দুমুখীয়া নীতি

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহাৰ পাছত পৰাই ড'নাল্ড ট্রাম্পৰ মুখত শুনা গৈছে শান্তিৰ আহ্বান। ট্রাম্পে দাবী কৰি আহিছে যে ভাৰত-পাকিস্তান, ইজৰাইল-হামাছ, থাইলেণ্ড- কম্বোডিয়াৰ মাজৰ যুদ্ধবোৰ বন্ধ হৈছে একমাত্র তেওঁৰ বাবে। ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধৰ কৃতিত্বৰ দাবী কিমানবাৰ যে ট্রাম্পে কৰিছে তাৰ হিচাপ ৰখাই কঠিন হৈছে। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ বন্ধ নোহোৱা বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাবাৰো ৰাজহুৱাকৈ অসন্তুষ্টি ব্যক্ত কৰা দেখা গৈছে। বিশ্বত শান্তি প্রতিষ্ঠাৰ এনেবোৰ পদক্ষেপৰ বাবে ট্রাম্পক বিশ্ব শান্তিৰ নোবেল বঁটা দিব লাগে বুলিও কেইবাখনো ৰাষ্ট্ৰৰ পৰা আনুষ্ঠানিক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। এনেদৰে এজন 'বিশ্ব শান্তিৰ নায়ক' হৈ পৰা অৱস্থাতে ট্রাম্পৰ নিৰ্দেশত হঠাৎ আমেৰিকাৰ সেনাই নিশাৰ অন্ধকাৰত আক্ৰমণ কৰিলে তেওঁলোকৰ প্রতিবেশী ৰাষ্ট্র ভেনিজুৱেলা। শুকুৰবাৰে শেষ নিশা হোৱা অগণন বোমাৰ ভয়ংকৰ গৰ্জন আৰু হেলিকপ্টাৰৰ শব্দতহে দেশখনৰ জনতাই গম পালে যে তেওঁলোকৰ দেশত আক্রমণ চলোৱা হৈছে। 

