আজিৰ সম্পাদকীয়,‘ইণ্ডিয়া’ৰ নেতৃত্ব

Dainik Janambhumi December 09, 2024

ডিজিটেল ডেস্কঃ  সাফল্যৰ পথ দেখুৱাব পৰাজনহে নেতা৷ শান্ত-সুস্থিৰ অৱস্থাত ৰজা হ’ব পৰা মানুহ বহুত ওলাব পাৰে, কিন্তু অস্থিৰ অৱস্থাত নেতৃত্ব দিব পৰাজনহে আচল নেতা – এইবিলাক বিশেষজ্ঞ ব্যক্তিয়ে কৈ যোৱা কথা৷ মহৎ লোকে এইবুলিও কৈ গৈছে যে সাফল্যৰ পিতৃ ঢেৰ, ব্যৰ্থতা জাৰজ সন্তানৰ দৰে৷ এই ভনিতাখিনিৰ উল্লেখ এইবাবেই কৰা হৈছে যে সম্প্ৰতি দেশৰ বিৰোধী শিবিৰক কোনে নেতৃত্ব দিব তাক লৈ পুনৰ এবাৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ ‘ইণ্ডিয়া’ সংক্ষিপ্ত ৰুপেৰে যি বিৰোধী মৰ্চা লোক সভাৰ নিৰ্বাচনৰ আগত গঠন হৈছিল, সেই মৰ্চাৰ নেতৃত্ব তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া উচিত বুলি শেহতীয়াকৈ এক দাবী উত্থাপন হৈছে আৰু লক্ষণীয়ভাৱে অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টিয়ে এই প্ৰস্তাৱ উত্থাপন কৰাৰ উপৰি মহাৰাষ্ট্ৰৰ ‘মহাবিকাশ আঘাড়ী’ৰ দুই অংশীদাৰ শিৱ সেনা (উদ্ধৱ থাকৰে) আৰু এন চি পি (শাৰদ পাৱাৰ)এ এই প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়াইছে৷ কিন্তু বৰ্তমান এই বিৰোধী মঞ্চৰ নেতৃত্ব লৈ থকা কংগ্ৰেছে ‘ইণ্ডিয়া’ৰ নেতৃত্ব আন কাকো এৰি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ নেতৃত্বৰ প্ৰশ্নটোলৈ যোৱাৰ আগতেই এই কথা ক’বই লাগিব যে সম্প্ৰতি দেশৰ বিৰোধী ঐক্যৰ নামত যিখন নাটক চলি আছে সেয়া হাস্যস্পদ৷ বিৰোধী দলবিলাক যে মাজে মাজে ঐক্যবদ্ধ হয়, নেতাসকলে ইজনে-সিজনৰ হাতত ধৰি হাত ওপৰলৈ কৰি সেই ঐক্যৰ ‘শক্তি’ক প্ৰদৰ্শন কৰে, এই ‘ঐক্য’ৰ লক্ষ্য কি, নীতি কি, উদ্দেশ্য কি সেয়া দেশবাসীয়ে আজিলৈকে বুজিব নোৱাৰিলে৷ কংগ্ৰেছৰ বিৰুদ্ধে ১৯৭৭১ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ভিন্ন মতাদৰ্শী দলে ঐক্যবদ্ধ হৈ জনতা পাৰ্টি গঠন কৰিছিল৷ সেই ঐক্যক জনসাধাৰণে বুজি পাইছিল৷ জৰুৰী অৱস্থা তথা অপশাসনৰ বিৰুদ্ধে এটা প্ৰবল সংগ্ৰামৰ বুকুৰ পৰা সেই ঐক্যৰ সৃষ্টি হৈছিল আৰু কংগ্ৰেছৰ দৰে এক মহাশক্তিক প্ৰত্যাহ৩ান জনাব পৰা সেইটোৱেই আছিল দেশৰ প্ৰথম ঐক্যবদ্ধ বিৰোধী শক্তি৷ তৎপৰৱৰ্তী সময়ত দেশত মৰ্চা- ৰাজনীতিয়ে এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে৷ এইচ ডি দেৱেগৌড়াৰ চৰকাৰ, আই কে গুজৰালৰ চৰকাৰ আছিল মৰ্চা ৰাজনীতিৰে একো একোটা অধ্যায়৷ অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত গঠন হোৱা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স মৰ্চা ৰাজনীতিৰে এক ফচল, যি এতিয়াও সদৰ্পে দেশ শাসন কৰি আছে৷ ড॰ মনমোহন সিঙৰ নেতৃত্বত দেশত দশকজোৰা শাসন চলিছিল, সেয়াও আছিল মৰ্চা ৰাজনীতিৰে অন্য এক সফল অধ্যায়৷ এই সকলোবোৰ মৰ্চাক দেশবাসীয়ে এইবাবেই বুজি পাইছিল যে এই মৰ্চাবিলাক গঠন হৈছিল এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আৰু ইয়াৰ অংশীদাৰ দলবোৰৰ মাজত আছিল উমৈহতীয়া নূ্যনতম কাৰ্যসূচী৷ কিন্তু এইবাৰেই প্ৰথম এটা বিৰোধী মৰ্চাৰ সৃষ্টি হৈছে যাৰ আনুষ্ঠানিকভাৱে কোনো নেতা নাই আৰু নাই কোনো উমৈহতীয়া নূ্যনতম কাৰ্যসূচী৷ I.N.D.I.A (ইণ্ডিয়ান নেশ্যনেল ডেভেল’পমেণ্ট ইনক্লুচিভ এলায়েন্স) নামৰ এই মৰ্চাটো গঠনৰ প্ৰথম পৰ্যায়টো আছিল যথেষ্ট আশাপ্ৰদ৷ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল মিলাই প্ৰথম অৱস্থাত ২৬টা দল সমৱেত হৈছিল এই মঞ্চত৷ কিন্তু ‘ইণ্ডিয়া’ৰ বেছিভাগে নেতাই আজিলৈকে বুজিয়েই নাপালে তেওঁলোকৰ মঞ্চখননো আচলতে কি৷ এই ‘ইণ্ডিয়া’ গঠন হোৱাৰ পাছত কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আৰু লোক সভাৰ নিৰ্বাচন হৈ গ’ল, কিন্তু মিত্ৰতাৰ এটা নিৰ্দিষ্ট সূত্ৰ নথকা বাবে আৰু মৰ্চা ৰাজনীতিৰ মৰ্যাদাক উপলব্ধি কৰিব নোৱৰা বাবে কোনোটো নিৰ্বাচনতে ‘ইণ্ডিয়া’ই ঐক্যবদ্ধ শক্তিৰ ৰূপত নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা দেখা নগ’ল৷ লোক সভাৰ নিৰ্বাচনত তাৰ মাজতো কিছুমান দল এক্যবদ্ধ হ’বলৈ  সক্ষম হোৱা বাবে বিজেপিৰ অশ্বমেধৰ ঘোঁৰা কেনেকৈ ঠায়ে ঠায়ে স্তব্ধ হ’বলগীয়া হৈছিল সেই ইতিহাস দোহৰাৰ প্ৰয়োজন নাই৷ কিন্তু এতিয়া সেই অৱশিষ্ট মিত্ৰতাও ভংগ হোৱাৰ উপক্ৰম ঘটিছে বিৰোধী মৰ্চাৰ মূল শক্তি কংগ্ৰেছৰ আত্মকেন্দ্ৰিক ৰাজনীতিৰ বাবে৷ কংগ্ৰেছে নিজেও সবল নেতৃত্ব দিব পৰা নাই, মৰ্চাকো আগুৱাই নিয়াত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ কংগ্ৰেছৰ ভুলৰ বাবেই জিকিবলগীয়া ৰাজ্যতো পৰাস্ত হৈছে মৰ্চা, সেয়েহে এতিয়া নেতৃত্বৰ প্ৰশ্ন উত্থাপিত হৈছে৷ মমতা বেনাৰ্জীয়ে ‘ইণ্ডিয়া’ক নেতৃত্ব দিব লাগে বুলি সবল দাবী তুলিছে একাংশ অংশীদাৰ দলে৷ প্ৰথমেই উল্লেখ কৰা হৈছে যে সাফল্যৰ পথ দেখুৱাব পৰাজনহে আচল নেতা৷ মমতা বেনাৰ্জীয়ে ‘ইণ্ডিয়া’ক নেতৃত্ব দিলে বিৰোধী মৰ্চাটো সফলভাৱে আগুৱাব পাৰিব নে নাই সেইটো সময়ত প্ৰতিপন্ন হ’ব, কিন্তু বিজেপিৰ উত্থানৰ যোৱা এটা দশকত কংগ্ৰেছৰ নেতৃত্ব যে নিষ্প্ৰভ আৰু ব্যৰ্থ সেইটো প্ৰমাণ হৈ গৈছে৷ যিকেইখন ৰাজ্যত কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে সেই ৰাজ্যকেইখনৰ বিজয় কেৱল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সাফল্য বুলি ক’ব নোৱাৰি৷ এনে অৱস্থাত মমতাৰ নেতৃত্বৰ দাবী উত্থাপন হোৱাৰ কাৰণ হ’ল– মমতাই নেতৃত্বত সাফল্য প্ৰদৰ্শন কৰিছে৷ পশ্চিম বংগত বিজেপিৰ ক্ষমতা দখলৰ সৰ্বাত্মক চেষ্টাক মমতাই অকলে ব্যৰ্থ কৰিছে৷ সেয়েহে দেশত বিজেপিক প্ৰতিহত কৰাৰ সংগ্ৰামখনত মমতাইহে নেতৃত্ব দিব পাৰিব বুলি বিৰোধী মৰ্চাৰ একাংশ নেতাৰ বিশ্বাস জন্মিছে৷ মমতা বেনাৰ্জীক নেতা পাতে নে নাপাতে সেই সিদ্ধান্ত ‘ইণ্ডিয়া’ৰ নেতাসকলে গ্ৰহণ কৰিব, কিন্তু এইটো ঠিক যে বৰ্তমানৰ কংগ্ৰেছৰ নেতৃত্বৰ ৰূপটোৰে বিৰোধী মৰ্চাই বিজেপিক যে প্ৰতিহত কৰিব নোৱাৰে এইটো খাটাং৷ বিজেপিৰ বিৰুদ্ধে শক্তিশালী যুঁজত অৱতীৰ্ণ হ’বলৈ হ’লে সবল নেতৃত্বৰে বিৰোধী দলসমূহ প্ৰথমতে সঠিকভাৱে ঐক্যবদ্ধ হ’ব পাৰিব লাগিব৷

Share This