্রভাবো পেলাবলৈ আৰম্ভ কৰিলে।

যোগাযোগ তথা দ্রুত জনসংযোগৰ এই মাধ্যমসমূহে এফালেদি কৰ্প'ৰেট হাউছসমূহক বৃহৎ অংকৰ মুনাফা দিলে, আনফালেদি সৰ্বসাধাৰণ লোকক নানা তথ্য, নানা বিষয়ৰ আলাপ-আলোচনাত ব্যস্ত ৰাখিলে। বা-বাতৰি, মতামত আদিৰ আদান-প্রদান সহজ কৰি দিলে। শাসক শ্রেণী তথা চৰকাৰসমূহে তাৰ সুযোগ 'লৈ নিজৰ ন্যস্তস্বার্থ সুৰক্ষাৰ বাবে আৰু ৰাইজক বিভ্রান্ত কৰিবলৈ নানা প্ৰৰোচনা-

উত্তেজনা বিয়পাই দিবলৈ সুবিধা ল'লে। ঘৃণা-বিদ্বেষ আৰু মিথ্যাচাৰ প্ৰচাৰৰো মাধ্যম হৈ পৰিল এই বিভিন্ন ৰূপৰ সামাজিক মাধ্যমসমূহ। এটা সময়ত চৰকাৰসমূহে এনে মাধ্যমসমূহক নিয়ন্ত্রণ কৰিবলৈ আইন প্রণয়ন কৰিব লগা অৱস্থা হ'ল। লাহে লাহে দেশৰ জনতাই সামাজিক মাধ্যমসমূহত প্রবেশ কৰাক নিজৰ মৌলিক অধিকাৰ বুলি গণ্য কৰিলে। বাধা দিলে উত্তপ্ত প্রতিবাদ কৰিবলৈ ধৰিলে। সামাজিক মাধ্যমৰ শক্তি শাসক শ্রেণীয়ে বুজি পালে। লগে লগে সতর্কও হৈ পৰিল। শাসিত আৰু শোষিতৰ চেতনাক বিভ্রান্ত কৰিবৰ বাবে প্ৰয়োগ কৰা সামাজিক মাধ্যমসমূহ সামাজিক প্রতিবাদৰো, সামাজিক সজাগতাৰো মাধ্যম হৈ উঠিব, সেই কথা দেশৰ ভ্ৰষ্টাচাৰী শাসক শ্রেণীসমূহে ভবা নাছিল। কিন্তু সামাজিক মাধ্যমসমূহ আজি ঘটনাক্রমে প্রতিবাদ আৰু প্ৰতিৰোধৰ মাধ্যম হৈ উঠিছে। এই প্রতিবাদ সামাজিক মাধ্যমৰ পৰ্দা ভেদ কৰি গৈ ৰাজপথ পাইছেগৈ। নেপালৰ শেহতীয়া অৱস্থাত তাৰেই প্রতিফলন ঘটিছে। ভোগবাদৰ সম্প্ৰসাৰণ ঘটাৰ বিপৰীতে বিশ্বায়নে অনা, তথ্য-প্রযুক্তিৰ এই বিপ্লবে কর্মসংস্থাপন হ্রাস কৰা আৰু নিবনুৱা সমস্যা বৃদ্ধিতো অৰিহণা যোগাইছে। প্রযুক্তি নির্ভৰ ব্যৱস্থা শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীলতা সংকুচিত হয়।

শাসক শ্রেণীসমূহে তথা তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত-পৰিচালিত চৰকাৰসমূহে কি কৰিছে আৰু কিয় কৰিছে সেই কথা লাহে লাহে মানুহে বুজি পোৱা হৈছে। তাৰ কোনো কাৰণত মানুহে যদি প্রতিবাদ কৰা নাই তেন্তে নেতা-মন্ত্ৰীসকলে ধৰি লয় যে ৰাইজৰ মৌনতা তেওঁলোকৰ অপকৰ্মসমূহৰ প্ৰতি সন্মতিৰ কাৰণ। কিন্তু কথাতো যে তেনে নহয় নেপালৰ ছাত্ৰ আন্দোলনে প্রমাণ কৰিলে। জনতাক মূর্খ বুলি ভবাৰ দিন গ'ল। বহুদিন অন্যায়-অনিয়ম দেখি বা সহ্য কৰি এটা দিনত ধৈৰ্যৰ বান্ধ ছিঙি গৈ ৰাজপথলৈ ওলাই অহাটো তেনেই সাধাৰণ কথা হৈ পৰিছে। দুদিন পলম হ'লেও প্রতিবাদ হ'বই। নানা অভাৱ-অনাটনৰ দ্বাৰা জৰ্জৰিত হোৱা বিক্ষুদ্ধ যুৱক-যুৱতীয়ে যেতিয়া জানিব পাৰে যে কোনোবা মন্ত্ৰীৰ সন্তানে মাহে ষাঠি লাখ টকা ব্যয় কৰি বিদেশৰ কোনো শিক্ষানুষ্ঠানত পঢ়িছে, তেতিয়া প্রশ্ন উঠিবই- ইমান বিপুল পৰিমাণৰ ধনৰ উৎস কি? আঁচনিৰ ফুচুলনিয়ে সদায় কাম নিদিবও পাৰে। কোনোৱে ন্যূনতম প্রয়োজনীয়খিনিও নাপাব আৰু আন কোনোবাই দুর্নীতিলব্ধ ধনেৰে তামাছা কৰিব চৰকাৰী ক্ষমতাৰ বলত। এনে বৈষম্যৰ বিৰুদ্ধে বিক্ষুব্ধ জনতাই গৰজি উঠিবই। দীর্ঘদিনৰ মৌনতা ক্রোধৰো লক্ষণ হ'ব পাৰে।

Share This