অতিমানৱীয় শক্তি

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : বিশ্বত আনুমানিক ২৫ কোটিৰো অধিক লোকে ফুটবল খেলে (গুগলৰ তথ্য মতে)। ফুটবল খেলা এই লোকসকল শিশুৰ পৰা প্রৌঢ়লৈকে বিভিন্ন বয়সৰ। বিশ্বৰ সৰ্বোচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা গাঁৱৰ পথাৰলৈকে এইসকলে ফুটবল খেলে। কিন্তু পেছাদাৰী পুৰুষ ফুটবল খেলুৱৈৰ সংখ্যা ১ লাখ ৩০ হাজাৰৰ ভিতৰত হ'ব যিসকল বিশ্বৰ ১৩০খন দেশত সিঁচৰতি হৈ থকা কেইবা হেজাৰ ক্লাবত খেলি আছে। বিশ্বত ফুটবল খেলা মহিলাৰ সংখ্যাও ২৯০ লাখৰ ওচৰা-উচৰি। মেক্সিকো, স্পেইন, ইংলেণ্ড আদি দেশত সর্বাধিক লোকে ফুটবল খেলে। ইংলেণ্ডত ১৩.৬ নিযুত প্রাপ্তবয়স্ক আৰু ৫.১ নিযুত শিশু-কিশোৰে ফুটবল খেলে। অর্থাৎ, দেশখনৰ জনসাধাৰণৰ এক চতুর্থাংশ লোকে খেলে ফুটবল। স্পেইনত ২১ হাজাৰ স্বীকৃতিপ্রাপ্ত ফুটবল ক্লাব আছে আৰু দেশখনত পঞ্জীভুক্ত খেলুৱৈৰ সংখ্যা ১ নিযুততকৈও অধিক। ব্রাজিলত ১০ নিযুত লোকে নিয়মীয়াভাৱে ফুটবল খেলে। ফুটবল সেই দেশৰ সংস্কৃতি। আমাৰ দেশত ফুটবল খেলা লোকৰ সংখ্যা ১৫ৰ পৰা ৩০ নিযুত হ'ব বুলি অনুমান কৰা হয় যদিও বিশ্বকাপ খেলিব পৰাৰ যোগ্যতা ভাৰতীয় খেলুৱৈয়ে এতিয়ালৈকে আহৰণ কৰিব পৰাতো নায়েই সেই পৰ্যায়লৈ যোৱাৰ সপোনো দেখিব পৰা অৱস্থাত আমাৰ দেশ বর্তমান নাই। দেশৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ বাইচুং ভূটিয়াইতো কৈয়ে গৈছে যে আৰু এশ বছৰলৈ ভাৰতে বিশ্বকাপ খেলিব পৰাৰ সম্ভাৱনা নাই।

অৱশ্যে, সেইটো এটা বেলেগ প্রসংগ। এই লেখাৰ বিষয় হ'ল- বিশ্বৰ প্রান্তে প্রান্তে কোটি কোটি মানুহে ফুটবল খেলি আছে, কিন্তু তাৰ মাজৰ পৰা মহাতাৰকাৰ ৰূপত জিলিকি উঠিবলৈ সক্ষম হোৱা খেলুৱৈৰ সংখ্যা একেবাৰে নগণ্য। অৱশ্যে, ফুটবলতে নহয় প্ৰায়বোৰ খেলতে এনে হয়। কোটি কোটি মানুহে দৌৰি আছে; প্রতিযোগিতাতো দৌৰে অগণন খেলুৱৈয়ে; কিন্তু বিশ্বৰ সৰ্বকালৰ দ্রুততম দৌৰবিদগৰাকী হ'ল ওছাইন বল্ট। ফুটবলৰ 'ফ'ৰ ফ'ৰ টু' নামৰ আলোচনীখনত বিশ্বৰ সর্বকালৰ শ্ৰেষ্ঠ এশজন