ন্যায় কেতিয়া ?

dainik janambhumi July 09, 2026

ডিজিটেল ডেস্ক : ৰাজস্থানত এগৰাকী ফুলকুমলীয়া কিশোৰীক দলবদ্ধভাৱে যৌন আতিশয্য চলোৱাৰ লোমহর্ষক ঘটনাই সম্প্রতি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অতি অমানুষিক নির্যাতনৰ এই ঘটনা উন্মোচন হোৱাৰ পাছতেই নিজৰ সন্তানৰ সুৰক্ষাক লৈ স্বাভাৱিকতেই আতংকিত হৈ পৰিছে অভিভাৱক। এই ভয়ানক ঘটনাৰ পাছত শিশু-কিশোৰীক অপৰাধীৰ পৰা বচাই ৰাখিবলৈ ৰাজস্থান আৰক্ষীয়ে অভিভাৱকক সতৰ্ক কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। 

নিজৰ কন্যা সন্তানক অকলশৰে বিদ্যালয়লৈ নপঠোৱা, ল'ৰা বন্ধু নিৰ্বাচনৰ ক্ষেত্রত সতর্কতা, কোনো বন্ধুৰ ঘৰত নিশা নকটোৱা, আত্মীয়-স্বজনকো বিশ্বাসত নোলোৱা ইত্যাদি অনেক সতর্কতামূলক পৰামৰ্শ অভিভাৱকসকললৈ আগবঢ়াইছে ৰাজস্থান আৰক্ষীয়ে। কিন্তু সংবিধান-প্রদত্ত অধিকাৰ থকা দেশত য'ত আইন-কানুন কঠোৰ বুলি সততে উচ্চাৰিত হয়, য'ত নাৰীক দেবী বুলি পূজা কৰা হয়, য'ত কন্যা শিশুক কুমাৰীৰ ৰূপত ভজা হয়, য'ত শিশুৰ সুৰক্ষাৰ বাবে pocsoৰ দৰে কঠোৰ আইন আছে, য'ত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে অসংখ্য আইন প্রণয়ন কৰা হৈছে, সেইখন দেশত এনে ঘোষণা প্রকৃততে ব্যংগৰ বাহিৰে একো নহয়। 

উল্লেখযোগ্য যে ৰাজস্থানৰ শ্ৰীগংগানগৰত এগৰাকী তেৰ বছৰীয়া কিশোৰীৰ ওপৰত তিনি দিন ধৰি কেইবাখনো হোটেললৈ নি উপর্যুপৰি দলবদ্ধভাবে যৌন নির্যাতন চলোৱা ঘটনাক লৈ ৰাজস্থান উত্তপ্ত হৈ আছে। এই ঘটনাত হোটেলৰ মেনেজাৰ, কৰ্মচাৰীৰ পৰা এগৰাকী ৰিক্সাৱালালৈকে (যি কিশোৰীগৰাকীক হোটেলৰ মেনেজাৰক বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে) মুঠ বত্রিশটাকৈ নির্যাতনকাৰী জড়িত হৈ থকাৰ তথ্য তদন্তত উন্মোচিত হৈছে। ইয়াৰ অধিকাংশকেই আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে আৰু ঘটনা সংঘটিত হোৱা আটাইকেইখন হোটেল কঠোৰ প্ৰশাসনিক ব্যৱস্থাৰে উচ্ছেদ কৰিছে। নিঃসন্দেহে ৰাজস্থান চৰকাৰৰ এয়া অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ। কিন্তু ইয়াৰ পাছত কি? কাৰণ ন্যায় ব্যৱস্থাৰ সুৰুঙা, তদন্তত গাফিলতি আৰু অন্যান্য বহু কাৰকৰ প্রভাৱত এই ঘটনাত এশ শতাংশ জড়িত থকাৰ সম্পূৰ্ণ তথ্য-প্রমাণ থকাৰ পাছতো উক্ত অভিযুক্ত মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনাই বেছি। আৰক্ষীৰ তদন্তত গাফিলতিৰ পৰা চার্জশ্বিট, ফাইনেল ৰিপ'ৰ্ট দাখিলৰ ক্ষেত্ৰত হেমাহি কৰাৰ ফলত বেছিভাগ সময়ত আদালতত এনে গোচৰ শুনানিকালত অধিবক্তা বিমোৰত পৰা দেখা যায়। যাৰ ফলত অভিযুক্তক তথ্য-প্ৰমাণৰ অভাৱত শাস্তিৰ পৰা ৰেহাই দিবলৈ বাধ্য হয় ন্যায়ালয়। এনেবোৰ ক্ষেত্ৰত ভুক্তভোগী ন্যায়ৰ পৰা সম্পূর্ণ বঞ্চিত হয়। আনহাতে, অতি শামুকীয়া ন্যায় ব্যৱস্থাৰ ফলত ভুক্তভোগীয়ে বছৰ বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হয়। 

