ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ চাংসাৰিত ২৩ মাৰ্চৰ দিনা সপ্তম শ্ৰেণীৰ এজন ছাত্রই আত্মহত্যা কৰা ঘটনা বিশেষ চিন্তাৰ কাৰণ হৈ পৰিছে। কাৰণ প্ৰাথমিক অনুসন্ধানত প্রকাশ পোৱা মতে, ১৩ বছৰীয়া কিশোৰজনে এই চৰম পন্থা লোৱাৰ আঁৰত আছে অনলাইন গেম। কিছুদিনৰ পূৰ্বে অনুৰূপ এক ঘটনা সংঘটিত হৈছিল গাজিয়াবাদত। দহ মহলীয়া ফ্লেটৰ পৰা জঁপিয়াই মৃত্যুক সাবটি লৈছিল তিনিগৰাকী কিশোৰীয়ে। প্রাথমিক তদন্তৰ পাছত আৰক্ষীৰ সন্দেহ-অনলাইন গেম আৰু তাৰ প্ৰতি মাত্ৰাধিক আসক্তিৰ বাবে মাক-দেউতাকে ম'বাইল কাঢ়ি লোৱাৰ বাবেই এই তিনি কিশোৰীৰ চৰম সিদ্ধান্ত। দৰাচলতে এইকেইটা থাউকতে পোৱা উদাহৰণহে। ম'বাইল, অনলাইন গেমকেন্দ্ৰিক এনেধৰণৰ বাতৰি বিগত কিছু বছৰত ক্ৰমশঃ বেছ ঘনাই প্রকাশ হ'বলৈ লৈছে। এনে ঘটনাবোৰে স্তম্ভিত কৰিছে সমগ্র দেশক। একে সময়তে শংকা, কি ধৰণেৰে এই নিচাৰ পৰা মুক্ত হ'ব কিশোৰ?
এই কথা ঠিক, স্মার্টফ'ন এতিয়া কেৱল বিলাসিতা নহয়, দৈনন্দিন জীৱনৰ ই এতিয়া অপৰিহাৰ্য অংগস্বৰূপ। অনেক অপকাৰী দিশ থাকিলেও স্মার্টফ'ন ত্যাগ কৰা এতিয়া সহজ নহয়। কিন্তু একে সময়তে কিশোৰ তথা নবীন প্ৰজন্মৰ বাবে ই যেন হৈ পৰিছে ধ্বংস আৰু দুৰ্ভাবনাৰ অন্য এক নাম। শিশু-কিশোৰৰ মাজত ম'বাইল আসক্তি তথা অনলাইন গেমিঙৰ নিচাই এনে ভয়ংকৰ ৰূপ লৈছে যে সেয়া সঁচা অর্থত মৃত্যু মিছিলত পৰিণত হৈছে। কিছু বছৰৰ পূৰ্বে ব্লু হোৱেল নামৰ গেমৰ চেলেঞ্জে কেনে মৰণফান্দৰ সৃষ্টি কৰিছিল, সেই স্মৃতিয়ে এতিয়াও সচেতন লোকক ভবাই তোলে। শিশু-কিশোৰৰ পৰা অভিভাবকে ম'বাইল কাঢ়ি নিলে বা ৰিচাৰ্জ শেষ হৈ গ'লে শিশু-কিশোৰ কেনে ধৰণে উন্মাদপ্রায় হৈ পৰে, সেই তিক্ত অভিজ্ঞতা বহু অভিভাৱকেই লাভ কৰিছে। দৰাচলতে এয়া আধুনিক প্রযুক্তিনিৰ্ভৰ যুগৰ এক ভয়াৱহ সামাজিক ব্যাধি।
