ডিজিটেল ডেস্কঃ তীব্র বাক-বিতণ্ডাৰ অন্তত সংসদৰ উভয় সদনতে গৃহীত হৈ আইনত পৰিণত হোৱা সংশোধনী ৱাকফ বিধেয়কক লৈ ইতিমধ্যে দেশৰ একাংশ মুছলমান সংগঠন ক্ষুব্ধ হৈ পৰিছে। ঠায়ে ঠায়ে প্রতিবাদ-সমদল-আন্দোলন আদিও হৈছে। অসমতো আমছুৰ উদ্যোগত যোৱা কেইবাদিনো ধৰি প্ৰতিবাদী কার্যসূচী দেখা গৈছে। আমছুবে মুকলিকৈয়ে হুংকাৰ দিছে যে ৱাকফ আইনৰ সংশোধনী বাতিল নোহোৱা পর্যন্ত তেওঁলোকে প্রতিবাদ অব্যাহত ৰাখিব।
প্রয়োজনত জিলাই জিলাই স্থবিৰ কৰি দিব প্রশাসন ব্যৱস্থা। এনে আন্দোলন-হুংকাৰৰ মাজত স্বাভাৱিকতে জনগণৰ মনত প্রশ্ন উঠিছে যে এই রাকফনো কি? ৱাকফ আইনৰ সংশোধনীয়েই বা কি? আৰু পূৰ্বৰ ৱাকফ আইনৰ কিয় সংশোধনী অনা হ'ল? এই সংশোধনীৰ ফলত কি লাভ হ'ব, লোকচান কি হ'ব? সহজভাৱে ক'বলৈ গ'লে ৱাকফ হৈছে এক ঐশ্লামিক আইনী ধাৰণা, যাৰ অধীনত এজন ব্যক্তিয়ে নিজৰ সম্পত্তি আল্লাহৰ নামত দান কৰিব পাৰে। এই আল্লাহৰ নামত দান কৰা সম্পত্তি সামাজিক কামত তথা মুছলমান ৰাইজৰ কল্যাণৰ অর্থে ব্যৱহাৰ কৰিব লাগিব। 'ৱাকফ' শব্দটো আৰবী শব্দ। ইয়াৰ অৰ্থ সংৰক্ষণ বা ধৰি ৰখা। সেয়ে যিবোৰ সম্পত্তি কোনো ব্যক্তি বা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নহয়, অথচ মুছলমান ৰাইজৰ, সেইবোৰকে ৱাকফ সম্পত্তি বুলি ধৰা হয়।
মুছলমানসকলৰ মছজিদ, মাদ্রাছা, ঈদগাহ, শ্মশান, প্রদর্শনী স্থান, সমাধি আদিও ৱাকফ সম্পত্তিৰ ভিতৰতে পৰে। এই ৱাকফ সম্পত্তিবোৰ পৰিচালনাৰ বাবেই গঠন হৈছিল 'ৱাকফ ব'ৰ্ড'। ১৯৫৪ চনত জৱাহৰলাল নেহৰুৰ চৰকাৰে প্ৰথম সংসদত ৱাকফ আইন গৃহীত কৰিছিল আৰু ৱাকফ ব'ৰ্ডক কেন্দ্ৰীকৰণ কৰি ক্ষমতা অর্পণ কৰিছিল। সেই অনুসৰি কেন্দ্ৰীয় ৱাকফ ব'র্ডে সমগ্র ৱাকফ সম্পত্তি পৰিচালনা কৰিব পাৰিব। প্রয়োজনত ইবোৰক ভাৰাতো দিব পাৰিব আৰু তাৰ পৰা উপার্জিত ধন জনকল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। বিশেষকৈ দুখীয়া-দৰিদ্ৰ মুছলমান ৰাইজক সকলোপ্ৰকাৰে সহায়ৰ উদ্দেশ্যেই এই নীতি নির্ধাৰণ কৰা হৈছিল। আন কথাত বাকফ সম্পত্তি আৰু ধর্মীয় অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্যেই প্রণয়ন হৈছিল ৱাকফ আইন। এই আইনৰ ৪০নং ধাৰা অনুসৰি ৱাকফ ব'র্ডে যদি ভাবে কোনো এডোখৰ ভূমি মুছলমানৰ বুলি, তেতিয়া সেয়া ৱাকফৰ সম্পত্তি হৈ পৰে। ইয়াৰ বাবে ৱাকফক কোনো প্ৰমাণৰ প্রয়োজন নাই অথবা কোনেও ৱাকফক প্ৰশ্নৰ অৱতাৰণা কৰিব নোৱাৰে। সেইদৰে চৰকাৰ বা আন কাৰোৰে হস্তক্ষেপো নাথাকে। অৱশ্যে, এইক্ষেত্ৰত ৱাকফ ন্যায়াধিকৰণত আৱেদন কৰিব পৰাৰ ব্যৱস্থা এটা ৰখা হৈছিল যদিও তাত ৱাকফ ব'র্ডকহে সম্পূর্ণ স্বাধীনতা দিয়া হৈছিল। সি যি নহওক, এই বাকফ ব'ৰ্ডৰ হাতত এতিয়ালৈকে বৃহৎ পৰিমাণৰ সম্পত্তি জমা আছে। তথ্য মতে, ২০০৯ চন পর্যন্ত ৱাকফৰ পঞ্জীয়নভুক্ত সম্পত্তি আছিল ৪ লাখ একৰ ভূমি আৰু ৩ লাখ কোটি টকাৰ সম্পত্তি। কিন্তু এই সম্পত্তিৰ পৰিমাণ চলিত বৰ্ষৰ ১৪ মাৰ্চলৈ মুঠ ৮.৭২ লাখ কোটি টকালৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত ভূমিৰ পৰিমাণেই হ'ল প্রায় ৩৮ লাখ একৰৰ। এই সকলোবোৰক সামৰি ৱাকফ ব'ৰ্ড দেশৰ ভিতৰতে বৃহত্তম ভূমিৰ মালিকত পৰিণত হয়। আশ্চর্যজনক হ'লেও এই কথা সত্য যে দেশৰ সশস্ত্র বাহিনী, ভাৰতীয় ৰে'লৱেৰ পাছতে তৃতীয় স্থানত আছে বাকফ ব'ৰ্ডৰ সম্পত্তি। বাকফৰ সম্পত্তিৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ।
ৰাজ্যখনত আছে ১.৫ লাখ কোটি টকাৰ সম্পত্তি। আনহাতে, ৭৭হাজাৰ কোটি টকাৰ সম্পত্তিৰে 'বাকফ ৰাজধানী' হিচাপে পৰিগণিত হায়দৰাবাদ চহৰ। অৱশ্যে দেশৰ ভিতৰতে আটাইতকৈ ধনী ৱাকফ ব'ৰ্ডখন হ'ল তেলেংগানা। ইয়াত ব'ৰ্ডৰ অধীনৰ সম্পত্তিৰ পৰা বার্ষিক আয় হয় প্রায় ৫০০ কোটি টকা। অন্ধ্র প্রদেশত আকৌ ৮৫ শতাংশ ৱাকফ ভূমি গ্রামাঞ্চলৰ। সেইদৰে কৰ্ণাটকত আছে প্রায় ৩০ হাজাৰ কোটি টকাৰ সম্পত্তি। ভাৰতবৰ্ষত ৩০খনৰো অধিক ৱাকফ ব'র্ড আছে। এই ৱাকফ সম্পত্তিৰ ভিতৰ আকবৰ, শাহজাহান, ঔৰংজেৱকে ধৰি মোগল শাসকসকলৰ সম্পত্তিও আছে। আছে জাহানাৰা বেগমৰ দৰে ব্যক্তিৰ। প্রাক্তন উপ-ৰাষ্ট্ৰপতি আব্দুল হামিদ আনছাৰি, উদ্যোগপতি আজিম প্রেমজী আদিয়েও তেওঁলোকৰ সম্পত্তি ৱাকফক দান কৰি গৈছে। ৰাজস্থানৰ আজমীৰ শ্বৰীফৰে বাৰ্ষিক অনুদান প্ৰায় শ কোটি টকাৰ। ইমানখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু শেহতীয়াকৈ ৱাকফ ব'ৰ্ডৰ কেলেংকাৰিৰ অভিযোগ উঠিছিল দেশজুৰি। প্রশ্ন উঠিছিল- ইমান বৃহৎ পৰিমাণৰ সম্পত্তি আৰু উপাৰ্জনৰ পাছতো দেশৰ অধিকাংশ মুছলমান লোকৰ জীৱন ধাৰণৰ মান কিয় ইমান নিম্ন? বছৰি উপাৰ্জন হোৱা হাজাৰ হাজাৰ কোটি টকা ক'লৈ গৈ আছে? ঈদৰ সময়ত কেইকেজিমান মাংস, হজযাত্ৰাৰ সময়ত অলপ-অচৰপ সাহায্যতেই সীমাবদ্ধ নেকি ৱাকফ ব'ৰ্ডৰ জনকল্যাণ? এই প্রশ্নকে উত্থাপন কৰিছিল সাধাৰণ, নিপীড়িত-দৰিদ্ৰ মুছলমান লোক, ছিয়া, বোহৰা আদিয়ে। তেওঁলোকৰ অভিযোগ মতে, একাংশ ক্ষমতালোভী লোকে ৱাকফৰ সম্পত্তি নিজৰ সুবিধার্থে ব্যৱহাৰ কৰি আছে। এনে অভিযোগৰ পাছতে কেন্দ্ৰৰ মোদী চৰকাৰে সংসদত ৱাকফ আইনৰ সংশোধনী প্রস্তাৱ দাখিল কৰে। ২০২৪ চনৰ ৮ আগষ্টত লোক সভাত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ আৰু মুছলিম ৱাকফ (বাতিল) বিধেয়ক-২০২৪ দুখন বিধেয়ক উত্থাপন কৰা হয়। পৰৱৰ্তী সময়ত অর্থাৎ ২০২৫ চনৰ ৩ এপ্ৰিলৰ মাজনিশা তীব্র যুক্তি-তর্কৰ মাজত লোক সভাত এই বিধেয়ক গৃহীত হোৱাৰ পাছত ৪ এপ্ৰিলৰ মাজনিশা ৰাজ্য সভাতো ১২৮টা ভোেট লাভেৰে (য'ত ৯৫জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে) অনুমোদিত হয় আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লাভেৰে ই আইনত পৰিণত হয়। এই সংশোধিত আইনৰ দ্বাৰা পূৰ্বৰ আইনৰ বহুকেইটা ধাৰাৰ সংশোধন হয়। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ৪০নং ধাৰাটো বিলুপ্ত কৰা হয়। যাৰ ফলত এতিয়াৰে পৰা ৱাকফৰ সম্পত্তি সন্দর্ভত যিকোনো লোকেই প্রশ্ন উত্থাপন কৰিব পাৰিব। চাবলৈ গ'লে ইয়াত আপত্তি কৰিবলগীয়া বিশেষ একো নাই। ৱাকফ ব'ৰ্ডৰ ধনৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত, দুর্নীতি ৰোধৰ ক্ষেত্ৰত ইয়াক এক যথোচিত পদক্ষেপ বুলিয়েই অভিহিত কৰিব পাৰি। তাৰ পাছতো কিন্তু একাংশ মুছলমানে ইয়াক অসাংবিধানিক আৰু মুছলমান-বিৰোধী আখ্যাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। বিশেষকৈ অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল ব'র্ড, জমিয়ত উলামা-ই-হিন্দৰ দৰে। সংগঠনসমূহে জে পি চিৰ জৰিয়তে চৰকাৰলৈ আগবঢ়োৱা মতামত আৰু পৰামর্শাৱলী সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা বুলি তেওঁলোক ক্ষুব্ধ হৈ পৰিছে।
তেওঁলোকৰ মতে কেন্দ্ৰই বিৰোধী সাংসদৰ যুক্তি আৰু প্ৰতিবাদকো অৱজ্ঞা কৰিলে। তেওঁলোকে উত্থাপন আটাইতকৈ স্পৰ্শকাতৰ অভিযোগটো হ'ল- 'সংশোধিত আইনখনত কেতবোৰ দফাৰ দ্বাৰা ৱাকফ ব'ৰ্ডৰ কর্তৃত্ব লাঘৱ কৰি পেলোৱা হৈছে। যাৰ ফলত ভৱিষ্যতে ৱাকফ ব'ৰ্ড কেৱল এটা বগা হাতীতহে পৰিণত হ'বগৈ। ইয়াৰ লগে লগে ব'ৰ্ডৰ সকলো ক্ষমতা হাতলৈ নি ৱাকফ সম্পত্তি চৰকাৰে দখল কৰিব।' মুছলমান সংগঠনসমূহৰ এনে অভিযোগৰ সত্যতা কিমান তথা তেওঁলোকৰ আন্দোলন-প্ৰতিবাদৰ যথার্থতা কিমান সেয়া প্রকাশ পাব ৱাকফ আইন ৰূপায়ণত চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ তথা কাম-কাজতহে।