ফুটবলাৰৰ এখন তালিকা প্রস্তুত কৰিছে, য'ত পেলে, গেৰিঞ্চা, মাৰাডোনা, মেছি, ৰ'নাল্ডো, নেইমাৰ, এমবাপে, হেৰী কেনৰ উপৰি মাৰ্ক' ভান বাষ্টেন, ফোৰেন্স পুচকাচ, গার্ড মুলাৰ, ফ্ৰেঞ্জ বেকেনবাউৰ, ব্রাজিলৰ ৰ'নাল্ডো, জিকো ইউছেবিঅ', পাওলো মালডিনি, জিনেদাইন জিদান, মিচেল প্লাটিনী, আন্দ্রে ইনিয়েষ্টা, থিয়েৰী হেনৰী, ববী চার্লটন, ঝড গুলিট, ৰ'নাল্ডিনহো, জাভি হার্নাণ্ডেজ, লুকা মাদ্রিছ, লুই ছোৱাৰেজ, ৰোমাৰিঅ'ৰ দৰে খেলুৱৈসকলক স্থান দিয়া হৈছে। অনস্বীকার্যভাৱে এইসকল বিশ্বৰ শ্রেষ্ঠ খেলুৱৈ, কিন্তু জ্ঞাত ইতিহাসৰ সৰ্বশ্রেষ্ঠ ফুটবল খেলুৱৈ কোন বুলি ক'লে চাৰিটা নামেই বিশ্ববাসীৰ সন্মুখলৈ আহে- তেওঁলোক হ'ল লায়নেল মেছি, ক্রিষ্টিয়ানো ৰ'নাল্ডো, পেলে আৰু ডিয়েগ' মাৰাডোনা। পেলে, মাৰাডোনা বিশ্ব ফুটবল ইতিহাসৰ কিংবদন্তি চৰিত্ৰ, কিন্তু মেছি আৰু ৰ'নাল্ডোৰ শ্ৰেষ্ঠতাক কাৰো সৈতে তুলনা কৰিব পৰা নাযায়। যোৱা দুই দশক ধৰি বিশ্বৰ ফুটবল অনুৰাগীৰ মাজত এটা প্রশ্নই চৰ্চা হৈ আহিছে-আচলতে কোন সর্বশ্রেষ্ঠ মেছি নে ৰ'নাল্ডো? এই প্রশ্নটো আচলতে অপ্রাসংগিক এইবাবেই যে মেছি আৰু ৰ'নাল্ডো দুয়োজনেই বিস্ময়কৰ প্ৰতিভা, আৰু দুয়ো ফুটবল অনুৰাগীক এনে কিছুমান মুহূর্ত উপহাৰ দিছে যাৰ তুলনা নহয়। খেলপথাৰত নিৰন্তৰ গ'লৰ বন্যা বোৱাব পৰা ৰ'নাল্ডোৰ দৰে 'গ'ল মেচিন'ৰ অন্য কীর্তি বাদেই, তেওঁ পাঁচবাৰ লাভ কৰিছে ফুটবলৰ সৰ্বশ্রেষ্ঠ বঁটা 'বেলন ডি অ'ৰ'। মেছিয়ে এই বঁটা লাভ কৰিছে ৮বাৰ। ১,৩২৭খন মেচত ৰ'নাল্ডোৱে গ'ল কৰিছে ৯৭৫টা, মেছিয়ে ১,১৫৮খন মেচত ৯১৬টা। মেছিৰ নেতৃত্বত আর্জেণ্টিনাই বিগত ফিফা বিশ্বকাপৰ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। ৰ'নাল্ডোৰ সেই ভাগ্য হোৱা নাই। এই পর্যন্ত ১৮ গ'ল কৰি মেছিয়ে ফিফা বিশ্বকাপৰ সৰ্বাধিক গ'লদাতাৰ সন্মান লাভ কৰাৰ বিপৰীতে এতিয়ালৈকে ছখন বিশ্বকাপত একেৰাহে গ'ল কৰি ৰ'নাল্ডোৱে ৰচনা কৰিছে অন্য এক অভিলেখ। তাতোকৈও ডাঙৰ কথা হ'ল দুয়োজনে এইবাৰ খেলিছে ষষ্ঠ সংখ্যক বিশ্বকাপ। ২০০৬ চনত ১৮ বছৰ ৩৫৮ দিনৰ দিনা বিশ্বকাপ ফুটবলত অভিষেক ঘটা মেছিয়ে সম্প্রতি ৩৯ বছৰ বয়সতো একেই দুৰন্ত গতিৰে খেলপথাৰৰ অঘোষিত সম্ৰাটৰ ৰূপত নিজৰ সৰ্বশ্রেষ্ঠতা অক্ষুণ্ণ ৰাখিছে। ৰ'নাল্ডোৰো সেই ২০০৬ বর্ষতে ২১ বছৰ বয়সত আৰম্ভ হৈছিল বিশ্বকাপৰ যাত্ৰা আৰু আজিলৈকে অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়ি আছে ৰ'নাল্ডোৰ অবিশ্বাস্য প্রতিভাৰ অশ্বমেধৰ ঘোঁৰা। গতিকে, দুয়োজনেই তুলনাবিহীন।

খেলপথাৰত তেওঁলোকৰ গতি বিচক্ষণতা আৰু বল নিয়ন্ত্ৰণৰ ক্ষমতা দেখিলে এনে লাগে যেন তেওঁলোক বেলেগ গ্ৰহৰহে প্রাণী। বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ মাজত এনেদৰে অতুলনীয় হ'বলৈ হ'লে অৱশ্যে অতিমাৱীয় দক্ষতা লাগিবই। যেনেকৈ আইনষ্টাইনৰ মগজুক লৈ মানুহৰ কৌতূহলৰ অন্ত নাছিল তেনেকৈ মেছি-ৰ'নাল্ডোৰ ভৰি দুখনৰ, শৰীৰটোৰ সক্ষমতাক লৈও অনুৰাগীৰ আছে অন্তহীন কৌতূহল। সুদীর্ঘ দিনৰ পৰ্যবেক্ষণৰ অন্তত অনুৰাগীসকলে এটাই ধাৰণা কৰিছে যে আচলতে দুয়োজনৰে এই প্রতিভা ঐশ্বৰিক আৰু নিৰন্তৰ সাধনাৰে তেওঁলোকে এই প্রতিভাক অতুলনীয় এটা স্তৰলৈ লৈ যাবলৈ দুয়ো সক্ষম হৈছে। ৬ ফুট ২ ইঞ্চি ওখ, ৮৫ কোজি ওজনৰ ৰ'নাল্ডোৱে নিজৰ শাৰীৰিক শক্তি আৰু গতিৰে প্ৰতিপক্ষৰ ওচৰত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগতে নিখুঁত শ্বটেৰে গ'ল দি খেলপথাৰত বিস্তাৰ কৰে নিজৰ আধিপত্য। অন্যহাতে, মাত্র ৫ ফুট ৭ ইঞ্চি ওখ আৰু ৬৭ কেজি ওজনৰ মেছিৰ খেলপথাৰত নিয়ন্ত্রণ প্রতিষ্ঠাৰ কৌশল হ'ল খেলপথাৰৰ অৱস্থা আৰু প্ৰতিপক্ষৰ শক্তিক অধ্যয়ন কৰি ৰণ-কৌশল নিৰ্ণয় কৰিব পৰাৰ অনন্য ক্ষমতা। সাধাৰণতে পেছাদাৰী ফুটবল খেলুৱৈয়ে ৩৪ৰ পৰা ৩৬ বছৰ বয়সত অৱসৰ লয়, কিন্তু ৩৯ বছৰ বয়সত মেছি আৰু ৪২ বছৰ বয়সত ৰ'নাল্ডো দুৰন্ত তৰুণৰ দৰে অধিক উজলিহে উঠিছে। এইবাৰ ফিফা বিশ্বকাপত এমবাপে, ভিনিচিয়াছ জুনিয়ৰৰ দৰে খেলুৱৈৰ চমকে দর্শকক মন্ত্রমুগ্ধ কৰিছে ঠিকেই, কিন্তু মেচি, ৰ'নাল্ডোৰ বিস্ময়কৰ প্ৰদৰ্শনে ইয়াক কৰি তুলিছে অধিক আকর্ষণীয়।

Share This