শেষ ক'ত!

dainik janambhumi October 21, 2025

ডিজিটেল ডেস্ক : Some things cannot be fixed, they can only be carried. Grief like yours, love like yours, can only be carried. কোনোবা এগৰাকী ব্যক্তিৰ মুখৰ পৰা নিগৰা এই কথাষাৰেই যেন আজি ৰাজ্যৰ চৌদিশে প্রতিফলিত হৈছে। কোনেও কল্পনাও হয়তো কৰা নাছিল এনেকুৱা এটা সময় আহিব বুলি। জুবিন গাৰ্গ। তেওঁৰ স্পৰ্শ পাইছিল, সান্নিধ্য পাইছিল, তেওঁৰ পৰা বিচ্ছুৰিত পোহৰত অৱগাহন কৰিছিল বহুতেই, কিন্তু কোনেও ভবা নাছিল তেওঁ এনেদৰে এক মৰীচিকা হৈ পৰিব। কোনেও কল্পনা কৰা নাছিল তেওঁ হঠাৎ এনেদৰে মৰুভূমিৰ মৰীচিকাৰ দৰেই অন্তর্ধান হৈ যাব। আচৰিত হৈ, বিমুগ্ধ হৈ, উদ্বিগ্ন হৈ চাই থাকোঁতেই তেওঁ হঠাৎ অন্তর্ধান হৈ যোৱাৰ পিছত এতিয়া সকলোৰে বাবে যেন পৰিৱেশটো হৈ পৰিছে মৰুভূমি, য'ত বিদ্যমান কেবল অন্তহীন শূন্যতা। শোক-ক্ষোভত অগণন লোকৰ হৃদয়ত ঘূর্ণি বলিছে। যোৱা কিছু দশকত বহু অস্বাভাৱিক ঘটনা-পৰিস্থিতিৰ বলি হ'ব লগা হোৱা অসমবাসীৰে আঘাত সহ্য কৰাৰ অভিজ্ঞতা প্ৰচুৰ হৈছে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো অনন্য। এই আঘাত জাতিটোরে সহ্য কৰিব পৰা নাই। চেষ্টা কৰিও মানুহে পৰা নাই স্বাভাৱিক জীৱনলৈ উভতি যাব। সংবাদ মাধ্যমবোৰ উপচি পৰিছে স্মৃতিকাতৰতাৰ অগণন সংবাদ আৰু ছবিৰে। সেই দৃশ্য চাই পুনঃ পুনঃ মানুহ সোমাই পৰিছে শোক- ক্ষোভৰ অপাৰ সাগৰৰ অটল বক্ষত। সেই শিল্পীসত্তাৰ সান্নিধ্য বিচাৰি মানুহে হাবাথুৰি খাইছে। সেই কাৰণেই শিল্পীৰ সমাধিক্ষেত্রত দিনে-নিশা একাকাৰ কৰি অনুৰাগীৰ ভিৰ, জ্বলি আছে অনুৰাগৰ অক্ষয় চেতনা। শিল্পী এগৰাকীৰ প্ৰতি মানুহৰ মৰম- অনুৰাগৰ এই ব্যাপ্তি দেখি বিশ্ব আজি স্তম্ভিত। সকলোৱে একমুখে স্বীকাৰ কৰিছে যে মৃত্যুৰ পিছত শিল্পীৰ প্ৰতি অনুৰাগীৰ এনে শ্রদ্ধা বিশ্বত পাবলৈ নাই। 

