আজি বৃহস্পতিবাৰ, ৫ অক্টোবৰ, কেনে যাব দিনটো? ৰাশিফল চাই জানি লওঁ আহক

Jyoti Borah October 05, 2023

বৃহস্পতিবাৰ, ৫ অক্টোবৰ, ১৭ আহিন  

মেষঃ স্বাস্থ্য প্রায় ভালেই আনৰ হিত সাধি ভাল পাব। আত্মীয়-স্বজন তথা বন্ধু-বান্ধবৰ আগমন বুজায়। বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি। ধর্মত মতি। শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি। শুভ সংখ্যা ১১। শুভ ৰং ৰঙা ।

বৃষঃ  স্বাস্থ্য মজলীয়া। কোনোৱে বিষ-বেদনাদিত ভুগিব পাৰে। মন উন্নত। চিকিৎসক, আইনজীবী, আদি বৃত্তিধাৰীৰ বাবে অনুকূল, প্রেম-প্রীতিত মধ্যম। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ।  শুভ সংখ্যা ২,৬। শুভ বং নীলা। 

মিথুনঃ ভ্ৰমণ হ'ব পাৰে। ঘৰুৱা পৰিবেশ যথেষ্ট উন্নত পাব। ব্যৱসায়-বাণিজ্যত জড়িত যদি ভাল ধৰণে চকু দিয়ক,নহ'লে ক্ষতিৰহে সম্ভাৱনা।শুভ কাৰক গ্রহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং মাখন। 

কর্কটঃ ৰাশিৰ ফালৰ পৰা আজি ক্ষেত্র সিংহাসনী যোগ হৈছে। বুধাদিত্য যোগ, ষট শূন্য যোগ, চন্দ্ৰ শুকুৰ ক্ষেত্র বিনিময় আদি শুভ যোগ থকাত দিনটো যথেষ্ট উন্নত পাব। সামাজিক প্রতিপত্তি অটুট থাকিব।শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা 

সিংহঃ  হোটেল, পণ্য দ্রব্য, কাপোৰ আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। খৰচ বৃদ্ধি, স্বাস্থ্য মজলীয়া। দাম্পত্যত দুই- এটা খুঁত খাত থাকিব।শুভ কাৰক গ্ৰহ ৰবি, মণ্ডল। শুভ সংখ্যা ১,১। শুভ ৰং সেউজীয়া। 

কন্যাঃ সকলোৰে লগত মিলিজুলি থাকি দিনটো ভাল ধৰণেই পাৰ হ'ব। নতুন সা-সম্পত্তি লোৱাৰ পৰিকল্পনা হ'ব পাৰে। আর্থিক উন্নতিৰ সংকেত।শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং ক'লা । 

তুলাঃ কামত দক্ষতা প্রকাশ পাৰিবাৰিক জীৱন সুখৰেই। চাকৰিজীৱীয়ে সম্ভবস্থলত ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক।শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া ।

বৃশ্চিকঃ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। সন্তান প্রীতি বাঢ়িল। কৰ্ম ক্ষেত্ৰত সহায়-সহযোগ পাব। খৰচত হাত ধৰা টান হ'ব।শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। 

ধনুঃ স্বাস্থ্য প্রায় ভালেই। ঘৰুৱা জীৱন সুখৰেই। বিদ্যা-বুদ্ধিত ভালেই। শিল্পী, সাহিত্যিক তথা অন্য কলাপ্রেমীর সাধনা অনুযায়ী যথাযোগ্য সম্মান পোৱাত বাধা।শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২,৩। শুভ ৰং হালধীয়া। 

মকৰঃ স্বাস্থ্য প্ৰায় ভালেই। পাৰিবাৰিক জীৱন গতানুগতিক। আপুনি বিচক্ষণ বুদ্ধিৰে জটিল সমস্যা সহজে চঙালি ল'ব পাৰিব।শুভ কাৰক গ্রহ মঙল, শনি । শুভ সংখ্যা ৭, ৯। শুভ ৰং কমলা। 

কুম্ভঃ স্বাস্থ্য ক্ষেত্ৰত সাধাৰণ আমনি পাব। প্রবাসত থকা সন্তানক লৈ চিহ্নিত। কোনো কথাত কাৰো লগত মনোমালিন্য হ'ব পাৰে। মনত এটা শংকা ভাব থাকিব।শুভ কাৰক গ্রহ শনি, শুক্ৰ ।শুভ সংখ্যা ৬, ৭। শুভ ৰং বেঙুনীয়া। 

মীনঃ ঘৰুৱা জীৱন শুভাশুভ মিশ্ৰিত। বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা। ৰাজহুৱা কামত ব্যাস্ত থাকিব লগা হ'ব পাৰে। ব্যৱসায়-বাণিজ্যত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ'ব।শুভ কাৰক গ্রহ শুক্র, বৃহস্পতি। শুভ সংখ্যা ৩, ৬। শুভ ৰং বাদামী। 

Share This