আজিৰ সম্পাদকীয়, টবাক' ফ্রী জেনেৰেশ্যন

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক: ধূমপান প্ৰতিৰোধৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ ল'বলৈ আগবাঢ়িছে ব্রিটেইন। অলপতে ইউ কেৰ পাৰ্লিয়ামেণ্টৰ উভয় কক্ষত অনুমোদন জনায় টবাক' এণ্ড ভেপছ বিল। ৰজাৰ সন্মতি পালেই দেশজুৰি প্ৰবৰ্তন হ'ব এই নতুন আইন। এই আইন অনুসৰি, ২০০৮ চনৰ পাছত জন্মগ্রহণ কৰা অৰ্থাৎ সদ্য ১৮ বছৰ পাৰ হোৱা কাকোৱেই ব্রিটেইনৰ ক'তো চিগাৰেট বা অন্যান্য ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰা নহ'ব বা তেওঁলোকেও কিনিব নোৱাৰিব। 

বিশ্বৰ অধিকাংশ অঞ্চলতেই ১৮ বছৰত ভৰি দিয়াটো য'ত 'ডাঙৰৰ পৃথিৱীত' খোজ দিয়া বুলি বিবেচনা কৰা হয়, তেনে প্রেক্ষাপটত ব্রিটেইনৰ এই উদ্যোগ এটা ঐতিহাসিক সিদ্ধান্ত বুলি অনেকেই গণ্য কৰিছে। অৱশ্যে এচামে এয়া ব্যক্তি স্বাধীনতাৰ পৰিপন্থী সিদ্ধান্ত বুলি ইয়াৰ বিৰোধিতাও কৰিছে। উল্লিখিত আইনখনত কোৱা হৈছে ১ জানুৱাৰী, ২০০৯ বা তাৰ পাছত যিসকলৰ জন্ম তেওঁলোকক ইউ কেৰ ক'তো, কেতিয়াও ধঁপাতজাতীয় দ্রব্য কিনাৰ অনুমতি নাথাকিব। 

বি বি চিৰ এক প্রতিবেদনত কোৱা হৈছে এই আইন কার্যকৰী হ'লে কেন্সাৰ, হাওঁফাওঁ, হৃদৰোগকে ধৰি অনেক ৰোগৰ পৰা কিছু পৰিমাণে হ'লেও ৰক্ষা পোৱা যাব। একাংশ বিশেষজ্ঞৰ মত, একেবাৰতে সমগ্র দেশতে ধঁপাত নিষিদ্ধ কৰাতকৈ প্ৰতি বছৰে ধীৰে ধীৰে ধঁপাত সেৱনৰ আইনী বয়স বঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে ব্রিটেইন চৰকাৰে। এনেদৰে সময় আগবঢ়াৰ লগে লগে ধঁপাতৰ ব্যৱহাৰ কমাই কমাই শূন্যলৈ নমাই আনিব পৰা যাব বুলি আশা কৰিছে তেওঁলোকে। আৰু এনেকৈয়ে হয়তো সফল হ'ব 'টবাক' ফ্রী জেনেৰেশ্যন' গঢ়াৰ সপোন।

এই প্ৰচেষ্টাৰ আৰম্ভণি হৈছিল ২০২৪ চনৰ ৫ নৱেম্বৰত। সেইদিনা উত্থাপন হোৱা বিলখন হাউছ অব্ কমনছৰ পাছত হাউছ অব লর্ডছতো অনুমোদন লাভকৰে। অনুমান কৰা হৈছে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা হয়তো ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আইনীভাৱে প্ৰৱৰ্তন হ'ব।
এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ভাৰতবৰ্ষতো ধূমপান আৰু ধঁপাত সেবন এক গুৰুতৰ জনস্বাস্থ্য সমস্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰত হৈছে ধঁপাতৰ দ্বিতীয় সর্ববৃহৎ উপভোক্তা আৰু উৎপাদক। এই ধূমপানৰ ফলত কিন্তু দেশখনৰ জনসাধাৰণৰ কেৱল স্বাস্থ্যজনিত সমস্যাই নহয়, সামগ্রিকভাৱে বহু সামাজিক আৰু অর্থনৈতিক সমস্যাৰো উদ্ভৱ হয়। 

