আজিৰ সম্পাদকীয়, শ্ৰম বিমুখ

Dainik Janambhumi September 07, 2024


ডিজিটেল ডেস্কঃ  ধন হ’ল আৰ্থিক বিনিময় ব্যৱস্থাৰ আধাৰ৷ যিকোনো পন্যদ্ৰব্যৰ ক্ৰয়-বিক্ৰয় ধনৰ মাধ্যমত হয়৷ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ আমি ধনৰ বিনিময়ত বজাৰৰ পৰা ক্ৰয় কৰোঁ৷ মানুহৰ ক্ৰয় ক্ষমতাৰ ওপৰত বজাৰৰ সমৃদ্ধি নিৰ্ভৰশীল৷ ধন-সম্পদৰ অধিকাৰী হোৱা-নেহোৱাৰ ওপৰত নিৰ্ভৰ কৰি সমাজ এখনত কাৰোবাক চহকী আন কাৰোবাক দুখীয়া আখ্যা দিয়া হয়৷ সচ্ছল জীৱনৰ বাবে ধন হ’ল আৱশ্যকীয়৷ কিন্তু ধন অৰ্জনত সমাজত সকলো সমানভাৱে পাৰ্গত হোৱা দেখা নাযায়৷ উপাৰ্জনৰ বাবে মানুহক সংস্থাপনৰ প্ৰয়োজন হয়৷ সংস্থাপন লাভ কৰাৰ বাবে নিজকে শিক্ষা-দীক্ষাৰে উপযুক্ত কৰি গঢ়ি তোলাত মানুহৰ জীৱনৰ আগবয়সৰ বহু সময় পাৰ হয়৷ দেশ একোখনৰ সমৃদ্ধি নিৰ্ভৰ কৰে সেই দেশখনৰ জনসংখ্যাক উৎপাদনক্ষম আৰু উপাৰ্জনক্ষম ৰূপে গঢ়ি তোলাত৷ সমাজৰ অধিকাংশ সমস্যাৰে উৎস হ’ল আৰ্থিক-বৈষম্য৷ সংস্থাপন বিহিনতা বা আনকথাত নিবনুৱা সমস্যা বৃদ্ধি পোৱা মানে উপাৰ্জনক্ষম অথচ উপাৰ্জনৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত লোকৰ সংখ্যা বৃদ্ধি পোৱা৷ বৰ্তমান ভাৰতবৰ্ষ তথা অসমৰ অৰ্থনৈতিক অৱস্থা বৰ ভাল নহয়৷ দেশখনৰ বিভিন্ন শিতানত ব্যয় কৰিব লগা, বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিব লগা পৰিমাণৰ আয় আমাৰ দেশে কৰিব পৰা নাই৷ অসমৰ ক্ষেত্ৰত ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা ধনৰ অভাৱ হোৱা বাবেই প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ ল’ব লগা হৈছে৷

 


অথচ এনে এক পৰিস্থিতিৰ মাজতে হঠাৎ সংবাদ মাধ্যমৰ শিৰোনাম অধিকাৰ কৰিছে কোনো কোনো ব্যক্তিৰ ধনাধিক্যৰ খবৰে৷ যি সময়ত কৰ্মসংস্থাপন বিচাৰি কঠোৰ পৰিশ্ৰমী অভিবাসী মুছলমান সম্প্ৰদায়ৰ মানুহ অসমৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছে, বহুমহলীয়া ঘৰ নিৰ্মাণ কৰা, অন্যান্য প্ৰকল্পৰ কষ্টসাধ্য কাম কৰি দৈনিক মজুৰিৰে জীৱন নিৰ্বাহ কৰিছে, তাকে লৈ এচাম মানুহে শ্ৰমকাৰী এই মানুহখিনিক লৈ ৰাজনীতি কৰিছে; ঠিক একে সময়তে পোহৰলৈ আহিছে বৰ কম আয়াসতে বুদ্ধি-কৌশল প্ৰয়োগ কৰি শ কোটি-হাজাৰ কোটি টকা উপাৰ্জন কৰাৰ কেতবোৰ ৰোমাঞ্চকৰ কাহিনী৷ অসমত অন লাইন ট্ৰেডিং ব্যৱস্থাৰ যোগেদি শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি বোলে বহুকেইগৰাকী যুৱক-যুৱতী বৰ কম সময়ৰ ভিতৰতে শ কোটি-হাজাৰ কোটি টকাৰ অধিকাৰী হৈ পৰিছে৷ এই ‘অন লাইন’ ট্ৰেডিং বোলা পেছাটো তুলনামূলকভাৱে নতুন৷ দেশত অতবোৰ চৰকাৰী-বেচৰকাৰী বেংক, আদি অন্যান্য বিত্তীয় প্ৰতিষ্ঠান থকাৰ পাছতো কিয় একাংশ লোকে সন্দেহজনক আৰু অনিৰ্ভৰশীল ব্যক্তিক লাখ লাখ টকা বিনিয়োগ কৰিবলৈ দিছে সেয়া ৰহস্যজনক৷ তদুপৰি এনেদৰে বিনিয়োগ কৰা টকা হঠাতে কিয় বিনিয়োগকাৰীয়ে আদায় কৰিব খুজিছে; সেয়াও ৰহস্যজনক কথা৷ শেহতীয়া খবৰ অনুসৰি বৃহৎ পৰিমাণৰ ধনসহ এই ঘটনাৰ মূল অভিযুক্তই আত্মগোপন কৰিছে৷ এয়া আচলতে এক ধৰণৰ ঠগ-প্ৰৱঞ্চনা৷ দীৰ্ঘদিন ধৰি ইমান সন্তৰ্পণে এনে ধৰণৰ আৰ্থিক অপৰাধ হৈ থাকোতেও আৰক্ষী-চোৰাংচোৱা ব্যৱস্থাই কেনেকৈ সম্ভেদ নাপালে সেয়াও চিন্তনীয়৷

