ডিজিটেল ডেস্ক : পৃথিৱীৰ উষ্ণতা অভূতপূর্বভাৱে বৃদ্ধি পাইছে। এপ্রিল মাহতেই এইবাৰ দেশৰ ভিন্ন প্ৰান্তত ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহে দহিছে। গোলকীয় উষ্ণতাৰ যেন অভিকেন্দ্র হৈ পৰিছে ভাৰতবৰ্ষ। বিশ্বৰ সৰ্বোচ্চ তাপমাত্ৰাৰ অধিকসংখ্যক ৰাজ্যই এতিয়া ভাৰতৰ। দিল্লী, পঞ্জাব, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ, ছট্টিশগড়, ৰাজস্থান, হিমাচল প্রদেশ, মধ্য প্রদেশ, বিহাৰ, ওড়িশা, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ডত অভাবনীয় পৰিস্থিতি উদ্ভৱ হৈছে। উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, ছট্টিশগড়, ঝাৰখণ্ডই এইবাৰ গৰমৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিব বুলিও আশংকা ব্যক্ত কৰা হৈছে। বৃষ্টিপাতৰ ফলত একাংশ ৰাজ্যত সম্প্রতি তাপমান হ্রাস পাইছে যদিও বতৰ বিজ্ঞান বিভাগৰ মতে এয়া সাময়িকহে। বৰষুণ কমি যোৱাৰ লগে লগে এই ৰাজ্যসমূহতো প্রচণ্ড গৰমে জলা-কলা খুৱাব। বহু ৰাজ্যত জুন-জুলাই নপৰোঁতেই পাৰাস্তম্ভ ৪৭ডিগ্রী চেন্টিগ্রেডৰ কাষ চাপিছে।
ওড়িশা চৰকাৰে এইবেলি বিদ্যালয়সমূহত আগতীয়াকৈ গৰমৰ বন্ধ ঘোষণা কৰিছে। উৎকট গৰমৰ বাবে ২৭ এপ্ৰিলৰ পৰাই বিদ্যালয়সমূহ চৰকাৰে বন্ধ ৰাখিছে। উত্তৰাখণ্ডৰ দৰে ৰাজ্যত তাপমাত্রা ক্রমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যখনৰ ভিন্ন প্রান্তত ভয়ংকৰভাৱে জ্বলি আছে বনাঞ্চল। এইপর্যন্ত ৰাজ্যখনত ১৩০.২৭ হেক্টৰৰো অধিক বনাঞ্চল বনজুইত ক্ষতিগ্রস্ত হৈছে। এনেবোৰ খবৰৰ মাজতে আন এক খবৰ আহিছে যে এছিয়াৰ জলস্তম্ভ হিচাপে পৰিচিত হিমালয়ৰ শিখৰ ক্ৰমান্বয়ে শুকাই যাবলৈ ধৰিছে। ইয়াৰ ফলত এছিয়াৰ দুশ কোটি লোক জলসংকটৰ সন্মুখীন হ'ব। বিশ্বজুৰি উৎকট গৰম এতিয়া নীৰৱ ঘাতকত পৰিণত হৈছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে দৰিদ্ৰ দেশসমূহত। শেহতীয়া এক প্রতিবেদনত প্রকাশিত তথ্য অনুসৰি ২০৫০ চনলৈকে সমগ্র বিশ্বতে গৰমৰ প্ৰভাৱত দৰিদ্ৰ লোকৰ সংখ্যা ৭০০ শতাংশলৈকে বৃদ্ধি পাব। এই অৱস্থা দৰিদ্ৰ দেশসমূহত আৰু অধিক ভয়াৱহ হ'ব বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে। এইদৰে থাকিলে অনাগত সময়ত খৰাং বতৰে প্রাণ কাঢ়িব বিশ্বৰ অগণিত জনতাৰ। বিশ্ববাসীৰ বাবে আন এক আতংকৰ কাৰণ হৈ পৰিব খৰাং। নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ তথ্য অনুসৰি ভাৰতত ২০০০ চনৰ পৰা ২০২০ চনলৈকে হীটষ্ট'কৰ চিকাৰ হৈছে ২০,০০০ লোক। গোলকীয় উষ্ণতা, জলবায়ু আৰু ঋতুসমূহৰ সময়ৰ দ্রুত পৰিৱৰ্তন, ভূগর্ভস্থ জলৰ যথেষ্ট ব্যৱহাৰ-অপচয় আৰু পৃথিবীজুৰি জনঘনত্ব বৃদ্ধিৰ বাবেই অনাগত দিনত খৰাঙে প্রাণ কাঢ়িব বহু লোকৰ। গ্রীন হাউছ গেছৰ নিৰ্গমণ বন্ধ নহ'লে পৃথিৱীৰ উষ্ণতা ভালেখিনি বৃদ্ধি পাব বুলিও তথ্য প্রকাশ পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ পৃথিৱীখনৰ উষ্ণতা এইদৰে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত বিশ্বজুৰি নিতৌ ন ন সমস্যাৰ উদ্ভৱ হৈছে। নাছাৰ মতে, পৃথিৱীৰ উষ্ণতা অভূতপূর্বভাৱে বৃদ্ধি পাইছে। গ্রীন হাউছ গেছৰ ফলত পৃথিৱীৰ বায়ুমণ্ডল উষ্ণ হৈ পৰিছে, যাৰ ফলত সূৰ্যৰ পৰা অহা তেজষ্ক্রিয় বিকিৰণ মহাকাশলৈ উভতি যাব পৰা নাই। আনহাতে জলবায়ু পৰিৱৰ্তনৰ ফলত দেখা দিয়া আন এক সমস্যা হৈছে হিমবাহ দ্রুতহাৰত গলিবলৈ লোৱাটো। ইয়াৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ পৰিলক্ষিত হৈছে সাগৰতো।
গোলকীয় উষ্ণতাই কঢ়িয়াই অনা মহাসংকটত ভূগিছে দেশৰ বিস্তীর্ণ অংশ। পাৰাস্তম্ভ দেশৰ বিভিন্ন অংশত পঞ্চাশ ডিগ্রী চেন্টিগ্রেডৰ ওচৰ চপাৰ সময়তে অসমত কিন্তু এইবাৰ এক বিপৰীত পৰিৱেশ দেখিবলৈ পোৱা গৈছে। উত্তৰ-পূৰ্বাঞ্চলবাসীৰ প্ৰতি এইবেলি প্রকৃতি যেন কিছু সদয় হৈছে। কাৰণ বিগত প্রায় এটা মাহ ধৰি প্রায় প্রতিদিনে বৰষুণৰ লগতে ধুমুহাৰ ফলত ৰাজ্যবাসীয়ে উৎকট গৰম অনুভৱ কৰা নাই। কিন্তু আগন্তুক সময়ত আমাৰ ৰাজ্যবাসীয়েও প্রচণ্ড গৰমৰ পৰা ৰেহাই নাপাব। ইয়াৰ অন্যতম কাৰণ হৈছে পৃথিৱীক সেউজীয়াৰ আচ্ছাদনেৰে সহনশীল কৰি তোলা, বাসোপযোগী কৰি জীৱনময় কৰি ৰখা গছবোৰৰ সংখ্যা সর্বত্র দিনে দিনে কমি আহিছে। মানুহে কাটি তহিলং কৰিছে অৰণ্য। বাতানুকূল যন্ত্ৰৰ গৰম বতাহে বাহিৰৰ উষ্ণতা বৃদ্ধি কৰিছে। প্ৰকৃতিৰ বাতানুকূল যন্ত্রস্বৰূপ নদী-বিল, জলাশয় পুতি পেলাই ওখ ওখ অট্টালিকা সাজি উলিওৱা হৈছে। এইদৰে প্রকৃতিৰ সকলো সহজাত নিয়মৰ বিপৰীতে গৈ মানুহে নিজৰেই সর্বনাশ মাতি আনিছে। বিগত কেইটামান বছৰত গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ বাবেও বহু গছ কাটি তহিলং কৰা হৈছে। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ ভিন্ন অঞ্চলত দ্রুতহাৰত বনাঞ্চল সংকুচিত হৈ আহিছে। এইদৰে চলি থাকিলে, আমি এক ভয়াৱহ ভৱিষ্যতৰ সন্মুখীন হ'ব লাগিব।