দেৱীপক্ষৰ সূচনা, আজি মহালয়া

Dainik Janambhumi October 10, 2026

ডিজিটেল ডেস্ক: সিংহস্থা শশিশেখৰা মৰকতপ্রখ্যা চতুর্ভিভুজৈঃ/শঙ্খং চক্ৰধনুঃশৰাংশ দধতী নেত্রৈস্ত্রিভিঃ শোভিতা।/ আমুক্তাঙ্গদ-হাৰ-কঙ্কণ-ৰণৎ-কাঞ্চীকণন্নুপুৰা/দুর্গা দুর্গতিহাৰিণী ভৱতু নো ৰত্নোল্লসৎকুণ্ডলা।।

নিয়ৰে তিয়াই থোৱা পদুলিৰ শেৱালি, নৈৰ পাৰৰ বতাহত হাউলি থকা কঁহুৱাৰ শুভ্রতা আৰু আহিনৰ নীলা আকাশত ওপঙি ফুৰা মেঘৰ মাজেৰে যি বতাহছাটি বৈ আহে, তাতেই মিহলি হৈ থাকে মা দুর্গাৰ আঁচলৰ গোন্ধ। পুৱাৰ নিয়ৰত শেৱালি সৰাৰ দৰেই নীৰবে, অথচ গভীৰ উচ্ছ্বাসেৰে ৰাজ্যৰ আকাশ-বতাহত এতিয়া দুর্গতিনাশিনী মা দুর্গাৰ আগমনৰ বাতৰি। আজি মহালয়া। বছৰটোৰ আটাইতকৈ দীঘল অপেক্ষাৰ শেষত অহা এটা পুৱা। অশুভ শক্তিক বিনাশিবলৈ ধৰাৰ বুকুলৈ নামিব শক্তিৰূপিণী মা দেৱী দুর্গা। 

জনবিশ্বাস মতে, আহিন মাহৰ এই পুৱাৰ বতাহজাকক আটাইতকৈ পবিত্ৰ বুলি কোৱা হয়। মহালয়াৰ পুৱাৰ বতাহজাক গাত লাগিলে শৰীৰ-মন-আত্মা তিনিও শুদ্ধ হয়, সকলো অপায়-অমংগল আঁতৰে। সেয়ে ভক্তসকলে মহালয়াৰ পুৱা গা ধুই, প্রাতঃভ্রমণ কৰি মাৰ আশীৰ্বাদ লয়। মহালয়াৰ দিনটোত হিন্দু ধর্মাৱলম্বী লোকসকলৰ উৎসৱ শাৰদীয় দুর্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰ দেৱী দুর্গাক আমন্ত্রণ জনোৱা হয়। আজি মহালয়াৰ দিনাই হ'ব মৃৎশিল্পীসকলে দেৱীৰ চকুত ৰং দিয়াৰ সেই পৱিত্ৰ ক্ষণত চক্ষুদান কৰা হয়। বিশ্বাস কৰা হয় যে সেই মুহূর্ততে নির্জীৱ মাটিৰ মূৰ্তিয়ে জাগ্ৰত ৰূপ পায়, মৃন্ময়ীৰ পৰা চিন্ময়ী হৈ উঠে। আজি পুৱা ৪ বজাৰ পৰাই ৰাজ্যৰ প্ৰতিটো দেৱী মণ্ডপ, উমানন্দ, শুক্ৰেশ্বৰ আৰু কামাখ্যা ধামত চণ্ডীপাঠ আৰু দেৱীৰ চক্ষুদানৰ পৱিত্ৰ কাৰ্য আৰম্ভ হয়। ইয়াৰ সমান্তৰালভাৱে উজনিৰ পৰা নামনিলৈ দেৱী দুর্গাৰ আৰাধনাৰ বাবে ভক্তসকলে প্রস্তুতি আৰম্ভ কৰে। 
পৰম্পৰা অনুসৰি প্রান্তে প্রান্তে আয়োজন কৰা হৈছে প্ৰভাত ফেৰী। পঞ্জিকাৰ গণনা অনুসৰি এইবাৰৰ মহালয়া অতি শুভ ক্ষণত পৰিছে। 