ধূমপানৰ ফলত দেশত প্রতি বছৰে প্রায় ১৩.৫ লাখ লোকৰ মৃত্যু হয়। ই কেন্সাৰ, হাওঁফাওঁৰ ৰোগ, হৃদৰোগ আৰু ষ্ট্ৰ'কৰ দৰে গুৰুতৰ ৰোগৰো প্ৰধান কাৰণ। এই ৰোগসমূহৰ চিকিৎসাৰ নামতো ব্যয় হয় কোটি কোটি টকা। ২০১৭-১৮ৰ এক প্রতিবেদন মতেই সেই বর্ষত ধঁপাতজনিত ৰোগৰ চিকিৎসাৰ নামত মুঠ অর্থনৈতিক ক্ষতি আছিল প্রায় ১,৭৭,৩৪১ কোটি টকা। মন কৰিব লগীয়া গ্ল'বেল এডাল্ট টবাক' ছাৰ্ভেৰ এক প্রতিবেদন অনুসৰি, ভাৰতৰ প্ৰায় ২৯% প্রাপ্তবয়স্কই ধঁপাত ব্যৱহাৰ কৰে।

ধূমপান আৰু স্বাস্থ্যৰ সম্পৰ্কৰ কথা ইয়াত বহলাই আলোচনা কৰা প্ৰয়োজন নাই। আজিৰ অধিকাংশ শিক্ষিত মানুহেই এই কথা জানে ধূমপানে কিদৰে স্বাস্থ্যৰ ক্ষতি কৰে। এটা মাত্ৰ সৰু পৰিসংখ্যা এইখিনিতে উল্লেখ কৰি যাব পাৰি। ধূমপান নকৰা লোকৰ মাজত হাওঁফাওঁ, কৰ্কট ৰোগৰ হাৰ প্ৰতি লাখত ৩.৪ হোৱাৰ বিপৰীতে দিনে পাঁচটা চিগাৰেট সেৱন কৰাসকলৰ মাজত ই ৫১.৪ আৰু দিনে দুই পেকেটকৈ চিগাৰেট সেৱন কৰাসকলৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা প্রতি লাখত ২১৭.৩জন। এইবোৰ তথ্যই দৰাচলতে দিয়ে ধূমপানৰ ভয়াৱহতাৰ উমান।

গ্ল'বেল এডাল্ট টবাক' ছাৰ্ভেৰ এক সমীক্ষা অনুসৰি, ভাৰতবৰ্ষৰ গাঁও অঞ্চলত বসবাস কৰা প্ৰতি তৃতীয়জন ব্যক্তি আৰু নগৰ অঞ্চলত বসবাস কৰা প্ৰতি পঞ্চমজন ব্যক্তি কিবা নহয় কিবা প্ৰকাৰে ধঁপাত সেৱন কৰে। সমীক্ষাৰ পৰা আৰু জনা গৈছে যে ভাৰতবৰ্ষৰ ১৫ বছৰ বা ততোধিক বয়সৰ ২৮.৬ শতাংশ প্রাপ্তবয়স্ক লোক কিবা নহয় কিবা প্ৰকাৰে ধঁপাত সেৱন কৰে। ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহৃত ধঁপাতবিধ হ'ল খৈনী। দ্বিতীয়বিধ আটাইতকৈ অধিক সেৱন কৰা ধঁপাত হ'ল বিড়ি। সমীক্ষা মতে, ভাৰতবৰ্ষত দৈনিক চিগাৰেট সেৱনকাৰী লোক এজনে গড় হিচাপত এদিনত ৬.১টা চিগাৰেট আৰু বিড়ি সেৱনকাৰী এজনে গড় হিচাপত এদিনত ১১.৫টা বিড়ি সেৱন কৰে। চিগাৰেট সেৱনকাৰীসকলৰ ভিতৰত এক চতুর্থাংশই দৈনিক ১০টাতকৈ অধিক চিগাৰেট সেৱন কৰে।

এনেবোৰ পৰিসংখ্যাই বুজাই দিয়ে দেশত ধঁপাত সেৱনকাৰীৰ সংখ্যা কিমান বৃহৎ। ধঁপাত সেৱনকাৰীৰ সংখ্যা বৃহৎ হোৱাৰ লগে লগে ইয়াৰ স্বাস্থ্য আৰু অর্থনৈতিক সংকট-শংকাৰ পৰিসৰো হৈ পৰিছে বৃহৎ। এনে পৰিপ্ৰেক্ষিতত ব্রিটেইনে গ্রহণ কৰিব খোজা পদক্ষেপ হ'ব পাৰে সকলোৰে বাবে এক দৃষ্টান্ত। আমাৰ দেশৰ চৰকাৰেও কথাবোৰ এই দৃষ্টিকোণৰ পৰা ভাবিব পাৰে। এনেকৈয়ে হয়তো এদিন দেশে লাভ কৰিব টবাক' ফ্রী জেনেৰেশ্যন।

Share This