ডিজিটেল ডেস্ক: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজি চতুর্থ টি-২০ত শৃংখলা জয়ৰ লক্ষ্যৰে নামিব ভাৰত। ইয়াৰ মাজতে শুভমন গীল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ ফৰ্মহীনতাই ভাৰতীয় দলক চিন্তাত ৰাখিছে।
তৃতীয় টি-২০ ক্রিকেটত মাথোঁ ১১৮ ৰানৰ লক্ষ্য লাভ কৰাৰ পাছত সূর্যকুমাৰে নিজৰ ফৰ্ম ঘূৰাই পোৱাৰ বাবে সুযোগ পাইছিল যদিও সেয়া কামত লগোৱাত ব্যর্থ হয়। ইফালে, গীলে আন দুটা সংস্কৰণত সফল হ'লেও টি-২০ ক্রিকেটত নিজকে তুলি ধৰিব পৰা নাই। ভাৰতে অক্ষৰ পেটেলৰ স্থানত শ্বাহবাজ আহমেদক দলভুক্ত কৰিছে।
আনহাতে, ব্যক্তিগত কাৰণৰ বাবে তৃতীয় এদিনীয়াৰ পৰা আঁতৰি থকা যশপ্রীত বুমৰাহৰ দলত উপস্থিতি অনিশ্চিত হৈ আছে। বুমৰাহৰ অনুপস্থিতিত সুযোগ পোৱা অর্শদীপ সিঙে ফর্মলৈ উভতি অহাৰ ইংগিত দিছে, য'ত তেওঁ প্লেয়াৰ অব্ দ্য মেচৰ সন্মান পাইছিল। ইয়াৰ উপৰি হৰ্ষিত ৰাণাই ধৰমশালাত নিজকে তুলি ধৰিছিল। ৫খনীয়া শৃংখলাত ভাৰতে ২-১ ব্যৱধানত অগ্রগতি লাভ কৰি আছে। আনহাতে, দক্ষিণ আফ্রিকাই কাইলৈৰ খেলত জয়েৰে শৃংখলা সজীৱ ৰাখিব খোজে।