মহালয়াৰ অমাবস্যা তিথি কালি নিশা ৯ বাজি ৩৫ মিনিটত আৰম্ভ হৈ আজি নিশা ৯ বাজি ১৯ মিনিটত সামৰণি পৰিব। তৰ্পণৰ সময় আজি দিন ১১-২৪ৰ পৰা ১-৫৬ লৈকে। শাস্ত্র মতে, এই সময়ছোৱাৰ ভিতৰতে পিতৃ তৰ্পণ কৰা অতি শুভ। মহালয়াৰ দিনটোৰ পৰাই পিতৃ পক্ষৰ অন্ত পৰে আৰু দেৱী পক্ষ বা মাতৃ পক্ষ আৰম্ভ হয়। এই শুভ ক্ষণতে পিতৃপুৰুষৰ উদ্দেশ্যে তর্পণ কৰা হয়। পৰলোকগামী হোৱা পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ কামনা কৰি কৰা হয় তর্পণ। যিসকলে পূৰ্বপুৰুষৰ বছৰেকীয়া শ্রাদ্ধাদি কৰিব নোৱাৰে, তেওঁলোকৰ বাবে মহালয়াৰ তৰ্পণ হৈছে অতিকে গুৰুত্বপূৰ্ণ অনুষ্ঠান। মহালয়াৰ সময়ত পিতৃকুলৰ শান্তিৰ অৰ্থে নদীৰ তীৰত শ্রদ্ধাসহকাৰে পিতৃ তর্পণ কৰাটো হিতকাৰক বুলি মনা হয়। পিতৃপক্ষত জলদান কৰিলে বাধা-বিঘিনি নাশ হয়, শান্তি আহে আৰু শ্রীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। শাস্ত্রত উল্লেখ থকা অনুসৰি মহালয়া যি বাৰে পৰে, সেই বাৰ অনুসৰি দেৱীৰ বাহন নির্ধাৰণ হয়। এইবাৰ মহালয়া শনিবাৰে পৰিছে, সেয়ে দেৱীৰ আগমন হ'ব ঘোঁৰাত। আনহাতে, বিজয়া দশমী পৰিছে বুধবাৰে। সেয়ে দেৱীৰ গমন হ'ব নাৱত। সেই অনুসৰি বিজয়া দশমীত মা দুর্গাৰ কৈলাসলৈ প্ৰত্যাৱৰ্তন ঘটিব নৌকাত। ঘোঁৰাত দেৱীৰ আগমনক অশুভ বা মংগলজনক নহয় বুলি গণ্য কৰা হয়। ঘোঁৰাত দেৱীৰ আগমনে সমাজ আৰু ৰাষ্ট্ৰীয় প্রেক্ষাপটত ৰাজনৈতিক অস্থিৰতা, সামাজিক বিশৃংখলতা, যুদ্ধ-বিগ্রহ বা শাসন ব্যৱস্থাত আলোড়নৰ সংকেত বহন কৰে। নৌকাত দেৱীৰ গমন শুভ সংকেত হয়। ইয়াৰ দ্বাৰা বসুন্ধৰা শস্য-শ্যামলা হৈ পৰে, কৃষি উৎপাদন বৃদ্ধি পায় আৰু মনোকামনা পূৰণ হয়। কিন্তু ইয়াৰ সমান্তৰালভাৱে অতিবৃষ্টি, বানপানী বা প্লাৱনৰো সম্ভাৱনা থাকে। 

উল্লেখযোগ্য যে মহালয়া মানেই একপ্ৰকাৰ আৰম্ভ হয় দুর্গা পূজাৰ কাউন্টডাউন। মৃণ্ময় শিল্পীসকলেও এতিয়া দিন-ৰাতি এক কৰি মা দুৰ্গাৰ প্রতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। সেইদৰে চৌদিশে এতিয়া পূজা মণ্ডপ নির্মাণৰো প্ৰতিযোগিতা অব্যাহত আছে। মহালয়াৰ দিনাই বেছিভাগ মণ্ডপৰ নির্মাণকার্য প্রায় ৬০-৭০ শতাংশ সম্পূর্ণ হৈ উঠে। সমান্তৰালভাৱে পূজাৰ বজাৰতো গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে।

Share This