আজিৰ সম্পাদকীয়, শক্তিৰ উৎস

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক: সমগ্র বিশ্বতে অপ্রচলিত শক্তিৰ ব্যৱহাৰ ক্ৰমশঃ দ্রুতগতিত বাঢ়িছে। ইয়াৰ মূলতে হ'ল সাম্প্রতিক বিশ্বত জনসংখ্যা বৃদ্ধি আৰু ঔদ্যোগীকৰণৰ ফলত শক্তিৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাইছে। এনে ক্ষেত্ৰত কয়লা, খাৰুৱা তেল, প্রাকৃতিক গেছৰ দৰে পৰম্পৰাগত শক্তিৰ উৎসসমূহ সীমিত হৈ আহিছে আৰু একে সময়তে এইবোৰে বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে কাৰ্বন নির্গমন কৰি গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত সমগ্র বিশ্ব বিকল্প তথা অপ্রচলিত শক্তিৰ উৎসসমূহৰ বিষয়ত গুৰুত্ব দিবলৈ বাধ্য হৈছে। 

সূর্য, বায়ু আৰু পানী প্ৰকৃতিৰ বুকুত চিৰকাল অক্ষত ৰূপত থাকিব বুলি বিবেচনা কৰি বিজ্ঞানীসকলে সততে পৰম্পৰাগত জীৱাশ্ম শক্তিৰ বিকল্পৰূপে এইকেইটা উৎসৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰি আহিছে। বিশেষকৈ এনেধৰণৰ শক্তিৰ উৎসৰ পৰা কোনো বিষাক্ত গেছ বা কার্বন নির্গমন নহয়, ফলত প্ৰদূষণৰ দৰে সমস্যাৰ পৰা ই মুক্ত। তেনেদৰে বহু সময়ত খাৰুৱা তেল আমদানি কৰা ব্যয়তকৈ এইধৰণৰ উৎসৰ পৰা আহৰণ কৰা শক্তিৰ ব্যয় তাকৰ হোৱাৰ সম্ভাৱনা সৰহ।

প্ৰদূষণমুক্ত ইন্ধনৰ ব্যৱহাৰ প্ৰকল্পৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে ভাৰত আৰু চীনে। ইতিমধ্যে বিগত বৰ্ষত সৌৰশক্তি, বায়ুশক্তি আৰু জলবিদ্যুৎ শক্তিৰ ব্যৱহাৰে অভিলেখ ৰচিছে। উল্লেখযোগ্য যে ভাৰত বৰ্তমান সমগ্ৰ বিশ্বৰ ভিতৰত সৌৰশক্তি আৰু বায়ুশক্তি উৎপাদনৰ ক্ষেত্ৰত চতুর্থ স্থানত আছে। তেনেদৰে দেশৰ মুঠ বিদ্যুৎ উৎপাদনৰ ক্ষমতাৰ ৪০ শতাংশতকৈয়ো অধিক অংশ বর্তমান অপ্রচলিত তথা নৱীকৰণযোগ্য উৎসৰ পৰা আহে। ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু কাৰ্বন নির্গমন হ্রাস কৰিবলৈ ইতিমধ্যে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। ২০২১ চনৰ চি অ' পি-২৬ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, ভাৰতে ২০৩১ চনৰ ভিতৰত ৫০০ গিগাৱাট অ-জীৱাশ্ম ইন্ধনভিত্তিক শক্তি ক্ষমতা অৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰাৰ লগতে ২০৭০ চনৰ ভিতৰত নেট-জিৰ' অর্থাৎ শূন্য কার্বন নির্গমনৰ লক্ষ্য স্থিৰ কৰি লৈছে। ইতিমধ্যে দেশে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, পি এম কুসুম আঁচনি, ৰাষ্ট্ৰীয় সেউজ হাইড্র'জেন অভিযান, পি এম সূৰ্য ঘৰ আদি আঁচনিৰ যোগেদি নিৰ্ধাৰিত লক্ষ্য পূৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

