জলবোমা

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : বছৰৰ প্ৰথমটো প্রলয়ংকৰী বানে ৰাজ্যৰ কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰিলে। দুর্যোগ ব্যৱস্থাপনা বিভাগে আনুষ্ঠানিকভাৱে মুঠ ৮খন জিলাত এইপর্যন্ত বানে তাণ্ডৱ সৃষ্টি কৰা বুলি ৰাজহুৱা কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰিবলৈ প্ৰেৰণ কৰা মন্ত্ৰী শিৱৰাজ সিং চৌহানক অসম চৰকাৰে এইবাৰ ১২খন জিলাত বানে তাণ্ডৱৰ সৃষ্টি কৰা বুলি তথ্য প্রদান কৰিছে। অসমত এইবাৰৰ বানত এতিয়ালৈকে মুঠ ২৮২ কোটি টকাৰ ক্ষয়-ক্ষতি হৈছে। লক্ষণীয় যে, চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৪খন জিলা এই পর্যন্ত বানৰ কবলত আছে। ধেমাজি, ডিব্ৰুগড়, বিশ্বনাথ আৰু নলবাৰী জিলাৰ ৭টা ৰাজহ চক্ৰৰ ২ শতাধিক গাঁও বানৰ কবলত আছে। অর্ধলক্ষাধিক লোক এতিয়াও বানত আক্রান্ত হৈ আছে। আনহাতে, এইবাৰৰ বানে ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে ৰে'ল যোগাযোগ ব্যৱস্থাতো বৃহৎ ক্ষতিসাধন কৰিছে। ৰাজ্যৰ ৩২২টা পথৰ ১২১ কিঃমিঃ দৈর্ঘ্য অংশ ক্ষতিগ্রস্ত কৰাৰ লগতে ২খন লোহাৰ দলং বানে উটুৱাই লৈ গৈছে। ভয়াৱহ বানত ধেমাজিৰ চিমেন চাপৰিত বহু বছৰ পুৰণি এখন ৰে'ল দলং খহি পৰিছে।

এইদৰে প্ৰতিবছৰেই আমাৰ ৰাজ্যত বানে বিভীষিকাৰ সৃষ্টি কৰি আহিছে। কি উজনি, কি নামনি, সকলোতে বানে ধন-জনৰ হানি কৰি আহিছে। অৱশ্যে চলিত বানত এই পর্যন্ত কোনো লোক নিহত হোৱা নাই বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে। সৌ সিদিনা অৰুণাচল প্রদেশত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত পাহাৰৰ পৰা নামি অহা ধলে ৰঙানদী বিদ্যুৎ প্রকল্প তথা নীপকো কলনি নিমিষতে তচনচ কৰি পেলায়। ফলত উজনি আৰু উত্তৰ অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী হঠাতে এৰি দিয়াত নৈপৰীয়া অঞ্চল আৰু বান্ধ এলেকাত অবর্ণনীয় পৰিস্থিতি হয়। ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়াৰ ফলতেই যদিহে এই অৱস্থা হয়, তেন্তে আৰু অধিক বৰষুণৰ লগতে, অৰুণাচলৰ বান্ধসমূহে পানী এৰি দিলে কি পৰিস্থিতি হ'ব সেয়া কল্পনাতীত। নীপকোৰ ৰঙানদী প্ৰকল্পৰ পৰা উদ্ভত বানৰ তাণ্ডৱৰ ফলত লখিমপুৰ জিলাৰ বহু নিৰীহই আজিৰ তাৰিখলৈকে প্রাণ হেৰুৱাব লগীয়া হৈছে। ইমানৰ পাছতো কিন্তু নির্মাণ হৈ আহিছে ইটোৰ পাছত সিটো বান্ধ। উল্লেখযোগ্য যে, অতি ভূকম্পন এলেকা জ'ন ফাইভত অৱস্থিত অৰুণাচলত বৃহৎ জলবিদ্যুৎ প্রকল্প ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে বিশেষজ্ঞসকলে বিগত সময়ছোৱাত বিৰোধিতা কৰি আহিছিল যদিও বান্ধ নির্মাণ হৈয়ে আছে। বিশেষজ্ঞসকলে দাবী কৰি অহা মতে, অৰুণাচল প্ৰকৃততে বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে উপযুক্ত স্থান নহয়। দুয়োকাষৰ ঠুনুকা আৰু কোমল মাটিৰ পাহাৰবোৰ ভূমিকম্প বা অন্য প্রাকৃতিক কাৰণত খহি পৰি যিকোনো সময়তে নদীবান্ধৰ ক্ষতিসাধন কৰি লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, গোলাঘাট, শোণিতপুৰ আৰু ডিব্ৰুগড় জিলাত ধ্বংসলীলা চলাব পাৰে। কিন্তু, তাৰ পাছতো ৰাজ্যখনত জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম চলিয়েই আছে। অৰুণাচল প্রদেশ সীমান্তৰ পৰা মাত্র ৫০ কিল'মিটাৰ নিলগত চিৰবৈৰী দেশ চীনে তিব্বতৰ য়াৰলুং চাংপো নদীৰ নামনিৰ অংশত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। চীনৰ বান্ধৰ প্ৰত্যক্ষ প্রতিক্রিয়া স্বৰূপে ভাৰতেও অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং আৰু চিয়াং জিলাৰ চিয়াং নদীত প্রস্তাৱিত ১১ হাজাৰ মেগাৱাট জলবিদ্যুৎ আৰু বান নিয়ন্ত্ৰণৰ বহুমুখী প্ৰকল্পৰ দিশে আগবাঢ়িছে। এই প্রকল্প নির্মাণ হ'লে, ই ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পত পৰিণত হ'ব। এইবোৰ প্ৰকল্পই দেশৰ জনতাক যিমান উপকৃত কৰে, তাৰ বিপৰীতে ভয়ংকৰ ক্ষতিৰ সন্মুখীনো হ'বলগীয়া হয়। ভুটানৰ কুৰিন্ধু বান্ধৰ পানী এৰি দিয়াৰ ফলতো নামনি অসমত বিভিন্ন সময়ত জলপ্ৰলয়ৰ সূচনা হৈ আহিছে। ভুটানৰ বান্ধৰ পানী এৰি নিদিলেও, চুবুৰীয়া ৰাষ্ট্ৰখনৰ পাহাৰৰ পৰা বোৱা পানীৰ ধলে আমাৰ ৰাজ্যৰ ন ন অঞ্চল মুহূৰ্তৰ ভিতৰতে বুৰাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ২০০৪ চনতো ভূটানৰ কুৰিষ্ণু নদীত থকা টাছাটি কৃত্রিম হ্রদৰ পানী বাগৰি অসমত ধ্বংসলীলাৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে, ভূটানত প্রাকৃতিকভাৱে সৃষ্টি হোৱা ২৫টা বৰফেৰে আবৃত হ্রদ আছে। এই তথ্য ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ আগত চুবুৰীয়া ৰাষ্ট্ৰখনৰ কেইবাজনো বিশেষজ্ঞই অৱগত কৰাৰ তথ্য আছিল। 