এনে গভীৰ দুখ-ক্ষোভৰ মানসিকতাৰ পৰা নিজক উদ্ধাৰ কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি যোৱাটো সহজ কথা নহয়। অসমবাসীৰো সময় লাগিব। হৃদয়ে হৃদয়ে বহুদিনলৈ শোক থাকিব, হতাশা থাকিব, থাকিব ৰহস্যজনক পৰিস্থিতিত সেই প্ৰাণৰ শিল্পীক হেৰুৱাব লগা হোৱাৰ ক্ষোভ। কিন্তু এই শোক-ক্ষোভত নিমজ্জিত হৈ থাকিও প্রত্যেকগৰাকী প্রকৃত জুবিনৰ অনুৰাগীয়ে এটা বিষয়ক হৃদয়ত স্থান দিয়া উচিত যে শোক-ক্ষোভ এদিন নোহোৱা হ'ব, নতুন পৰিস্থিতিয়ে পুৰণি কথাবোৰ গাপ দি নতুন নতুন বিষয় চর্চালৈ আনি দিব। তেতিয়া কি হ'ব? তেতিয়া আমি কিমানে মনত ৰাখিম জুবিন গাৰ্গক? জুবিন গাৰ্গক গভীৰভাৱে ভাল পোৱা প্ৰতিগৰাকী অনুৰাগীয়ে নিজকে সোধা উচিত এই প্রশ্ন, লগে লগে হৃদয়ত এটা সংকল্পও ধাৰণ কৰা উচিত- মই বা আমি কেনেকৈ জীয়াই ৰাখিম সেই বিস্ময়কৰ শিল্পীসত্তাৰ আদৰ্শক? মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ ছয় শতিকাজুৰি অসমীয়া জাতিৰ প্ৰাণস্পন্দন হৈ থকাৰ কাৰণ হ'ল মাধৱদেৱকে ধৰি গুৰুজনাৰ একান্ত অনুৰাগীসকলে তেৰাৰ সৃষ্টি আৰু আদৰ্শৰ যুগ যুগলৈ প্ৰৱাহ ঘটিব পৰাকৈ নিৰ্মাণ কৰি থৈ যোৱা বাটটো। জুবিন গাৰ্গকো যুগ যুগলৈ জীয়াই ৰখাৰ বাবে তেওঁৰ সৃষ্টি আৰু আদৰ্শৰ প্ৰৱাহ পৰৱৰ্তী প্রজন্মবোৰলৈ ঘটিব পৰাকৈ বাট এটা বুদ্ধিদীপ্ততাৰে নিৰ্মাণ কৰিব লাগিব তেওঁৰ একান্ত অনুৰাগীসকলেই। আমি সঠিকভাৱে অনুধাৱন কৰিব পাৰিব লাগিব- কিয় জনসাধাৰণে জুবিন গাৰ্গক এক ঐশ্বৰিক সত্তাৰূপে আজি গণ্য কৰিছে। বিশ্বৰ সকলো শিল্পীক চেৰাই গৈ সংগীতৰ ক্ষেত্ৰখনত জুবিন গার্গে এক অভিলেখ ৰচনা কৰি থৈ গ'ল গানৰ সংখ্যাৰে। মাত্র ৫২ বছৰীয়া জীৱনকালত ৩৮ হাজাৰৰো অধিক গানেৰে গঢ়া এই অভিলেখ চমকপ্রদ। হয়েই, অথবা ঈশ্বৰ প্ৰদত্ত কণ্ঠেৰে নিগৰা প্ৰতিটো গানেই শ্ৰোতাৰ হৃদয়ত বোৱাব পাৰে পৰিতৃপ্তিৰ ফল্গুধাৰা। কিন্তু কেৱল গানেই নহয় শিল্পীজনাৰ জীৱনটোক চমৎকাৰ কৰি তুলিছে তেওঁৰ স্বাভিমানী অসমীয়া সত্তাটোৱে। কণ্ঠৰ মাধুৰ্যই, গানৰ বৈশিষ্ট্যই তেওঁক অকল্পনীয় ধন-সম্পদৰ অধিকাৰী কৰি তুলিব পাৰিলেহেঁতেন, কিন্তু প্ৰাচুৰ্যৰ সেই সুলভপথবোৰ পৰিহাৰ কৰি তেওঁ আদৰি লৈছিল মাটিৰ শিল্পীৰ জীৱন। মাটিৰ সৈতে নিবিড় সম্পৰ্ক ৰাখি তেওঁ স্পৰ্শ কৰিছিল আকাশ। 

