ডিজিটেল ডেস্ক: অসম চৰকাৰে অলপতে ৮১৮গৰাকী যুৱ লেখকক 'যুৱ লেখক সন্মান' প্রদান কৰিলে। মুখ্যতঃ এই বঁটাত আছে এখন মানপত্ৰ আৰু নগদ ২৫ হাজাৰ টকা। চৰকাৰে এই বঁটা প্ৰদান কৰাক লৈ একাংশৰ অসন্তুষ্টি, ঠাট্টা-মস্কৰা আছে। বিশেষকৈ সামাজিক মাধ্যমত এই অসন্তুষ্টিৰ প্ৰকাশ ঘটিছে। আপত্তি-অসন্তুষ্টিৰ কাৰক দেধাৰ। কোনোধৰণৰ লেখা-মেলা নকৰা লোকে বঁটা পোৱা, চল্লিছ বছৰৰ ঊর্ধ্বয়ো বঁটা লাভ কৰা, আৱেদন কৰিহে ল'ব লগা বঁটা আদি অলেখ আপত্তি উল্লেখ কৰি একাংশই আনকি এয়া চৰকাৰৰ হিতাধিকাৰী আঁচনি বুলিও ঠাট্টা কৰিছে।
তাহানিৰ দিনৰে পৰা ৰজা-মহাৰজাসকলে সাহিত্যিক, চিত্ৰকৰ, সংগীতজ্ঞসকলক ৰাজকীয় সন্মান-পদমর্যাদাৰে উৎসাহিত আৰু সন্মানিত কৰাৰ অলেখ দৃষ্টান্ত আছে। সেই অর্থতে যদি এতিয়াও চৰকাৰে শিল্পী-সাহিত্যিকসকলক উৎসাহিত, অনুপ্রাণিত কৰিবলৈ কোনো আঁচনি লয়, তাত আপত্তি কৰিব লগা বিশেষ নাথাকে। তাতে যি সময়ত আজিৰ নতুন প্ৰজন্মই কিতাপ-পত্র নপঢ়ে, সাহিত্য চর্চা নকৰে বুলি সহজ-সুলভ অভিযোগ এটা প্রচলিত, সেই সময়ত এনে বঁটা প্রদানে অন্ততঃ সাহিত্য চর্চাত জড়িত হ'ব খোজাসকলক কিছু হ'লেও উৎসাহিত কৰিব। বহুতেই আৱেদন কৰি বঁটা গ্রহণ কৰিব লগা কথাটো আত্মসন্মান হানিকাৰক বুলি তুচ্ছ-তাচ্ছিল্য কৰিবলৈ চেষ্টা কৰিছে যদিও এই কথা আমি সকলোৱে মনত ৰখা ভাল যে দেশ-বিদেশৰ বহু সন্মানীয় বঁটা আৱেদন কৰিহে লাভ কৰিব পাৰি। সেয়ে আৱেদন কৰিব লগীয়া কথাটো এইক্ষেত্রত মর্যাদা হানিকাৰক হ'ব নোৱাৰে- বৰঞ্চ আমি মনত ৰখা ভাল আৱেদন কৰিবলৈও যোগ্যতা লাগে। সকলোৰে সেই যোগ্যতা নাথাকে। আৰু যোগ্যতা নথকাজনৰ এনে বঁটা-সন্মানৰ প্ৰতি হাবিয়াস থাকিলেও আৱেদন কৰিব নোৱাৰে। অৱশ্যে এই বিশেষ বঁটাৰ ক্ষেত্রত কোনোবাই যদি বয়সৰ নিৰ্ধাৰিত উচ্চ সীমা (এইক্ষেত্ৰত ৪০ বছৰ) অতিক্ৰম কৰাৰ পাছতো ভুৱা তথ্যৰে আৱেদন কৰিছিল আৰু বঁটা লাভো কৰিছে, তেনেহ'লে সেয়া অত্যন্ত গর্হিত কাম। এয়া চৌর্য বৃত্তিৰ সমপৰ্যায়ৰ। এনে ক্ষেত্ৰত নিৰ্বাচনৰ দায়িত্বত থকাসকল ভৱিষ্যতে আৰু কঠোৰ হোৱাৰ প্রয়োজন। অসমৰ বৌদ্ধিক সমাজে নিশ্চয় আশা কৰিব এই বঁটা প্রদানে আমাৰ উঠি অহা চামক অনুপ্রাণিত কৰিব আৰু ভৱিষ্যতে অধিক মানবিশিষ্ট লেখাৰে তেওঁলোকে আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰিব।