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই বিপজ্জনক অৱস্থাত থকা হ্রদসমূহৰ কাষৰ নদীসমূহত ভূটানে হাজাৰ হাজাৰ মেগাৱাট শক্তিসম্পন্ন নদীবান্ধ নিৰ্মাণ কৰিছে। এই হ্রদসমূহৰ পানীয়ে যদি বিপদসীমা অতিক্ৰম কৰি শক্তিশালী নদীবান্ধসমূহ ভাঙি পেলায়, তেতিয়া হ'লে কেনে এক পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া অকল্পনীয়। নামনি অসমত মুহূৰ্তৰ ভিতৰতে জলবিস্ফোৰণ হৈ ছাৰখাৰ হ'ব লাখ লাখ লোকৰ ঘৰ-বাৰী। চকুৰ পচাৰতে মৰিশালিত পৰিণত হ'ব বৃহৎ বৃহৎ অঞ্চল। এনে এক পৰিস্থিতিৰ সৃষ্টি হ'লে আমাৰ ৰাজ্যৰ জনসাধাৰণক কোনে বচাব সেয়াও এক ডাঙৰ প্রশ্ন। আনহাতে ভূটান চৰকাৰৰ তথ্য মতে, দেশখনত বৰফৰে আবৃত সৰু-বৰ হ্রদৰ সংখ্যা তিনি সহস্রাধিক, ইয়াৰে কেইবাটাও হ্রদ আছে বিপজ্জনক অৱস্থাত। অনাগত দিনত এই হ্রদসমূহে ভয়ংকৰ বিপদ ঘটাব বুলিও আশংকা কৰা হৈছে যদিও ইয়াৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনত ২০১৯ চনত এক শক্তিশালী হাইড্র ইলেকট্রিক শক্তি প্রকল্প উদ্বোধন কৰিছিল। ইয়াৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰখনত ভাৰত চৰকাৰৰ অৰ্থ সাহায্যত আন কেইবাটাও বৃহৎ নদীবান্ধ প্রকল্পৰ কামো চলি আছে। এই প্রকল্পসমূহৰ এটা ৬০ মেগাৱাট, দ্বিতীয়টো ১০২০ মেগাৱাট, তৃতীয়টো ৩৩০৬ মেগাৱাট আৰু চতুৰ্থটো ৭২০ মেগাৱাট শক্তিসম্পন্ন। এই হাইড্র ইলেকট্রিক প্রকল্পসমূহ সম্পন্ন হোৱাৰ পাছৰ সময়ত আমাৰ ৰাজ্যৰ অৱস্থা কেনে ধৰণৰ হ'ব পাৰে সেয়া এক চিন্তাৰ বিষয়। নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈও জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈ আহিছে। উল্লেখযোগ্য যে, সোৱণশিৰিৰ পানী ভয়ংকৰভাৱে বৃদ্ধি হোৱাৰ লগে লগে গেৰুকামুখ বান্ধৰ কাষৰীয়া গাঁওসমূহত জনসাধাৰণৰ মাজত আৰ্তনাদৰ সৃষ্টি হয়। ভৰ বাৰিষা এই বান্ধসমূহ কিমান ভয়ংকৰ হৈ উঠিব পাৰে, মুহূৰ্ততে কিমান ধ্বংসলীলা চলাব পাৰে সেয়া হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ।

Share This