ডিজিটেল ডেস্ক : আজি ১৫ আগষ্ট, স্বাধীনতা দিৱস। সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্মবলিদানৰ ফচল এই স্বাধীনতা দিৱস। আজিৰ দিনটোতেই ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে স্বাধীনতাৰ নিচান উৰুৱাইছিল। সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে দেশবাসীয়ে জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মণিষীক সোঁৱৰে।
বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰিছিল।ভাৰতৰ স্বাধীনতা লাভৰ ইতিহাস সুখকৰ নাছিল। এই স্বাধীনতাৰ বিনিয়মত প্ৰাণ হেৰুৱাইছিল হাজাৰ হাজাৰ লোকে। হাজাৰ হাজাৰ শ্বহীদৰ বলিদানেৰে অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত ইংৰাজৰ শাসনৰ পৰা মুক্ত হয়। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে স্বাধীনতা দিৱসৰ গুৰুত্ব অধিক। ২০০ বছৰৰ বন্দিত্বৰ শিকঙি চিঙিবলৈ হাজাৰ হাজাৰ সেনানীয়ে কোনো চিন্তা নকৰাকৈ নিজৰ প্ৰাণ ত্যাগ কৰিছিল।
ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহ। ইফালে স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে লালকিল্লাত উপস্থিত হৈ কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা ১২ সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।