পুলৱামাৰ পৰা পহলগামলৈ

dainik janambhumi April 26, 2025

ডিজিটেল ডেস্ক : দেশ বিভাজনৰ প্ৰাক্ কালত মুছলমান প্রধান এলেকা, হিন্দু প্রধান এলেকা আৰু দেশীয় ৰাজ্যৰ মাজৰ সম্পৰ্ক আৰু সংঘাতৰ এটা অধ্যায় উপনিৱেশিক শাসকে বিশেষ কৌশলেৰে ভাৰতীয়সকলৰে আৰম্ভ কৰি দিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল উদ্দেশ্যই আছিল ধর্ম-জাতি-ভাষা-জনগোষ্ঠী নির্বিশেষে সকলো ভাৰতীয়ক একেখন পতাকাৰ তলত সমবেত কৰা। স্বাধীনতা আন্দোলনৰ তীব্রতা কমাবৰ বাবেই উপনিৱেশিক ব্রিটিছ শাসকে হিন্দু আৰু মুছলমান সাম্প্রদায়িকতাক প্রোৎসাহিত কৰিছিল, যাতে ধর্মীয় আৰু সাম্প্রদায়িক বিদ্বেষৰ বাবেই সাধাৰণ মানুহৰ মাজত বিভাজন বৃদ্ধি পায়। 

উপনিৱেশিক শাসকৰ বিৰুদ্ধে ভাৰতীয় ঐক্যবদ্ধভাৱে থিয় দিব নোৱাৰে। জম্মু আৰু কাশ্মীৰ আছিল এখন দেশীয় ৰাজ্য। এই ৰাজ্য ব্ৰিটিছৰ অধীনত নাছিল। ব্ৰিটিছৰ লগত মিত্ৰতা সূত্ৰতহে আবদ্ধ আছিল। কাশ্মীৰৰ প্ৰজাসকলৰ গৰিষ্ঠ সংখ্যক মুছলমান হ'লেও তেওঁলোক পাকিস্তান মনস্ক নাছিল। বজা আছিল হিন্দু হৰি সিং। ৰজাই ভাৰতক পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাতকৈ স্বতন্ত্র ৰাজ্য হিচাপে থকাটোহে বিচাৰিছিল। নেহৰুৱে কাশ্মীৰক ভাৰতৰ অংগ হোৱাটো বিচাৰিছিল। আনহাতে চৰ্দাৰ পেটেলে হায়দৰাবাদৰ ভাৰত অন্তর্ভুক্তিতহে বিশেষ গুৰুত্ব দিছিল। বিভাজন কালৰ বিশেষ পৰিস্থিতিত জিন্নাই কাশ্মীৰৰ প্ৰতি চকু দিলে। ভাৰতে বিচাৰিলে কাশ্মীৰ ভাৰতৰ লগলৈ আহক। ৰজাৰ ভাৰতৰ প্ৰতি আনুগত্য থাকিলেও কাশ্মীৰক স্বাধীন কৰি ৰাখিব খুজিছিল। তেনে এক মুহূৰ্ততে কাশ্মীৰৰ ওপৰত আক্ৰমণ হ'ল পাকিস্তানৰ ফালৰ পৰা। ৰজা সেই আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অক্ষম। ভাৰতৰ সহায় বিচাৰিলে। ভাৰতে কাশ্মীৰৰ ভাৰত অন্তর্ভুক্তিৰ প্ৰসংগ পুনৰ দোহাৰিলে। পৰিস্থিতিত পৰি ৰজা চর্ত সাপেক্ষে ভাৰতত অন্তর্ভুক্তিৰ বাবে মান্তি হ'ল। ইতিমধ্যে পলম হৈ গৈছিল। ভাৰতীয় সৈন্যই পাকিস্তানী সৈন্যক খেদি কাশ্মীৰৰ অধিকাংশই পুনৰ উদ্ধাৰ কৰে। 

তেনেতে যুদ্ধ আৰু বিবদমান সীমাৰ বিষয় ৰাষ্ট্ৰসংঘত উঠিল। ৰাষ্ট্ৰসংঘৰ আহ্বানত যুদ্ধ বিৰতি হ'ল। কাশ্মীৰ দ্বিখণ্ডিত হ'ল। এটা অংশ পাকিস্তান অধীকৃত কাশ্মীৰ (Pok) ৰূপে থাকি গ'ল। বৃহত্তৰ অংশটো হ'ল ভাৰতৰ কাশ্মীৰ। ৰজাই আৰোপ কৰা চৰ্ত (লগত আছিল মন্ত্রী শেখ আব্দুল্লা) মতেই পাছত আমাৰ সংবিধানত ৩৭০ অনুচ্ছেদ সংযোজিত হ'ল। ১৯৪৭ৰ পোন্ধৰ আগষ্টত স্বাধীন হোৱা ভাৰতত কাশ্মীৰ নথকাই বর্তমান সংঘাতসমূহৰ উৎস। দুই ম'হৰ যুঁজত কাশ্মীৰী জনতাৰ দুৰ্গতি। পৰৱৰ্তী কালত কাশ্মীৰক স্বাধীন কৰি এক ৰাষ্ট্ৰ গঠন কৰাৰ নামতে প্রথমে আৰম্ভ হয় কাশ্মীৰৰ বিচ্ছিন্নতাবাদী-সন্ত্রাসবাদী আন্দোলন। লাহে লাহে পাকিস্তানে ইয়াৰ সুযোগ লৈ প্রশিক্ষিত সন্ত্রাসবাদী এই বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত কৰি সকলো ধৰণৰ সহায় কৰিবলৈ আৰম্ভ কৰিলে। পৰিস্থিতি অধিক জটিল হৈ গৈ থাকিল। একালৰ শান্তিপূর্ণ কাশ্মীৰ য'ত বহু বিখ্যাত হিন্দী চলচ্চিত্ৰৰ দৃশ্য গ্রহণ হৈছিল, পৰৱৰ্তী কালত সেই কাশ্মীৰলৈ পৰ্যটক যাবলৈ ভয় কৰা হ'ল। ভাৰত চৰকাৰৰ তৎকালীন গৃহ মন্ত্রী মুফটি মহম্মদ ছয়ীদৰ এগৰাকী কন্যাক সন্ত্রাবাদীয়ে অপহৰণ কৰি নি মুক্তিপণ ৰূপে দুর্ধর্ষ সন্ত্রাসবাদীক মুক্ত কৰি নিয়ে। 