গেমিং কোম্পানীসমূহে তেওঁলোকৰ 'গেম'সমূহ এনেধৰণেৰে প্ৰস্তুত কৰে যে খেলুৱৈসকলৰ মস্তিস্কত পুৰস্কাৰ পোৱাৰ তীব্র আকাংক্ষাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘণ্টাৰ পাছত ঘণ্টা খোৱা-শোৱা বাদ দি ম'বাইল স্ক্ৰীনত নিবদ্ধ ৰাখে চকু-মন-মগজু। আৰু এই আসক্তিয়ে শিশু-কিশোৰক এনে পর্যায়লৈ লৈ যায়, য'ত বাস্তৱ জগতৰ সৈতে তেওঁলোকৰ সকলো সম্পর্ক ছিন্ন হৈ পৰে আৰু নিজৰ আসক্তিৰ ক্ষেত্ৰত সামান্য প্ৰতিৰোধ আহিলেই হৈ পৰে ভয়ংকৰভাৱে হিংস্র বা বাছি লয় নিজকে শেষ কৰি দিয়াৰ চৰম সিদ্ধান্ত। এই ধৰণৰ ঘটনাসমূহৰ মূলতেই আছে ডোপামিন নামৰ হৰম'নবিধৰ প্ৰভাৱ। 'গেম'ৰ এটা এটা স্তৰ অতিক্ৰম কৰাৰ আনন্দই মস্তিস্কক দিয়ে এক বিশেষ উত্তেজনা, এই উত্তেজনাৰ অভাৱ ঘটিলেই গেম আসক্ত শিশু-কিশোৰ বদমেজাজী, হিংস্র হৈ পৰে।
অসমকে ধৰি সমগ্র দেশতে বিগত কেইবা বছৰৰ পৰা পাৰ্জি, বিজি, এম আই, ফ্রী ফায়াৰ, বেটেল গ্রাউণ্ড আদিৰ দৰে অনলাইন গেমৰ আসক্তিত পৰি পঢ়া-শুনা জলাঞ্জলি দিয়া, গেমৰ 'অস্ত্ৰ কিনিবলৈ' অভিভাৱকৰ বেংকৰ একাউণ্টৰ পৰা ধন হৰণলুকী কৰা আদিৰ দৰে অপ্রীতিকৰ ঘটনা আজি চৌদিশে সুলভ। আৰু এই অপ্রীতিকৰ ঘটনাবোৰেই বাট কাটিছে নিজকে শেষ কৰাৰ দৰে চৰম সিদ্ধান্ত লোৱাৰ দিশে।
যদিও এই ঘটনাসমূহৰ আঁৰৰ এটা নির্দিষ্ট কাৰণ উল্লেখ কৰা সম্ভৱ নহয়, তথাপি অনেক বিশেষজ্ঞই মত পোষণ কৰে যে যৌথ পৰিয়ালসমূহ নোহোৱা হোৱাৰ পাছত একক পৰিয়ালত লালিত-পালিত হোৱা তথা পিতৃ-মাতৃ দুয়ো জীৱন-জীৱিকাৰ বাবে ঘৰৰ বাহিৰত সৰহ সময় থকাৰ ফলত উদ্ভৱ হোৱা নিঃসংগতাৰ পৰা পৰিত্ৰাণ পাবলৈকে অনেক শিশু-কিশোৰ ক্ৰমশঃ আকৃষ্ট হৈ পৰে ম'বাইল আৰু অনলাইন গেমৰ প্ৰতি। সেয়ে কঠোৰ নিষেধাজ্ঞা, গালি-গালাজ, শাস্তিৰ মাজত এই সমস্যাৰ সমাধান নাই। ইয়াৰ পৰিৱৰ্তে বিশেষজ্ঞসকলে গুৰুত্ব দিছে পাৰিবাৰিক বন্ধন দৃঢ় কৰাৰ ওপৰত। তেওঁলোকৰ মতে কেৱল সন্তানৰ ক্ষেত্ৰতে নহয়, অভিভাৱকসকলে নিজেও ডিজিটেল ডিটক্স বা প্রযুক্তিমুক্ত সময় কটোৱা এতিয়া সময়ৰ সকীয়নি। ম'বাইল তথা গেমিং আসক্তি এতিয়া কেৱল এক ব্যক্তিগত সমস্যা নহয়, ই মহামাৰীৰ ৰূপত এক বৃহৎ সামাজিক সমস্যা। অভিভাৱক, শিক্ষা প্রতিষ্ঠান আৰু সামগ্রিকভাৱে সমাজ যদি সচেতন নহয়, আন্তৰিক চেষ্টা আৰু কাউঞ্চেলিঙৰ দৰে বৈজ্ঞানিক পন্থাৰ যদি সঠিক প্রয়োগ নহয়, তেনেহ'লে স্মাৰ্টফ'নৰ নীলা পোহৰে কাঢ়ি নিব দেশৰ আৰু বহু সন্তানৰ ভৱিষ্যৎ।