 


দেশ-জাতিৰ বিকাশৰ প্ৰসংগৰ চৰ্চা হ’লে প্ৰথমেই আহে শ্ৰমৰ কথা৷ সহজ পথেৰে আৰ্জিত ধনেৰে বিকাশৰ কোনো চমু ৰাস্তা আজিলৈকে ওলোৱা নাই৷ যি দেশ বা যি জাতিৰ শ্ৰমশক্তি সবল, যি দেশ বা জাতি শ্ৰমশক্তিৰ উপযুক্ত ব্যৱহাৰেৰে উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম, তেনেকুৱা দেশ বা জাতিহে উন্নত দেশ বা জাতিৰূপে গণ্য হৈ আহিছে৷ সভ্যতাৰ ক্ৰমবিকাশলৈ লক্ষ্য কৰিলেই ইয়াৰ সত্যতা উপলব্ধি কৰিব পৰা যায়৷ শিল্প বিপ্লৱে ইউৰোপৰ উন্নয়নৰ ভেটি তৈয়াৰ কৰিছিল৷ আমেৰিকা বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰত পৰিণত হ’বলৈ সক্ষম হৈছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ শ্ৰমশক্তিবিলাকক সেই দেশত স্থান দি গৱেষণা আৰু উন্নয়নৰ এক শক্তিশালী পটভূমি ৰচনা কৰিবলৈ সক্ষম হোৱা বাবেহে৷ আমাৰ দেশত সেই গুৰুত্বপূৰ্ণ দিশটোৰে অভাৱ৷ ইয়াত মানুহ আছে, কিন্তু এই জনসংখ্যাক শ্ৰমশক্তিলৈ ৰূপান্তৰ কৰাৰ কোনো প্ৰত্যয়জনক ব্যৱস্থা নাই৷ যিসকলে ইয়াত শ্ৰম কৰি জীয়াই থাকিব খোজে, তেওঁলোকক সমাজৰ নিকৃষ্ট অংশৰূপে গণ্য কৰা হয়৷ অৰ্থাৎ তেজক পানী কৰি কঠোৰ পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰা শ্ৰমিকসকলৰ আমাৰ সমাজত কোনো মৰ্যাদা নাই– নিৰাপত্তাও নাই৷ ইয়াৰ বিপৰীতে চান্দা তুলি ফুৰা, ধনদাবী কৰা আদিত জড়িত অভিযুক্তসকলে নানা ধৰণৰ ৰক্ষণাবেক্ষণ লাভ কৰে৷ অন লাইন ট্ৰেডিঙৰ নামত যি ধৰণৰ আৰ্থিক কেলেংকাৰি সংঘটিত হৈছে, তাত জড়িত থকাসকল কিন্তু দেখাই-শুনাই অভিজাত আৰু সমাজতো পৰিচিত৷ কেৱল সেয়ে নহয়, অনেক গণ্য-মান্য বিশিষ্ট লোক, জনপ্ৰিয় শিল্পী আদিৰো এইসকল অতি ঘনিষ্ঠ৷ বিয়া-সবাহ বা আন উপলক্ষত এইসকলে যি পৰিমাণৰ ধন ব্যয় কৰিছে বুলি জনা গৈছে, সিমান পৰিমাণৰ ধন পৰম্পৰাগত অসমীয়া বিয়া-সবাহত অতি কমেইহে খৰচ হয়৷ অসম চৰকাৰে ঘোষণা কৰিয়েই আছে যে হিতাধিকাৰীৰ পৰিমাণ বৃদ্ধি কৰা হ’ব৷ নিত্য নতুন মনোলোভা আঁচনি ঘোষণা কৰা হ’ব৷ অৰ্থাৎ অসমৰ ৰাইজৰ আৰ্থিক অৱস্থা দিনে দিনে শোচনীয়া হৈ আহিছে৷ জনমূৰি ঋণ বৃদ্ধি পাই আহিছে৷ অথচ তেনে এখন প্ৰদেশত অন লাইন ট্ৰেডিঙত ইমান বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈছে৷ শক্তিশালী মন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা দেখি চকু থৰ হৈ ৰয়৷ তাৰ মানে অসমত শুনি থকাৰ দৰে আৰ্থিক দুৰৱস্থা চলা নাই! অন লাইন ট্ৰেডিঙৰ এই ৰহস্যজনক মকৰাজালৰ সবিশেষ দেশৰ জনতাৰ জনাৰ অধিকাৰ আছে৷ আৰক্ষীৰ তদন্ত যাতে যথাযথভাৱে আগবাঢ়ে৷ প্ৰকৃত দোষী যাতে সাৰি যাব নোৱাৰে চৰকাৰে তাৰ প্ৰতি দৃষ্টি দিব লাগে৷ শ্ৰমলব্ধ ধন আৰু ঠগ-প্ৰৱঞ্চনাৰে আৰ্জিত সহজলভ্য ধনৰ প্ৰভেদ আছে৷ উপাৰ্জনৰ এনে সহজ পথে ব্যক্তি বা সমাজ কাৰো কল্যাণ সাধিব নোৱাৰে৷

Share This