ডিজিটেল ডেস্ক : নির্বাচনটোত ৰাজ্যবাসীৰ ব্যাপক হাৰত ভোটদানে এটা কথা স্পষ্ট কৰি দিছিল যে এইবাৰ বিহাৰত জনসাধাৰণে এটা পৰিৱৰ্তন বিচাৰিছিল। কিন্তু 'এক্সিট প'ল'বিলাকত পুনৰ এন ডি এই শাসনাধিষ্ঠিত হ'ব বুলি পূর্বানুমান কৰা হৈছিল যদিও এনেকুৱা এক সাংঘাতিক ধৰণৰ জনাদেশ আহিব বুলি কোনেও কল্পনা কৰা নাছিল। ২৪৩জনীয়া বিধানসভাত বিজেপি-জে ডি (ইউ)-লোক জনশক্তিৰে গঠিত নেশ্যনেল ডেম'ক্রেটিক এলায়েন্সে দুই শতাধিক আসন লাভ কৰা এই নির্বাচনী ফল ৰাজ্যখনৰ জনসাধাৰণৰ সু-চিন্তিত ভোটদানৰ পৰিণতি। ইয়াত দল কিম্বা নেতাতকৈ ৰাজ্যবাসীৰ পৰিৱৰ্তনৰ চিন্তাইহে যে মুখ্য ভূমিকা লৈছিল সেই কথা সমগ্ৰ নিৰ্বাচনটোৰ পৰিৱেশলৈ লক্ষ্য কৰিলেই ধাৰণা কৰিব পৰা যায়। ১৯৫১ চনৰ পৰা হৈ অহা নির্বাচনবোৰৰ ইতিহাসলৈ চালে দেখা যায় যে বিহাৰত নিৰ্বাচন মানেই গুণ্ডাগিৰি। সমষ্টিবিলাকত যিজন ৰাজনীতিক ধনে-বলে আটাইতকৈ প্রতাপী তেওঁৰ মতেই হ'ব লাগিব ভোটদান। লাঠীধাৰী গুণ্ডাই নিয়ন্ত্ৰণ কৰিছিল বহু ভোট কেন্দ্র। কোনোবাই প্রতিবাদ কৰিব খুজিলে তেনে লোকৰ মুখ বন্ধ কৰি দিয়া হৈছিল। কাৰোবাৰ ভোট কোনোবাই দিছিল। আচলতে 'নেতা'ৰ ইচ্ছাই আছিল 'গণতন্ত্র'! যোৱা ৩৫ বছৰত জাত-পাতৰ ৰাজনীতিয়ে মুখ্য ভূমিকা লৈছিল প্রার্থীৰ জিকা-হৰাত। ফলত ক'ত কোনে জিকিব পাৰে তাৰ ধাৰণা এটা আগতীয়াকৈ ল'ব পৰা গৈছিল। কিন্তু এইবাৰ নিৰ্বাচনটোত সেই একেকেইটা দলেই প্রতিদ্বন্দ্বিতা কৰিলেও 'নেতা'ৰ ইচ্ছাত নির্বাচনটো নহ'ল। ফল নির্ণয় হ'ল জনতাৰ ইচ্ছাত। এইবাৰৰ বিহাৰ বিধানসভাৰ নির্বাচনটোৱে এই বার্তাকে দেশবাসীক দিলে। নির্বাচনটোৰ পৰিৱেশলৈ চালেই কথাবোৰ বুজিব পৰা যায়।
ৰাজ্যখনত দুটা পর্যায়ত হোৱা নিৰ্বাচনত প্রথম পর্যায়ত ৬৫.০৮% আৰু দ্বিতীয় পর্যায়ত ৬৭.১৪% ভোটদান হয়। এয়া হৈছে ৰাজ্যখনত সর্বকালৰ সৰ্বাধিক ভোটদান। তাতোকৈ ডাঙৰ কথা যিখন বিহাৰত নাৰীৰ স্বাধীনতাক গুৰুত্ব দিয়া নহয়, তাত এইবাৰ মহিলাই ভোটদানৰ অভিলেখ গঢ়ি পুৰুষক চেৰ পেলালে। মহিলাই ৭১.৬% হাৰত ভোটদান কৰাৰ বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ ৬২.৮%। ইয়াৰ পৰাই গম পোৱা যায় যে ৰাজ্যখনৰ নিৰ্বাচনত পৰিৱৰ্তনৰ ধ্বজা উৰুৱাবলৈ এইবাৰ নাৰী শক্তি ওলাই আহিছিল। তেওঁলোকেই প্রকৃতার্থত ৰাজ্যখনক দিলে এনেকুৱা এটা অভাৱনীয় নির্বাচনী ফল। নির্বাচনটোৱে দিয়া আটাইতকৈ ডাঙৰ ফলটো হ'ল তাত ৩৫ বছৰীয়া ৰাজনৈতিক পৰম্পৰাৰ প্ৰায় অৱসান ঘটাটো। যোৱা সময়ছোৱাত ৰাজ্যখনত নিয়ন্ত্ৰণ আছিল হয় লালুপ্রসাদ যাদৱৰ, নহয় নীতিশ কুমাৰৰ। এই দুই শক্তিৰ মাজৰ পৰা নিজৰ উত্থান ঘটাবলৈ বিজেপিয়ে যোৱা এটা দশকত যথেষ্ট পৰিশ্ৰম কৰিব লগা হৈছিল। এইবাৰৰ নিৰ্বাচনত লালুপ্রসাদ- তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ শোচনীয় পৰাজয়তো ঘটিলেই, নীতিশ কুমাৰৰো 'কিং' হৈ থাকিব পৰাৰ ৰাজনৈতিক শক্তি নেহোৱা হৈ থাকিল। এইবাৰ নীতিশ কুমাৰৰ জে ডি (ইউ) দলৰ প্ৰাৰ্থীসকলৰ বিজয় সম্ভৱ হ'ল একমাত্র বিজেপিৰ বোকোচাত উঠি নির্বাচনী যুঁজত অৱতীর্ণ হোৱা বাবেহে। গতিকে, একক বৃহৎ দল ৰূপে উজলি উঠা বিজেপিয়েই নির্ণয় কৰিব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ'ব কোন! এই স্তম্ভতে আগতে লিখা হৈছিল প্রশান্ত কিশোৰৰ 'জন সুৰাজ পার্টি'য়ে নির্বাচনটোত দিয়া 'বদলাও' অর্থাৎ পৰিৱৰ্তনৰ আহ্বানৰ কথা। 