কেৱল আক্রমণ চলোৱাই নহয় ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাড়ুৰো আৰু তেওঁৰ পত্নীক মার্কিন সেনাই শোৱনী কোঠাৰ পৰা চোঁচৰাই উলিয়াই আনি, বন্দী কৰি নিশাৰ ভিতৰতে লৈ যায় আমেৰিকালৈ। আক্ৰমণৰ পাছত ট্রাম্পে কৈছে যে এখন নতুন চৰকাৰ প্ৰতিষ্ঠা নোহোৱালৈকে আমেৰিকাই দেশখন শাসন কৰিব। এই সমগ্র ঘটনাক্ৰমৰ বাতৰিবোৰ পঢ়া আৰু শুনাৰ পাছত অৱধাৰিতভাৱে মানুহৰ মনত প্রতিক্ৰিয়াৰ সৃষ্টি হ'ব, অৱধাৰিতভাৱে প্রশ্ন উঠিব অন্য এখন সার্বভৌম ৰাষ্ট্ৰত এনেদৰে অপ্ৰৰোচিত আক্রমণ চলাই দেশখনৰ নিয়ন্ত্রণ আক্রমণকাৰীয়ে লোৱা উচিতনে? অন্য কথা বাদেই খোদ আমেৰিকাৰ অন্যতম প্রধান সংবাদপত্র 'দ্য নিউয়র্ক টাইমছ'এ ট্রাম্পৰ এই আক্রমণক অবৈধ আৰু মুখার্মি (illegal and unwise) আখ্যা দিছে। বাছচালকৰ পৰা এগৰাকী সমাজবাদী ৰাজনীতিকৰ ৰূপত ভেনিজুৱেলাৰ ৰাজনীতিত উত্থান ঘটা নিকোলাছ মাড়ুৰো এজন একনায়কত্ববাদী নেতা বুলি পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰবোৰে অভিযোগ তুলি আহিছিল। ৰাষ্ট্ৰখনৰ ভিতৰতো হৈছিল প্রতিবাদ। এসময়ত দক্ষিণ আমেৰিকাৰ আটাইতকৈ ধনী ৰাষ্ট্ৰখনৰ অৰ্থনীতিৰ যোৱা এটা দশকত ৮০ শতাংশ পতন হোৱাক লৈ সৃষ্টি হৈছিল প্রচণ্ড ক্ষোভ-প্রতিবাদৰো। তদুপৰি, দেশখনৰ বিৰুদ্ধে ক্রমবর্ধমান ড্ৰাগছৰ বেহা আৰু 'নাক' টেৰৰিজম'ৰ অভিযোগ তুলি আহিছে পশ্চিমীয়া দেশবোৰে। এইবিলাক বিষয় কেৱল সেই দেশৰ বাবেই নহয়, বিশ্বৰ সুস্থিৰতা আৰু গণতান্ত্রিক ব্যৱস্থাটোৰ বাবে ভাবুকি বুলি গণ্য কৰিব পাৰি ঠিকেই, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে দেশখনত কোনোবাই অপ্ৰৰোচিত আক্রমণ চলাব। ৰাষ্ট্ৰপতি ট্রাম্পে যি ধৰণে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক মার্কিন সেনাৰ জৰিয়তে অপহৰণ কৰাই আনি আমেৰিকাত বন্দী কৰিছেহি সেয়া এক বেয়া দৃষ্টান্ত হৈ পৰিল। যিকোনো দেশৰ সার্বভৌমত্বৰ প্ৰতি ই এক ভাবুকি। নিজৰ বিশাল সামৰিক শক্তিৰ দম্ভালি দেখুৱাই ক্ষুদ্র, দুর্বল দেশখনক আক্ৰমণ কৰা, ৰাষ্ট্ৰপতিক চোঁচৰাই লৈ যোৱাৰ দৰে ঘটনা কাইলৈ অন্য শক্তিশালী দেশে চুবুৰীয়া দুৰ্বল দেশৰ ক্ষেত্ৰত কৰিব পৰাৰ উদাহৰণ থাকি গ'ল। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকী যদি সঁচাকৈয়ে জন-বিৰোধী তেনেহ'লে সেই দেশৰ জনতাই তেওঁক অপসাৰণ কৰাৰ পৰিৱেশ ৰচনা কৰাটোহে উচিত আছিল। আমেৰিকাৰ জনতাই ৰাজপথলৈ ওলাই আহি ট্রাম্পৰ এই কাৰ্যৰ প্ৰতিবাদ কৰিছে। সকলোৱে একমুখে কৈছে যে ড্ৰাগছ, নাক টেৰৰিজমৰ অভিযোগ আচলতে এক অচিলাহে। প্রকৃততে দেশখনৰ ভূগর্ভত থকা ৩০,৩০০ লাখ বেৰল খাৰুৱা তেলৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবৰ বাবেহে ট্রাম্পে ভেনিজুবেলা আক্ৰমণ কৰি ৰাষ্ট্ৰপতিগৰাকীক ক্ষমতাচ্যুত কৰিলে। 

ট্রাম্পে নিজেও মুকলিকৈয়ে কৈছে যে ভেনিজুৱেলাৰ সেই তেল চীনকে ধৰি অন্য কেতবোৰ দেশত বিক্ৰী কৰি মুনাফা লুটিব আমেৰিকাই। সেয়েহে, গণতন্ত্রত বিশ্বাসী আমেৰিকাৰ জনতাই ৰাজপথলৈ ওলাই আহি ট্রাম্পৰ অভিসন্ধিৰ প্ৰতিবাদ জনাই কৈছে- তেলৰ বাবে আমাক ৰক্তপাত নালাগে। এই সমগ্ৰ ঘটনাৰ পৰা এটা কথাই ওলাই পৰিল যে যুদ্ধৰ বিৰুদ্ধে তেওঁ কোৱা কথাবোৰ আচলতে ভণ্ডামি। তেওঁ আচলতে নিজৰ স্বাৰ্থ আৰু প্ৰভুত্বৰ বাবেহে কাম কৰি আছে। ট্রাম্পৰ দুমুখীয়া নীতি ভেনিজুবেলাৰ অধ্যায়ে উন্মোচন কৰিলে।

Share This