আজিৰ সম্পাদকীয়, সংখ্যালঘু
Dainik Janambhumi
August 27, 2024
ডিজিটেল ডেস্কঃ অসমত ‘বাংলাদেশী’ বা ‘মিঞা’ হিচাপে চিহ্নিত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে নতুনকৈ এক গণক্ষোভৰ জোৱাৰ উঠা তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই লোকসকলকে সমস্ত অপৰাধৰ মূল বুলি কৈ এওঁলোকেই ৰাজ্যখনৰ শান্তি-শৃংখলা ব্যাহত কৰি আছে বুলি বাৰম্বাৰ অভিযোগ তোলাৰ সময়তে লক্ষণীয়ভাৱে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিয়ে শেহতীয়াকৈ আৰম্ভ কৰিব খোজা ব্যাপক সদস্যভৰ্তি অভিযানত দেশৰ ৫০ লাখ ধৰ্মীয় সংখ্যালঘু লোকক দলটোৰ সদস্যৰূপে ভৰ্তি কৰোৱাৰ লক্ষ্য স্থিৰ কৰিছে৷
এই বহুচৰ্চিত সদস্যভৰ্তি অভিযান অহা ৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ বিজেপিৰ দেশৰ বুজন অংশৰ ধৰ্মীয় সংখ্যালঘু লোকক দলত অন্তৰ্ভুক্ত কৰাৰ এই প্ৰচেষ্টা একেবাৰে উপৰুৱা নহয়৷ সুচিন্তিতভাৱে আৰু দলটোক ক্ষমতাত ৰখাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই উপলক্ষে নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত এক কৰ্মশালা অনুষ্ঠিত হ’ব বুলি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ মুৰব্বী জামাল ছিদ্দিকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ বা বিজেপিক মুছলমানসকলৰ শত্ৰু বুলিয়েই সাধাৰণ ধাৰণা আছে৷ কাৰণ সংঘৰ পৰিয়ালৰ গঠন তথা উত্থান ঘটিছে মুছলমানক বিৰোধিতা কৰিয়েই৷ দেশ বিভাজনৰ সময়ত হিন্দু-মুছলমানৰ ভয়াৱহ সংঘাতৰ আঁৰত আছিল এফালে মহম্মদ আলী জিন্নাৰ নেতৃত্বাধীন মুছলীম লীগ আৰু আনফালে হিন্দু মহাসভা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ৷
বিজেপিৰ আদি পৰিচয় ভাৰতীয় জনসংঘৰ জন্ম হৈছিল আৰ এছ এছৰ অনুগত ৰাজনৈতিক দল হিচাপে আৰু ভাৰতত মুছলমানৰ ৰাজনৈতিক কতৃৰ্ত্বৰ বিৰুদ্ধাচৰণেৰেই আৰম্ভ হৈছিল এই দলৰ যাত্ৰা৷ জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ বাবে জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ যি সংগ্ৰাম তাক আজিও বিজেপি অনুগামীসকলে শ্ৰদ্ধাৰে সোঁৱৰে৷ বাবৰি মছজিদ ধবংস এই হিন্দুত্ববাদী সংগ্ৰামৰে এক গুৰুত্বপূৰ্ণ অধ্যায়৷ সেই বিজেপিয়ে আজি দেশৰ ৫০ লাখ মুছলমানক দলটোৰ সদস্যভৰ্তি কৰিবলৈ বিশেষ আঁচনি গ্ৰহণ কৰিবলগীয়া হৈছে কি পৰিস্থিতিত, সেয়া দলটোৰ ভোটৰ পৰিসংখ্যাই বুজিবলৈ সুবিধা দিয়ে৷ ২০১৯ চনত বিজেপিয়ে যি বিশাল সাফল্য লাভ কৰিছিল সেই নিৰ্বাচনত দলটোৱে লাভ কৰা ভোটৰ অংশ আছিল ৩৭.৩ণ৷ কিন্তু ২০২৪-ত এই হাৰ ৩৬.৬ণলৈ কমি যায়৷
গতিকে অদূৰ ভৱিষ্যতে ক্ষমতাত বৰ্তি থাকিবলৈ দলটোৰ ভোটৰ ভেটি অধিক সবল হ’ব লাগিব৷ কেৱল হিন্দু ভোটক ভিত্তি কৰি এয়া যিহেতুকে সম্ভৱ নহয় বুলি বিগত নিৰ্বাচনৰ ইতিহাসে প্ৰমাণ কৰিছে, গতিকে দলটোৱে এতিয়া ধৰ্মীয় সংখ্যালঘুৰ মাজত নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ যোৱা লোক সভাৰ নিৰ্বাচনৰ আগে আগে দলটোৱে ‘পচমাণ্ডা’ মুছলমান অৰ্থাৎ পিচপৰা আৰু দলিত মুছলমানসকলক নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰিছিল, কিন্তু তাত দলটোৱে বিশেষ সাফল্য লাভ কৰিব নোৱাৰিলে৷ এতিয়া ৫০ লাখ মুছলমানক দলটোৰ প্ৰতি আনুগত্যশীল কৰিবলৈ বিজেপিৰ নেতৃত্বই কি পন্থা গ্ৰহণ কৰে, সেইটো চাবলগীয়া হ’ব৷ লগতে এইটোও লক্ষণীয় হ’ব অসমত দলটোৱে কোনসকল মুছলমানক সদস্যভৰ্তিৰ লক্ষ্য কৰি লয়৷ অসমত মুছলমানসকলৰ ৰাজনৈতিক অৱস্থানলৈ লক্ষ্য কৰিলে বিচিত্ৰ ধৰণৰ ছবি এখন সন্মুখলৈ আহে৷
ইয়াত যোৱা শতিকাৰ দ্বিতীয়টো দশকৰ পৰা পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজনৰ ধাৰাটোৰ মুছলমানসকল আৰু তাৰ পূৰ্বে বিভিন্ন সময়ত অহা মুছলমানসকলৰ স্বভাৱ-চৰিত্ৰ, জীৱন-যাপন, আচৰণ বেলেগ৷ পূৰ্বৰ মুছলমানসকলৰ অসমীয়া মূল সমাজখনৰ লগত হাড়ে হিমজুৱে মিলি গৈছে৷ আনহাতে প্ৰব্ৰজিত মূলৰ পুৰণা অংশটোৱেও ইয়াৰ ভাষা-সাহিত্য আৰু কিছু পৰিমাণে সংস্কৃতিকো আদৰি নিজকে অসমীয়া বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টাৰ ত্ৰুটী কৰা নাই৷ নাগৰিক হিচাপেও তেওঁলোক বৈধ ভাৰতীয় নাগৰিক৷ কিন্তু এই অসমীয়া হৈ পৰা বা অসমীয়া হ’ব খোজা বৈধ মুছলমানসকলৰ মাজতে আছে আমাৰ সংবিধানে মান্যতা দিব নোখোজা আৰু অসম চুক্তিয়েও বিদেশী বুলি সাব্যস্ত কৰা মুছলমানসকল৷
তদুপৰি ইয়াৰ মূল সুঁতিত জীণ নোযোৱা প্ৰব্ৰজিত মুছলমানসকলৰ দ্বাৰা সংঘটিত অপৰাধৰ সংখ্যাও অতি বেছি, যিটো শেহতীয়াকৈ আমাৰ ৰাজ্যত হোৱা গণ জাগৰণৰ মূল বিষয় হৈ পৰিছে৷ এতিয়া যেতিয়া বিজেপিয়ে আমাৰ ৰাজ্যত সদস্য ভৰ্তিৰ অভিযান চলাব, দলটোৱে ইয়াৰ কোন অংশৰ মুছলমানক প্ৰাধান্য দিব সেয়া মূল কথা৷ মুছলমান বসতিপ্ৰধান অঞ্চলবোৰত সকলোধৰণৰ লোক এনেদৰে সংপৃক্ত হৈ আছে যে কোন বৈধ, কোন অবৈধ, কোন অপৰাধী-কোন সজ্জন সেয়া নিৰ্ণয় কৰা কঠিন৷ আজি আমাৰ মুখ্যমন্ত্ৰীয়ে অনৱৰত মুছলমানৰ আগ্ৰাসনৰ কথা কৈ আছে, কিন্তু কৈ থাকিলেই জানো সমস্যাটোৰ সমাধান হ’ব? আচলতে ইয়াৰ বৈধ আৰু অবৈধভাৱে বসবাস কৰি থকা মুছলমান মানুহখিনিৰ পৃথকীকৰণ হ’ব লাগিছিল৷
এই কাম জনসাধাৰণে কৰিব নোৱাৰে৷ কৰিব পাৰিব একমাত্ৰ চৰকাৰে৷ কিন্তু চৰকাৰে নিজেই বিষয়টো অধিক ধূসৰ কৰি নি আছে৷ পূৰ্বৰ দেশৰ গৃহ মন্ত্ৰী লালকৃষ্ণ আদৱানিয়ে প্ৰব্ৰজিত মূলৰ লোকসকলক ‘ৱৰ্ক পাৰ্মিট’ দিয়াৰ বিষয় এটা উনুকিয়াইছিল, বাস্তৱত একো নহ’ল৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এখন প্ৰস্তুত হৈছিল, বিজেপি চৰকাৰে সেইখন অশুদ্ধ বুলি গাপ দি থ’লে,¸ শুদ্ধ কৰাৰ কোনো ব্যৱস্থা নল’লে৷ অসমত থকা বিদেশীসকলৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তি বৰ্ষ কি হ’ব, সেইটোও আজিলৈকে নিষ্পত্তি নহ’ল৷
এনে এক ধূসৰ অৱস্থাৰ মাজত আমাৰ ৰাজ্যত বিজেপিয়ে কোনসকল মুছলমানক দলটোত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকৰ অৰ্হতা কি হ’ব সেইটো জানিবলৈ নিশ্চিতভাৱে কৌতূহলীসকল উৎসুক হৈ থাকিব৷ এটা কথা ঠিক যে ৰাজ্যখনত সুষ্ঠ পৰিৱেশ ৰক্ষা আৰু প্ৰগতিৰ স্বাৰ্থত প্ৰব্ৰজিত মূলৰ মুছলমানসকলৰ এটা স্থানীয় পৰিচয় নিৰ্ণয় হোৱাটো জৰুৰী৷
Share This