মুম্বাইৰ শিল্পীৰূপে প্রতিষ্ঠা লাভ কৰাৰ পিছত তেওঁ কেৱল নিজৰ স্বাভিমানী অসমীয়া সত্তাটোৰ বাবেই প্রাচুর্য আহৰণৰ দুর্লভ সুযোগক নেওচা দি অসমলৈ ঘূৰি আহি তেওঁ স্ব-নিৰ্ধাৰিত ধাৰাৰে সংগীতৰ যাত্রা অব্যাহত ৰাখি নিজকে এজন অবিস্মৰণীয় শিল্পীলৈ উত্তৰণ ঘটাইছিল। সংগীতৰ এই অনন্য যাত্রাতে নিজক সীমাবদ্ধ নাৰাখি চিনেমা নির্মাণ, অভিনয়, সামাজিক দায়িত্ব পালন, আর্তজনক সেৱা, প্রকৃতি প্ৰেমৰ বিচিত্ৰ কৰ্মৰে তেওঁ জীৱনটোক এনে এটা স্তৰলৈ লৈ গৈছিল, যিবোৰৰ বাবে আজি সাধাৰণ মানুহে শিল্পীগৰাকীৰ মাজত দেবত্বৰ সন্ধান পাইছে। আমাৰ অতি সাধাৰণ সমাজখনৰ মাজতে থাকি নিজক এনেদৰে অসাধাৰণ কৰি তুলিব পৰা আদৰ্শটোৰ অনুগামীসকলে উত্তৰ প্ৰজন্মলৈ প্ৰৱাহ ঘটোৱাৰ দায়িত্ব গ্রহণ কৰিব লাগিব। কাৰোবাৰ মাজত বিশেষ প্রতিভা দেখা পালে জুবিন গার্গে তাক উৎসাহিত কৰিছিল। হিমা দাসকে ধৰি প্ৰতিভাৱান খেলুৱৈসকলক জুবিন গার্গে উৎসাহ যোগাইছিল। নিজেও ফুটবল খেলি, ফুটবলৰ প্ৰতি প্ৰেমক মুকলিকৈ ব্যক্ত কৰি তেওঁ কেনেকৈ ৰাজ্যৰ পৰাই বিশ্বত জিলিকি উঠিব পৰা তাৰকাৰ উত্থান ঘটিব পাৰে, সেই আকাংক্ষা শিল্পীগৰাকীয়ে মনে-প্রাণে কামনা কৰিছিল। 'বৃন্দাবন ছুপাৰ মাৰ্ট' আছিল শিল্পীগৰাকীৰ অন্য এক সপোনৰ ৰূপ। 'পথাৰো আমাৰ, বজাৰো আমাৰ' শ্ল'গানেৰে এই প্ৰকল্পৰ দুৱাৰ মুকলি কৰি শিল্পীগৰাকীয়ে অসমবাসীৰ এক স্ব-নিৰ্ভৰশীল অর্থনীতিৰ ভেটি গঠন কৰিব খুজিছিল। চান্দা সংগ্ৰহেৰে মধ্যভোগী নেতা হৈ এচামে জাতিটোৰ ৰাজহাড়ডাল পংগু কৰি তুলিব খোজা প্ৰৱণতাৰ বিৰুদ্ধে গৈ অনুৰাগীসকলে জুবিন গাৰ্গৰ এই সপোনক আগবঢ়াই নিয়াৰ দায়িত্ব গ্রহণ কৰিব পাৰিলেহে শিল্পীগৰাকীক প্ৰকৃত শ্রদ্ধা জনোৱা হ'ব। কিতাপ পঢ়াৰ পৰিৱেশ এটা ৰচনা কৰিবলৈ শিল্পীগৰাকীৰ কেনে এক প্রবল ইচ্ছা আছিল সেইকথা এতিয়া ওলাই থকা 'প'ষ্ট'বোৰত প্রকাশ পাইছে। 

জুবিন গাৰ্গৰ বিয়োগে আটাইতকৈ বেছি হতচকিত কৰি তুলিছে 'জেন-: জি' আৰু তাৰ পৰৱৰ্তী চামটোক। জুবিনৰ গীতৰ মাজেৰে এই চামটোৱে অসমীয়া গানৰ, অসমীয়া সত্তাৰ ৰূপটোক অনুধাৱন কৰিবলৈ লৈছে। এই চামটোৰ মাজত গঢ় লৈ উঠা 'জুবিন চেতনা'টোক সাৰ-পানী যোগাই এই চামৰ মাজত আকাশ স্পৰ্শ কৰা আকাংক্ষা ! গঢ় দিব পৰাটো হ'ব জুবিন অনুৰাগীসকলৰ অন্যতম দায়িত্ব। শিল্পীগৰাকীৰ বিয়োগত সৃষ্টি হোৱাত অভূতপূর্ব শোক-ক্ষোভৰ আচ্ছাদনৰ পৰা জাতিটো মুক্ত হ'ব পৰা নাই। তেওঁৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় বিচাৰি আন্দোলন হৈছে। ইমানতে শেষ নহৈ জুবিন গাৰ্গক জাতীয় আদৰ্শৰূপে জীয়াই ৰখাৰ সংগ্ৰামখনো এতিয়াই আৰম্ভ হ'ব লাগিব।

Share This