আজিৰ সম্পাদকীয়, মেধাৱী মগজুৰ বিদেশ যাত্রা

dainik janambhumi February 09, 2026

ডিজিটেল ডেস্ক: অগণন ভাৰতীয় ছাত্রই যে বিদেশত শিক্ষাগ্রহণ কৰি আছে, এই কথাটো সম্প্রতি চৰ্চালৈ আহিছিল ৰাছিয়া ইউক্রেইনৰ যুদ্ধ, বাংলাদেশৰ শেহতীয়া সংঘর্ষ আদিৰ সময়তে। অৱশ্যে এই চর্চা নতুন নহয়, দীর্ঘদিনৰ পৰাই মেধাৱী ছাত্ৰ, বিজ্ঞানীৰ দল বিদেশলৈ অধ্যয়ন-গৱেষণাৰ বাবে যোৱা কথাটোৱে সচেতন নাগৰিকসকলৰ মাজত চর্চা লাভ কৰি আহিছিল। 

'ব্রেইন ড্রেইন' নামেৰে জনপ্রিয়ভাৱে অভিহিত এই সমস্যাটো লৈ ফলপ্রসূ সমাধানহে কিন্তু হোৱা দেখা নাযায়। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছত দাবী কৰা হৈছিল বিদেশী ছাত্ৰ-ছাত্ৰী যাতে আমাৰ দেশত পঢ়িবলৈ আহে, তাৰ বাবে আমাৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহক সাজু কৰি তোলা হ'ব। 'মেক ইন ইণ্ডিয়া', 'ষ্টাডি ইন ইণ্ডিয়া' ধৰণৰ শ্ল'গানেৰে চৰকাৰে প্ৰচাৰ চলালে পূর্ণগতিত। কিন্তু নিটি আয়োগৰ শেহতীয়া এক প্ৰতিবেদনত চৰকাৰৰ এই দাবী তথা প্ৰচাৰক লৈ প্রশ্ন উত্থাপন কৰাৰহে সুযোগ দিছে। 

'ইণ্টাৰনেশ্যনেলাইজেশ্যন অব্ হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া' শীর্ষক নিটি আয়োগৰ এক প্রতিবেদন অনুসৰি উচ্চ শিক্ষাৰ বাবে ২৫জন ভাৰতীয় শিক্ষার্থীয়ে দেশ এৰাৰ বিপৰীতে মাত্র এজনহে বিদেশী শিক্ষার্থী আহে আমাৰ দেশত পঢ়িবলৈ। শিক্ষার্থী যোৱা আৰু অহাৰ এই ভাৰসাম্যহীনতাই স্বাভাৱিকতেই চিন্তাত পেলাইছে বিশেষজ্ঞসকলক। প্রতিবেদন অনুসৰি, ২০২১-২২ বৰ্ষত ভাৰতবৰ্ষত পঢ়িবলৈ আহিছিল ৪৬ হাজাৰ ৮৭৮জন বিদেশী শিক্ষার্থী। কিন্তু এই একেই সময়ত বিদেশলৈ পঢ়িবলৈ যায় প্রায় ১১ লাখ ৫৯ হাজাৰ ভাৰতীয় শিক্ষার্থী। তাতোকৈ গুৰুত্বপূৰ্ণ পৰিসংখ্যাটো হ'ল ২০২৪ বর্ষত বিদেশলৈ পঢ়িবলৈ যোৱা শিক্ষাৰ্থীৰ সংখ্যা বাঢ়ি হ'লগৈ প্রায় ১৩ লাখ ৩৬ হাজাৰ। কিন্তু বিদেশৰ পৰা আমাৰ দেশলৈ অহা শিক্ষার্থী সংখ্যাত তেনে কোনো বিশেষ পৰিৱৰ্তন নহ'ল।

প্রসংগতে উল্লেখযোগ্য যে ভাৰত এতিয়া 'তৰুণৰ দেশ'। অৰ্থাৎ ভাৰতৰ জনসংখ্যাৰ গড় বয়স ২৮.৪ বছৰ। এই কথাই বিশ্বত ভাৰতবৰ্ষত বিপুল 'সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। কিন্তু এই দেশৰে মেধাৱী, দক্ষ, পার্গত এচাম যুৱক যদি দেশ এৰি বিদেশলৈ ঢাপলি মেলে, তেতিয়া স্বাভাৱিকতেই-ক্ষতি হ'ব দেশৰ। দীর্ঘম্যাদী আৰু এক শংকাও আছে। এনেদৰে বিদেশী শিক্ষা-গৱেষণাৰ প্রতি আগ্রহী হ'লে মূৰকত বিদেশী প্রযুক্তি নিৰ্ভৰশীলতাও বঢ়াৰ আশংকা আছে।

এই সংকটৰ নিৰাময় কৰিবলৈ দেশতে আন্তর্জাতিক মানৰ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব দিছে বিশেষজ্ঞসকলে। ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ আধাৰত ভাৰতবৰ্ষতো বিভিন্ন বিদেশী শিক্ষানুষ্ঠানৰ উপস্থিতি সহজ কৰি তুলিছে বা যৌথ ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ পাছতো গুৰুত্বপূৰ্ণ প্রশ্নটো হ'ল এইবোৰ চেষ্টাই বাঞ্ছিত লক্ষ্যত আমাক উপনীত কৰাব পাৰিছে জানো?

দেশৰ যুৱ প্ৰতিভাসমূহ বিদেশমুখী হোৱাৰ ক্ষেত্ৰত সততে উচ্চাৰিত অভিযোগটো হ'ল আমাৰ দেশৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ পৰিৱেশ উচ্চস্তৰীয় শিক্ষা, গৱেষণাৰ অনুকূল নহয়। নানান ধৰণৰ ৰঙাফিতাৰ মেৰপাক, গৱেষণাৰ বাবে প্রয়োজনীয় পুঁজিৰ নাটনি আদিৰ লগতে সস্তীয়া ৰাজনীতি আৰু অবন্ধুত্বসুলভ শৈক্ষিক পৰিৱেশৰ কথা এইক্ষেত্ৰত সততে উচ্চাৰিত হয়।

কেন্দ্ৰৰ নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্রেমৱৰ্কত থকা শ্রেষ্ঠ এশখন বিশ্ববিদ্যালয়ৰ লগতে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ শিক্ষা প্রতিষ্ঠানকেইখনক আন্তঃৰাষ্ট্ৰীয় মানলৈ উন্নীত কৰাত গুৰুত্ব দিছে নিটি আয়োগৰ প্ৰতিবেদনত। পাঠ্যক্ৰমৰ আধুনিকীকৰণ, আন্তঃগাঁথনিৰ উন্নতিৰ লগতে সামগ্রিকভাবে এই শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ উন্নীত কৰাটোও সমানেই জৰুৰী বিষয়। মেধা, দক্ষতাৰ মোল বুজিব লাগিব শিক্ষানুষ্ঠানসমূহৰ বৰমূৰীয়াসকলে। অন্যথা সেই আত্মাভিমানী মেধাৱী তৰুণে চিন্তা-গৱেষণাৰ স্বাধীনতা আৰু মসৃণ পৰিৱেশৰ আশাত বিদেশলৈ যাবলৈ উদ্‌গ্ৰীৱ হ'বই। চৰকাৰ আৰু শিক্ষাৰ বিশেষজ্ঞসকলে এই দিশটোও নজৰ দিলেহে 'ব্রেইন ড্রেইন' হ্রাস পোৱাৰ সম্ভাৱনা থাকিব।

Share This