ডিজিটেল ডেস্ক: ফাগুন মানেই ৰঙা ৰঙা শিমলু ফুলবোৰ ফুলাৰ সময়। উথলি উঠে মন-প্রাণ। পলাশ, মদাৰৰ তেজৰঙী আভাই চৌদিশে এক নৱ চেতনাৰ উন্মেষ ঘটাইছে। গছৰ ডালে ডালে কুঁহিপাতৰ সেউজীয়া পৃথিৱীয়ে বুকুৰ মাজলৈ বাসন্তীৰ মৃদু অনুভৱ কঢ়িয়াই অনাৰ লগে লগে ৰাজ্যৰ অন্যতম মিচিং সমাজৰ অতি হেঁপাহৰ আলি-আঃয়ে-নৃগাং উৎসৱৰ উখল-মাখল পৰিৱেশ সমগ্ৰ ৰাজ্যতে।
ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন হোৱা কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে-নৃগাঙৰ মাদকতা বৃদ্ধি পোৱাৰ লগে লগে ভাৱনাৰ যতৰৰ সূতাও চাগৈ ঘনে ঘনে ছিগিছে মিচিং সুন্দৰী গাভৰুৰ তাঁতৰ শালত। মিচিং গাভৰুৰ সোণসেৰীয়া হাতৰ পৰশত ইতিমধ্যে ভিন্ন ৰঙী এৰকক, ৰিঃবি গাছেং, গাৰে, মিবু গালোক, মিচিং গালুক, দুমপুন, লাকপুন সমান্তৰালভাৱে আটকধুনীয়া মুৰংঘৰ নিৰ্মাণ আদিও ন-ৰূপত প্রাণ পাই উঠিছে। বাজি উঠিছে চৌদিশে ঢোলৰ গুমগুমনি শব্দ, অই নিঃতম্ৰ সুৰ আৰু গুমৰাগৰ প্ৰীতিভৰা নৃত্যৰে উখল-মাখল হৈ পৰিছে মিচিং জনগোষ্ঠীয় অঞ্চলত। তেনে এক সুমধুৰ ক্ষণৰ সাক্ষী হ'ব ফাগুনৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ আজি ১৮ ফেব্ৰুৱাৰীৰ দিনটো।
পুৱা আলি- আঃয়ে-নৃগাঙৰ জৰিয়তে মিচিং জনগোষ্ঠীয় লোকসকলে আনুষ্ঠানিক বীজ সিঁচাৰ পৰ্ব আৰম্ভ কৰিব। পৰিয়াল অথবা গাঁৱৰ মুৰব্বীগৰাকীয়ে দঞি পঃলক তথা পূর্বপুৰুষসকলক স্মৰণ কৰি সামাজিক ৰীতি-নীতিৰে ধৰ্মীয় বিশ্বাস তথা পৰম্পৰাগতভাৱে এটা নির্দিষ্ট ঠাই এডোখৰত মাটি চহাই লোৱাৰ পাছত পঃৰ আপং, তৰাপাতত সিজোৱা টোপোলা পুৰাং, আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ, কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদিৰে মাংগলিক কার্য সম্পাদন কৰা হয়। মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে বৰষুণ নহ'ব, শস্য উৎপাদন নহ'ব। এনে পৰিপ্ৰেক্ষিততে গুমৰাগ নৃত্য-অই নিঃতম্ৰ মাজেৰে লখিমীক সন্মান প্রদর্শন কৰে।
অসমৰ আদিমতম এই কৃষিভিত্তিক উৎসৱ হিচাপে পৰিগণিত আলি-আঃয়ে- নৃগাং উলহ-মালহেৰে উদযাপন কৰাৰ বাবে মাজুলীৰ শতাধিক গাঁও তথা ৰাজহুৱা স্থানত ইতিমধ্যে প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। মাজুলীৰ লাচন, চিকাৰী, লখিমী বৰপমুৱা, জেংৰাইচাপৰি, কুমাৰবাৰী, নামনি চেৰপাই, কাৰ্কিচুক, হাতীমূৰীয়া মিচিং, উজনি জকাইবোৱা, শালমৰী, ৰতনপুৰ মিৰি, কুলামুৱা চাপৰি, বৰগঞা আদি বিভিন্ন গাঁৱত গুমৰাগ নৃত্যৰ আখৰা চলি থকা পৰিলক্ষিত হৈছে।