ডিজিটেল ডেস্ক : জাতীয়তাবোধে এটা জাতিক প্রতিনিধিত্ব কৰে, জাতি এটাক শক্তিশালী কৰে। জাতীয়তাবোধ বা জাতীয়তাবাদী সত্তা নথকা ব্যক্তি দেশ বা জাতিটোৰ বাবেই বিপজ্জনক। অসমত সর্বাধিক চর্চিত শব্দটোৱেই হৈছে জাতীয়তাবাদ। প্রবল জাতীয়তাবাদী সত্তাৰে হোৱা এটা ছাত্র আন্দোলনৰ পাছত আঞ্চলিক জাতীয়তাবাদৰ ভিত্তিত গঠিত এখন জাতীয়তাবাদী চৰকাৰে অসমক জাতীয়তাবাদৰ অভিজ্ঞতা বাৰুকৈয়ে দি থৈছে। এই অভিজ্ঞতা আৱেগিক হোৱাৰ উপৰি বহু সময়ত নেতিবাচকো যে হৈছে তাক খোদ অভিজ্ঞতাপুষ্ট অসমবাসীয়ে উপলব্ধি কৰি আহিছে। হয়তো হতাশগ্রস্ত অসমীয়াই সেয়ে ছাত্র আন্দোলনৰ পৰা উন্নীত হৈ চৰকাৰ গঠনৰ ক্ষমতাপর্যন্ত আহৰণ কৰা জাতীয়তাবাদী চৰকাৰ এখনক মষিমূৰ কৰাই নহয়, সময়ৰ সোঁতত জাতীয়তাবাদৰ শ্ল'গান দিয়া দলটোও জনতাৰ মনৰ পৰা আঁতৰি গৈছিল। ইয়াৰ কাৰণ এটাই। জাতি প্ৰেমৰ অভাৱ। জাতীয়তাবাদৰ তথাকথিত শ্ল'গান আৰু জাতিপ্রেমক একাকাৰ কৰি এখিনি মুষ্টিমেয় নেতাই ৰাজভোগ খোৱাৰ বিপৰীতে পিছে খাটিখোৱা এখিনি মানুহে এতিয়াও মূৰ দাঙি নিজকে অসমীয়া বুলি পৰিচয় দিব বিচাৰে। সঁচা অর্থত জাতিপ্রেমী এই এখিনি মানুহৰ বাবে জাতি প্ৰেমৰ সন্মান সবাতোকৈ ঊর্ধ্বত। কিন্তু এনে মানুহ তেনেই এমুঠিমান হোৱাৰ বাবেই হয়ত্রে অসমত এতিয়া জাতীয়তাবাদৰ নামত চৰম ভণ্ডামি চলিছে।
অনাঅসমীয়াৰ ওপৰত দাদাগিৰি আৰু ডকা-হকা দি জাতীয়তাবাদৰ সিৰ ফুলাই ভাষণ দিয়া এচাম নেতাৰ বাবে এতিয়া সমগ্র অসমীয়া জাতি লজ্জানত হ'ব লগা হৈছে। আনকি বহু সময়ত অসমীয়াক চান্দা তোলা জাতি বুলি ইতিকিং কৰিবলৈ সুযোগ দিছে এনে এচাম তথাকথিত ভণ্ড নেতাৰ কৰ্মকাণ্ডই। অসমীয়া মানুহ আৱেগিক। আৱেগৰ ঢৌত সেই ভাষা আন্দোলনৰ পৰা বিদেশী আন্দোলন হৈ শেহতীয়াকৈ কা আন্দোলনলৈকে সকলোতে ওলাই আহিল। কিন্তু এই আবেগ যে খন্তেকীয়া সেয়া প্রতিবাৰেই কম সময়তে প্রতীয়মান হ'ল। কাৰণ ভাষা আন্দোলনৰ পাছতো অসমত অসমীয়া ভাষা এলাগী হৈ ৰ'ল কেৱল অসমীয়াৰ নিজৰ ভাষাটোৰ প্ৰতি অৱহেলাৰ বাবেই। আনকি বিদেশী খেদা আন্দোলন কৰা নেতাই পোন্ধৰটাকৈ বছৰ শাসনভাৰ পোৱাৰ পাছতো অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ হৈয়ে থাকিল। শেহতীয়াকৈ কা আন্দোলনৰ ফলাফলো অনুৰূপ। কা আন্দোলনকাৰী নেতায়েই কা আনিব খোজা শাসনাধিষ্ঠিত ৰাজনৈতিক দলটোৰ অংশ হোৱাৰ পাছত এতিয়া আচলতে কোনো নেতাৰ প্ৰতি অসমীয়াৰ আস্থা নোহোৱা হোৱাটোৱেই অৱধাৰিত সত্য। এনে জাতীয়তাবাদৰ নাম লৈয়েই অনাঅসমীয়াৰ দপদপনি নচলিব বুলি আৱেগিক যুঁজখন মাজে মাজে চলি থাকে। সময়ে সময়ে অসমীয়া জাতিয়ে এনেদৰে জাতি প্ৰেমৰ আৱেগত উত্তাল হৈ আহিছে যদিও সেয়া ঢৌত উটি যোৱা আৱেগৰ বাহিৰে যে একো