ভাৰত তথা সমগ্র বিশ্বজুৰি অপ্রচলিত শক্তিৰ ব্যৱহাৰৰ হাৰ বৃদ্ধিৰ সময়তে আছে কিন্তু উদ্বেগ আৰু শংকাৰ বতৰাও। ইণ্ডিকেটছ অফ্ গ্ল'বেল ক্লাইমেট চেঞ্জৰ সাম্প্রতিক এক প্রতিবেদন অনুসৰি, মানুহৰ কৰ্ম-কাণ্ডৰ ফলৰূপে ২০২৫ চনত পৃথিৱীৰ গড় তাপমাত্রা প্রাশিল্প যুগৰ তুলনাত ১.৩৭ ডিগ্রী চেলছিয়াছ বৃদ্ধি হৈছে। পৃথিৱীত তাপৰ ভাৰসাম্যও বিঘ্নিত হৈছে ভালেখিনি। পৰিৱেশ-প্ৰকৃতিত গ্রীনহাউছ গেছৰ পৰিমাণ অতিৰিক্তভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৃথিৱীত আৰু বেছি তাপ সঞ্চিত হৈছে, যি জলবায়ু পৰিৱৰ্তনৰ বাবে সামগ্রিকভাৱে দায়ী। অর্থাৎ অপ্রচলিত, প্ৰদূষণমুক্ত শক্তিৰ ব্যৱহাৰ উল্লেখযোগ্যভাৱে বাঢ়িলেও একে সময়তে গ্রীনহাউছ গেছৰ নিৰ্গমন এতিয়াও কমোৱা সম্ভৱ হোৱা নাই।

বিদ্যুৎ আৰু পৰিবহণৰ ক্ষেত্ৰত প্ৰদূষণযুক্ত শক্তিৰ ব্যৱহাৰ কিছু কমোৱা সম্ভৱ হ'লেও এতিয়াও ভাৰতৰ শিল্প ক্ষেত্ৰৰ এক বৃহৎ অংশ জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল। সেউজ হাইড্ৰ'জেনৰ দৰে প্ৰদূষণমুক্ত শক্তিৰ ক্ষেত্রত সময় আৰু বৃহৎ বিনিয়োগৰ প্ৰয়োজন। এনেবোৰ ক্ষেত্ৰত চৰকাৰৰ উদ্যোগ, সহযোগিতা আৰু সাহায্যৰ প্ৰয়োজন দেশৰ শিল্প ক্ষেত্ৰৰ প্ৰতি। পৰিৱেশ বান্ধৱ প্রযুক্তি আৰু আনুষংগিক যন্ত্র-পাতি ব্যৱহাৰৰ বাবে চৰকাৰে শিল্প সংস্থাসমূহক উৎসাহিত কৰিব পাৰিব লাগিব। একেদৰে প্ৰদূষণমুক্ত শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন শিক্ষা-গৱেষণা প্ৰতিষ্ঠান আৰু চৰকাৰৰ পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজন।

মূল কথা হ'ল অপ্রচলিত শক্তিৰ ব্যৱহাৰ এতিয়া সমগ্ৰ বিশ্বৰ বাবেই কেৱল এটা বিকল্পই নহয়, বৰঞ্চ ই বৰ্তমান সময়ৰ এক অপৰিহাৰ্য প্রয়োজন। এই ক্ষেত্ৰত ভাৰতৰ খোজ প্রশংসনীয় যদিও দেশে আৰু বহুখিনি কৰিবলৈ বাকী আছে। প্রধানকৈ গ্রীনহাউছ গেছ এতিয়াও এক কঠিন প্রত্যাহ্বান। এই প্রত্যাহ্বান নেওচি ভাৰতক এখন প্রদূষণমুক্ত, আত্মনিৰ্ভৰশীল আৰু অর্থনৈতিকভাৱে শক্তিশালী দেশ হিচাপে গঢ়ি তুলিবলৈ হ'লে অপ্রচলিত শক্তি সর্বাধিক ব্যৱহাৰ নিশ্চিত কৰিব পৰাটো এতিয়া সময়ৰ দাবী।

Share This