আজি দেওবাৰ, ২২ ছেপ্টেম্বৰ,আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল 

DainikJanambhumi September 22, 2024

ডিজিটেল ডেস্কঃ দেওবাৰ, ২২ ছেপ্টেম্বৰ, খ্ৰীষ্টাব্দ ২০২৪৷ 

 

 

মেষঃ শুভ ৰং গুলপীয়া৷ ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব৷ কোনো উচিত কথা ক’বলৈ যাওঁতে মানুহে বিৰূপ ভাৱহে ল’ব৷ দাম্পত্যত সুখী৷

 

বৃষঃ শুভ ৰং সোণালী, ঘৰুৱা জীৱন শুভা-শুভ মিশ্ৰিত৷ স্বাস্থ্য খুব উন্নত নেপাব৷ সন্তানক লৈ চিন্তিত৷ আৰ্থিক সমস্যাইও আমনি দিব৷

 

মিথুনঃ শুভ ৰং কফি৷ জেতুকা বুলীয়া৷ মন উন্নত৷ প্ৰাপ্যাদিত বেয়া নহয়৷ পিছ বেলাৰ পৰা প্ৰায় কৰ্মতে সফলতাৰ ইংগিত৷ শত্ৰু জয়ী হ’ব৷

 

কৰ্কটঃ শুভ ৰং অপৰাজিতা নীলা৷ য’তেই নেথাকক, বন্ধু-বান্ধৱৰ অভাৱ নহ’ব৷ কৰ্মত সহায়-সহযোগ পাব৷ নতুন বন্ধু লাভ৷

 

সিংহঃ শুভ ৰং তামবৰণীয়া৷ আপোনাৰ সামাজিক মৰ্যাদা বিনষ্ট কৰিবলৈ চেষ্টা কৰা সকলৰ অভিসন্ধি ব্যৰ্থ হ’ব৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ বিদ্যাথ¹ৰ একাগ্ৰতা বৃদ্ধি পাব৷ আৰ্থিক দিশত কিছু উন্নত৷

 

কন্যাঃ শুভ ৰং সেউজীয়া৷ আপোনাৰ কৰ্ম দক্ষতাৰ বাবে জনপ্ৰিয়তাও বাঢ়িব৷ ধম¹য় কৰ্মত মনোযোগ৷ বিদ্যা বুদ্ধিত ভালেই৷ 

 

তুলাঃ শুভ ৰং নীলা৷ শৰীৰ প্ৰায় ভালেই৷ এলাহ বা অন্যমনস্ক ভাবৰ বাবে প্ৰাপ্য সুযোগ হেৰাব পাৰে৷ অবাঞ্চিত খৰচ৷

 

বৃশ্চিকঃ শুভ ৰং হালধীয়া৷ স্বাস্থ্য প্ৰায় ভালেই৷ ব্যৱসায-বাণিজ্যত বাধাগ্ৰস্ত হ’লেও আৰ্থিকত উন্নতি৷ শিল্পী, সাহিত্যিক আদিয়ে যথাযোগ্য সন্মান নেপাবও পাৰে৷

 

ধনুঃ শুভ ৰং বগা৷ আপোনাৰ সুন্দৰ ব্যৱহাৰত সকলো মুগ্ধ হ’ব৷ কামত উৎসাহ উদ্দীপনা৷ পিতৃ-মাতৃ আপোনাক লৈ সুখী৷

 

মকৰঃ শুভ ৰং হালধীয়া৷ নিজৰ প্ৰচেষ্টাৰে হাতত লোৱা যি কোনো কামতে সফল হ’ব৷ দাম্পত্যত সুখী৷ মেল-মোকৰ্দমাত জড়িত যদি তাৰ সুফল পাব৷

 

কুম্ভঃ শুভ ৰং বেঙুণীয়া৷ শৰীৰ প্ৰায় ভালেই৷ কোনো ধম¹য় অনুষ্ঠানত ব্যস্ত থাকিব পাৰে৷ পাৰিবাৰিক জীৱনত কিবা এটা নোপোৱাৰ বেদনা৷

 

মীনঃ শুভ ৰং গেৰুৱা৷ পিছ বেলাৰ পৰা প্ৰায় ক্ষেত্ৰতে কিছু উন্নত পাব৷ ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্ৰহ থাকি আপোনাক সমস্যা সমাধানত সহায় কৰিছে৷ খৰচ পাতিৰ মাত্ৰা ঊধ্বৰ্গতিত৷ হঠাৎ ভ্ৰমণৰ যো-জা হ’ব৷ সমজুৱা কামত প্ৰশংসা পাব৷ খং ৰাগ, মই বৰ ভাবক প্ৰশ্ৰয় নিদিব৷

Share This