নহয় সেয়াও বাৰে বাৰে প্ৰমাণ হৈছে। কাৰণ এনে আৱেগিক প্ৰতিবাদৰ পাছতো অসমীয়াৰ বাপতিসাহোন বিহু মেলাই হওক বা অন্যান্য সাংস্কৃতিক, সামাজিক যিকোনো অনুষ্ঠানৰ বাবে সেই অনাঅসমীয়া সম্প্ৰদায়ৰ ওচৰত বাৰে বাৰে চান্দাৰ বাবে হাত পাতিছে সংগঠনৰ নেতাই। বৰঙনি, অৰিহণা বেয়া কথা নহয় আৰু এয়া স্বইচ্ছাৰে দিব খোজাসকলৰ পৰা লোৱাটো তেনেই এটা স্বাভাৱিক প্রক্রিয়া। কিন্তু ডাবি- ধমকিৰে তোলা চান্দাৰ অপ-সংস্কৃতিয়ে ইতিমধ্যে অসমীয়াক বহিঃৰাজ্যলৈকে বদনামী কৰি তুলিছে। ইফালে অসমীয়াৰ শ্ৰমৰ অৱহেলাৰ বাবেই অসমৰ মাটি, পানী, বায়ুৰ লগত জড়িত বেপাৰ-বণিজ সকলোতে অনাঅসমীয়া সন্দেহযুক্ত এখিনি মানুহে খোপনি পুতি বহি লোৱাৰ সমান্তৰালকৈ এতিয়া অসমীয়াৰ কৃষিভূমিতো এইচামে কব্জা কৰিবলৈ আৰম্ভ কৰিছে। মাতৃভাষাৰ ক্ষেত্ৰত অৱস্থা আৰু তথৈৱচ। এনে প্রেক্ষাপটত মাৰাঠী আৰু দক্ষিণ ভাৰতীয়সকলৰ জাতিপ্ৰেমৰ পৰা অসমীয়াৰ শিকিব লগীয়া বহুত আছে। জাতি প্রেম খন্তেকীয়া আৱেগমাত্র নহয়। জাতি প্রেম এটা জাতিৰ শিপাৰ লগত জড়িত হৈ থকা জন্মগত সত্তা।
পিছে শেহতীয়াকৈ জন্ম হোৱা ফে'চবুক জাতীয়বাদে জাতি এটাক পোহৰৰ বাট দেখুওৱাৰ সলনি ক্ৰমাৎ পশ্চাদগামী কৰি তোলাৰ যি প্ৰৱণতা দেখুৱাইছে সেয়াহে বিপজ্জনক হৈ পৰিছে। শুনিবলৈ আখজা লাগিলেও অসমত জাতীয়তাবাদ এতিয়া ফে'চবুকৰ দৰে সামাজিক মাধ্যমতে জীয়াই আছে। সহজলভ্য ইণ্টাৰনেট সেৱাৰ সুযোগ লৈ ঘৰত বহি থকা কর্মহীন একোজনেও ফে'চবুকত জাতীয়তাবাদৰ ভাষণ দিয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ যি জাতিপ্ৰেমৰ প্ৰবল ঢৌৰ সৃষ্টি হৈছিল সেই টৌ এতিয়াও মাৰ যোৱা নাই। কিন্তু তাৰ মাজতেই একাংশই জুবিন গাৰ্গৰ নামত জাতীয়তাবাদৰ দোহাই দি সাংস্কৃতিক, সামাজিক আৰু আৱেগৰ বেপাৰো যে কৰি আছে সেয়া ইতিমধ্যে প্রমাণ হৈছে। বিশেষকৈ ফে'চবুকৰ দৰে সামাজিক মাধ্যমৰ প্লেটফৰ্মত প্ৰাণৰ শিল্পীগৰাকীক লৈ জাতীয়তাবাদৰ ভাষণ দিয়া এচামে আৰম্ভ কৰিছে প্রত্যক্ষ ৰাজনীতি। শোকাহত অসমীয়াই প্ৰাণৰ শিল্পীজনাক লৈ এনে ৰাজনীতি কৰাসকলক ক্ষমা নকৰে কেতিয়াও। পিছে সামাজিক মাধ্যমতেই অৰণ্য ৰোদন কৰি থকাৰ বাবেই হয়তো এতিয়া অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগও আগন্তুক নিৰ্বাচনৰ দৰহম মৰহম পৰিস্থিতিত তলত পৰি ৰৈছে। অসমী আইৰ প্ৰিয় সন্তানৰ ক্ষেত্ৰতেই যেতিয়া এনে পৰিস্থিতি হ'ব পাৰে তেনেস্থলত সাধাৰণ জনতাৰ বাবে তথাকথিত জাতীয়তাবাদে যে একো সলনি কৰিব নোৱাৰে সেয়া নিশ্চিত। জাতীয়তাবাদ অবিহনে এটা জাতি, এখন দেশ মৃত। কিন্তু জাতিপ্রেম নোহোৱাকৈ সামাজিক মাধ্যমত চলা তথাকথিত সহজলভ্য জাতীয়তাবাদে যে জাতি এটাক পৰজীৱী কৰিহে তুলিব সেয়া ধুৰুপ।