এইখিনিতে আমাৰ যুৱ লেখকসকলক উদ্দেশ্যি ক'ব লগীয়া আৰু এটা প্রসংগ আছে। যুৱ লেখকক বঁটা প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত আছিল ইতিহাসৰ পুনৰ কথনেৰে বিশ্ব দৰবাৰত জনপ্রিয় হোৱা আমিশ ত্রিপাঠী। এনে এজন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ লেখকৰ বক্তব্য শুনাটো, তেওঁক স্বচক্ষে দেখাটো যিকোনো উদীয়মান লেখকৰ বাবেই বিশেষ অগ্রাধিকাৰৰ বিষয় হোৱা উচিত। কিন্তু পৰিতাপৰ কথা যে সেইদিনা আমিশ ত্রিপাঠীয়ে ভাষণ দিবলৈ আৰম্ভ কৰোঁতেই অধিকাংশ দর্শকে সভাগৃহ ত্যাগ কৰে। তাতোকৈ পৰিতাপৰ কথা সভাগৃহ ত্যাগ কৰাসকলৰ অধিকাংশই আছিল যুৱ লেখকৰ সন্মান পোৱা লেখক। বাতৰিকাকতত প্রকাশ হোৱা অনুসৰি যি নগণ্য সংখ্যক উপস্থিত আছিল, তেওঁলোকেও কথা-বতৰা পাতি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে।
দৰাচলতে সৌজন্যতাহীন এইসকল যুব লেখকৰ আচৰণ। ফলত তীব্র অপমানিত অনুভৱ কৰি ভাষণ আৰম্ভ কৰিয়েই আধাতে ভাষণ সামৰিলে আমিশ ত্রিপাঠীয়ে। এনে পৰিস্থিতিয়ে মনত প্ৰশ্নৰ জন্ম দিয়ে-২৫ হাজাৰ টকাৰ লোভত, মঞ্চত মুখ্যমন্ত্ৰীৰ সৈতে ফটো উঠাৰ লোভতহে আমাৰ যুৱ লেখকসকল তাত সমৱেত হৈছিল নেকি? গুণীজনৰ মুখৰ কথা শুনি নিজৰ জীৱন উজ্জীৱিত কৰা, সাহিত্যক সাধনা ৰূপে গ্রহণ কৰাৰ এক দীঘলীয়া বাটৰ বাবে তেওঁলোক প্রস্তুত নহয় নেকি? খন্তেকীয়া চমক, কেইটামান টকা- ইয়াতেই শেষ নেকি আমি সম্ভাৱনা বুলি ভবা এইসকল যুৱ লেখকৰ ভৱিষ্যৎ? এই সংশয় ভুল বুলি প্রমাণিত কৰাৰ গধুৰ দায়িত্ব এতিয়া এইসকল যুৱ লেখকৰ ওপৰত। তেওঁলোকৰ সম্পৰ্কত উত্থাপিত সকলোধৰণৰ অভিযোগ আৰু সন্দেহৰ উত্তৰ তেওঁলোকে দিব লাগিব যোগ্যতাৰে। সময়ে আৰু সমাজে চকু দিব তেওঁলোকৰ কাম-কাজ, চর্চা আৰু লেখাসমূহত।