আজি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেল

dainik janambhumi July 05, 2026

ডিজিটেল ডেস্ক: ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ইয়াৰ ঐতিহাসিক লর্ডছত মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলখন অনুষ্ঠিত হ'ব। আয়োজক ইংলেণ্ড টি-২০ বিশ্বকাপৰ হাতহাসত এতিয়ালৈকে এবাৰো পৰাজিত হোৱা নাই। 

আনহাতে, অষ্ট্ৰেলিয়াই অষ্টমবাৰলৈ আৰু ইংলেণ্ডে পঞ্চমবাৰলৈ ফাইনেল খেলিব। দুয়োটা দলে এতিয়ালৈকে ৪৫ বাৰ পৰস্পৰৰ মুখামুখি হৈছে আৰু ইয়াৰে ২২বাৰ অষ্ট্ৰেলিয়া তথা ২০বাৰ ইংলেণ্ড জয়ী হৈছে। দুখন মেচ টাই আৰু এখন পৰিত্যক্ত হৈছিল। ভাৰতীয় সময়মতে আজি সন্ধিয়া সাত বজাৰ পৰা ফাইনেলখন আৰম্ভ হ'ব ।

Share This