'জন সুৰাজ পার্টি'ৰ 'বদলাও' যাত্রাত জনতাৰ অংশগ্রহণ আছিল লক্ষণীয়ভাৱে ব্যাপক। কিন্তু জনতাৰ এই সঁহাৰি ভোটলৈ ৰূপান্তৰিত নহ'ল। ফলত নির্বাচনী ৰণ-নীতি প্রস্তুতকর্তা হিচাপে সমগ্র দেশতে নাম থকা প্ৰশান্ত কিশোৰৰ দলটোৱে এখনো আসন লাভ নকৰিলে। কিন্তু বিহাৰবাসীয়ে 'বদলাও' আনিলে। সেই 'বদলাও' আছিল বিজেপিৰ প্ৰতি আগবঢ়োৱা অভূতপূর্ব সমর্থনৰ জৰিয়তে। প্রশান্ত কিশোৰে আৰ জে ডিৰ 'জংঘলৰাজ' আৰু নীতিশ কুমাৰৰ 'অপশাসন'ৰ ইতি পেলাবলৈ বিহাৰবাসীক জনোৱা আহ্বান পৃথক এটা ৰূপত ৰাজ্যখনত বাস্তৱ হ'ল। আগতেই উল্লেখ কৰা হৈছে যে মহিলাসকলে এই 'বদলাও' বা পৰিৱৰ্তন অনাত আগভাগ ল'লে। মহিলাৰ লগতে ৪০ বছৰৰ তলৰ তৰুণ প্ৰজন্মৰ ভোটাৰসকলেও পালন কৰিলে গুৰুত্বপূৰ্ণ ভূমিকা; যাৰ ফলত ৰাজ্যখনৰ পৰম্পৰাগত জাত-পাতৰ ৰাজনীতিৰ পৰা ঊর্ধ্বত উঠি এইবাৰ তেওঁলোকে ৰাজনীতিৰ এটা নতুন ধাৰা ৰচনা কৰিলে। ৰাজ্যখনৰ এক কোটি মহিলাক স্ব-নিৰ্ভৰশীল হ'বলৈ চৰকাৰে ১০ হাজাৰকৈ টকা আগবঢ়োৱা অধ্যায়টোৱে মহিলাসকলক এন ডি এৰ প্ৰতি আগ্ৰহী কৰি তোলা বুলি বহুতেই কৈছে; কিন্তু ইয়েই একমাত্ৰ কাৰণ বুলি ক'ব নোৱাৰি এই কাৰণেই যে মানুহৰ মনলৈ পৰিৱৰ্তনৰ চেতনা কেৱল টকাৰ বাবে নাহে।
তেজস্বী যাদৱেও এইবাৰ বিহাৰৰ প্ৰতিটো পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্রুতি দিছিল; সেই প্রতিশ্রুতিৰ প্ৰতি জনসাধাৰণে সঁহাৰি দিলে জানো? যি নহওক, বিহাৰৰ নিৰ্বাচনটোৱে এটা কথা স্পষ্ট কৰি দিলে যে কেৱল বিহাৰতে নহয়, দেশত নিৰ্বাচনৰ ৰূপ সলনি হৈছে। বিহাৰত নির্বাচন আয়োগে বিশেষ ব্যাপক সংশোধনী ঘটাই ১৯ লাখ ভুৱা ভোটাৰৰ নাম কৰ্তন কৰি দিলে। বিৰোধীয়ে প্রতিবাদ কৰিছিল, ইয়াক এটা নির্বাচনী 'ইছ্যু' কৰি জনতাৰ সঁহাৰি লাভৰ চেষ্টা কৰিছিল, কিন্তু জনতাই বিৰোধীক সঁহাৰি নিদিলে। অন্য ৰাজ্যবিলাকতো ভোটাৰ তালিকা সংস্কাৰ কৰা আৰম্ভ হৈছে। গতিকে, অন্য ৰাজ্যতো একে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হ'ব পাৰে এন ডি এৰ বিৰোধী দলবোৰ। তদুপৰি, সাংগঠনিকভাৱে নির্বাচনী ৰণ-কৌশলৰ দিশৰ পৰা বিজেপি অন্য দলবিলাকতকৈ বহু আগবাঢ়ি আছে। গতিকে, বিজেপি নেতৃত্বাধীন মৰ্চাক এতিয়া সাধাৰণ আৰু পৰম্পৰাগত ৰণ-কৌশলেৰে পৰাজিত কৰাটো সহজসাধ্য হৈ থকা নাই। বিহাৰৰ পৰা অহা এই বার্তাক অনুধাৱন কৰিবলৈ তথা সেই অনুসৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সক্ষম হ'ব নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব বিৰোধীৰ দলবোৰৰ ভৱিষ্যৎ।