উল্লেখযোগ্য যে, বিগত কেইবাটাও বছৰৰ পৰা দেশত নাৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা ক্রমাগত হাৰত বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ক্রাইম ৰেকৰ্ডছ ব্যুৰ' চমুকৈ এন চি আৰ বিৰ তথ্য অনুসৰি ২০২০ চনৰ পৰা ২০২২ চনলৈ চাৰে চাৰি লাখ নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে সমগ্র দেশত। ইয়াৰ পিছৰ কেইবছৰৰ তথ্যও অনুৰূপ। নতুন দিল্লীৰ দামিনী-হত্যাকাণ্ডৰ দেশ কঁপোৱা ঘটনাৰ পাছত নাৰী নির্যাতন-বিৰোধী আইন অধিক সক্রিয় হোৱাৰ লগতে নাৰীৰ সুৰক্ষাক লৈ চৰকাৰ অধিক তৎপৰ হোৱাৰ আশা দেখা গৈছিল, যদিও কার্যক্ষেত্রত সেয়া দেখা পোৱা নগ'ল। বৰঞ্চ তাৰ পাছতো কেইবাটাও নাৰী নিৰ্যাতনৰ নৃশংস ঘটনাই দেশ কঁপাই গ'ল। 

উল্লেখযোগ্য যে, বিগত সময়ত নাৰী নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত অসমো পিছপৰি থকা নাই। আনকি ২০২৫ চনৰ প্ৰথম দুটা মাহতেই অসমত ১২১টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। লক্ষণীয়ভাৱে ২০২১ চনৰ পৰা ২০২৩ চনলৈ অসমৰ ভিন্ন আদালতত pocso আইনৰ অধীনত ছহেজাৰ গোচৰ ৰুজু হৈছিল যিসমূহ গোচৰৰ অধিকাংশই এতিয়াও ভিন্ন জিলাৰ আদালত তথা বিশেষ ন্যায়াধীশৰ আদালতত অমীমাংসিত হৈ পৰি আছে। এইখিনিতে উল্লেখ কৰিবলগীয়া বিষয় যে বিগত প্রায় দহ বছৰ পূৰ্বে ধর্ষণ অথবা নাৰী নিৰ্যাতনকেন্দ্ৰিক গোচৰৰ আধিক্যৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন বিশেষ বিচাৰপীঠ গঠন কৰিছিল, য'ত বছৰ বছৰ ধৰি অমীমাংসিত হৈ থকা ধৰ্ষণৰ গোচৰৰ প্ৰতি সপ্তাহত ফাষ্ট ট্রেক প্ৰক্ৰিয়াৰে ক্ষিপ্ৰ বিচাৰৰ ব্যৱস্থা কৰ । কৰা হৈছিল। ন্যায়ালয়ৰ কঠোৰ পদক্ষেপৰ ফলতেই এই বিচাৰপীঠে বছৰ বছৰ পুৰণি আনকি দশক পুৰণি গোচৰৰ মীমাংসা কৰিবলৈও সক্ষম হৈছিল। কিন্তু বর্তমান এই প্রক্রিয়া পূৰ্বৰ দৰে সঠিকভাৱে চলি নথকাৰ সম্ভাৱনাই বেছি। এই বিচাৰপীঠৰ কেতবোৰ গুৰুত্বপূৰ্ণ গোচৰৰ মীমাংসাৰ পাছত পোহৰলৈ আহিছিল আৰক্ষীৰ হেমাহি আৰু গাফিলতিৰ ফলত তদন্তৰ অভাৱতেই ন্যায়ৰ অপেক্ষাত বছৰ বছৰজুৰি ৰৈ থকা ভুক্তভোগীৰ কথা। আনকি সঠিক সময়ত সঠিক তদন্ত নকৰাৰ ফলত অপৰাধী মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হোৱা, আৰু দীঘলীয়া ন্যায় প্ৰক্ৰিয়াৰ বাবেই ভুক্তভোগীৰ পৰিয়ালে আশা কৰি থকা সত্ত্বেও, কোনো শাস্তিবিহীনভাবেই সাধাৰণ জীৱন যাপন কৰি অভিযুক্তই এটা সময়ত স্বাভাৱিক মৃত্যুক আঁকোৱালি লোৱাৰ দৰে ঘটনাও এই বিচাৰ প্ৰক্ৰিয়াত পোহৰলৈ আহিছিল। শামুকীয়া আইন ব্যৱস্থাৰ এয়া জ্বলন্ত উদাহৰণ। 

আনহাতে, ৰাজ্য কঁপোৱা অর্ণমাই বৰা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্তকো উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত আদালতে ৰেহাই দিবলৈ বাধ্য হৈছে। আৰক্ষীৰ গাফিলতিৰ এয়াই উদাহৰণ। তেনেস্থলত ৰাজস্থানৰ কিশোৰীগৰাকীয়ে কেতিয়া ন্যায় পাব, বা ন্যায় পাব নে নাই, তাৰ কোনো উত্তৰ নাই। ৰাজস্থানৰ প্রশাসনে অভিভাৱকক পৰামৰ্শ দিয়া বা হোটেল উচ্ছেদ কৰাতকৈ এতিয়া অভিযুক্তই যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ প্ৰতিহে কঠোৰ নজৰ দিয়া উচিত। আইন বলৱৎ কৰিলেই নহ'ব, সেই আইনে দোষীক শাস্তি আৰু ভুক্তভোগীক ন্যায় দিবলৈ সক্ষম হৈছে নে নাই সেয়াহে গুৰুত্বপূর্ণ। অন্যথা যিমান কঠোৰ আইন প্ৰণয়ন নকৰক, কঠোৰ প্ৰশাসনিক নীতি অবিহনে এইসমূহ কাগজমাত্রহে।

Share This