২০১৪ৰ নিৰ্বাচনী প্ৰচাৰত ইউ পি এ চৰকাৰৰ ব্যৰ্থতা দুৰ্বলতা সম্পর্কে প্রধানমন্ত্রী ৰূপে প্রক্ষিপ্ত প্রার্থী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ প্ৰসংগত বৰকৈ সৰৱ হৈছিল। বিজেপিৰ চৰকাৰ হ'লে তিনিমাহৰ ভিতৰতে কাশ্মীৰৰ পৰিস্থিতি সলনি কৰাৰ কথা কৈছিল। এন ডি এ চৰকাৰ আহিল। নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী হ'ল, কিন্তু পৰিস্থিতিৰ দিনক দিনে অৱনতি ঘটিল। পূৰ্বৰ ইউ পি এ চৰকাৰৰ দিনতকৈ সন্ত্রাসবাদী কূটাঘাতমূলক কাৰ্য, সেনা-আৰক্ষীৰ চকীত আক্ৰমণৰ ঘটনা বৃদ্ধিহে পালে। তেনে ঘটনাসমূহৰ ভিতৰত সবাতোকৈ মৰ্মন্তুদ ঘটনা আছিল ২০১৯ৰ পুলৱামা বিস্ফোৰণ, য'ত চল্লিশজনতকৈ অধিক চি আৰ পি এফ জোৱানৰ মৃত্যু ঘটিছিল। দেশবাসীৰ মনত হোৱা তাৰ প্রতিক্রিয়া ২০১৯৩ বিজেপিৰ নিৰ্বাচনত জয়লাভৰ সহায়ক হৈছিল। চৰকাৰৰ ভুলৰ বাবেই যে সেই ঘটনা সংঘটিত হৈছিল সেই কথা জম্মু-কাশ্মীৰৰ তৎকালীন ৰাজ্যপাল সত্যপাল মালিকে পাছত ৰাজহুৱাকৈ কৈছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ কাৰ্যকালৰ আৰম্ভণিতেই জম্মু-কাশ্মীৰৰ বাবে থকা ৩৭০ ধাৰা বিলোপ কৰে। সন্ত্রাসবাদ দমনত এই কার্য সহায়ক হ'ব বুলি সংসদত প্রধানমন্ত্রীয়ে ঘোষণা কৰিলে। কিন্তু ঘোষণা কৰা মতে একো নহ'ল'। কাশ্মীৰৰ সুৰক্ষা ব্যৱস্থালৈ শিথিলতাহে আহিল। পহলগামৰ দৰে পৰ্যটকৰে মুখৰিত হৈ থকা পৰ্বত-অৰণ্যৰ এটা অঞ্চলত সেনা-আৰক্ষীৰ কোনো সুৰক্ষা ব্যৱস্থা নাছিল, জৰুৰী পৰিস্থিতিৰ বাবে আনকি এম্বুলেঞ্চ আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থাও নাছিল, সেই কথা এই নৃশংস আক্ৰমণৰ ঘটনাইহে পোহৰলৈ আনিলে। সন্ত্রাসবাদীৰ কামেই হ'ল চৰকাৰৰ দুৰ্বলতা আৰু পৰিস্থিতিৰ সুযোগ লৈ আক্ৰমণ কৰা। নিৰীহৰ জীৱন যোৱাৰ পাছত এতিয়া আকাশত ৰাফেল বিমানৰ শক্তি প্ৰদৰ্শনৰ কি অর্থ আছে। ঘটনাত ৰাজনৈতিক সাম্প্রদায়িকতাৰ প্ৰলেপ সানি নিজৰ দুৰ্বলতা ঢাকিব নোৱাৰি। অৱশ্যে সর্বদলীয় সভাত চৰকাৰৰ গাফিলতিৰ বাবে দোষ স্বীকাৰ কৰিছে গৃহ মন্ত্ৰীয়ে। কিন্তু প্রধানমন্ত্রী সেই সভাত নাথাকি বিহাৰৰ নিৰ্বাচনী সভাত অংশ লোৱাটো দৃষ্টিকটু হৈছে।

Share This