আজিৰ সম্পাদকীয়, আত্মহনন....

DainikJanambhumi September 11, 2024

ডিজিটেল ডেস্কঃ ১০ ছেপ্টেম্বৰ তাৰিখে উদ্‌যাপিত হ’ল বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস৷ আত্মহননৰ ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে যদিও আমাৰ সমাজত প্ৰতিদিনে এইধৰণৰ ঘটনা বৃদ্ধিহে পাবলৈ ধৰিছে৷ অতি শেহতীয়াভাৱে উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টি, গুৱাহাটীত সংঘটিত হৈছে শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা৷ বি টেক্‌ অধ্যয়নৰত এজন ছাত্ৰই আত্মহননৰ পথ বাছি লোৱা ঘটনা সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছে৷ উল্লেখযোগ্য যে আই আই টি, গুৱাহাটীত এমাহৰ ভিতৰত এইটো হৈছে দ্বিতীয়টো আত্মহত্যাৰ ঘটনা৷ শিক্ষানুষ্ঠানখনত কিছুদিন পূৰ্বে এম টেক্‌ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিছিল৷ 

   

গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে এইদৰে তিনি-চাৰিটাকৈ আত্মহননৰ ঘটনা সংঘটিত হৈ থকা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে৷ কেৱল আই আই টি, গুৱাহাটীতেই নহয়, ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহননৰ ঘটনা৷ কিছুদিন পূৰ্বে দুই কণমানি সন্তানক বুকুত বান্ধি ডিব্ৰুগড়ত এগৰাকী মহিলাই লুইতত জাঁপ দিছিল৷ একেদৰে ২ ছেপ্টেম্বৰত লখিমপুৰত এগৰাকী আৰক্ষীৰ জোৱানে পত্নীক দাৰে ঘপিয়াই হত্যা কৰি নিজেও চৰম পন্থা বাছি লোৱা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল৷ শিলচৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে৷ এগৰাকী আৰ পি এফ জোৱানে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে ৰে’ল ষ্টেছনত কৰ্তব্যৰত অৱস্থাতে আত্মহত্যা কৰে৷ গোৱালপাৰাতো এহাল প্ৰেমিক-প্ৰেমিকাই ৰে’লৰ আগত পৰি চৰম পন্থা বাছি লয়৷ এই আটাইকেইটা ঘটনাই চলিত মাহৰ আৰম্ভণিতে সংঘটিত হৈছে৷ ঘটনাৰ কাৰণ যিয়েই নহওক কিয়, আটাইকেইজনে আত্মহননকে শেষ পন্থা হিচাপে বাছি লৈছিল৷ প্ৰেমত প্ৰতাৰিত হোৱা, নিবনুৱা সমস্যা, পাৰিবাৰিক অশান্তি, হতাশা আদি বিভিন্ন কাৰণত সমাজত শেহতীয়াভাৱে এই ঘটনা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে৷ কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীৰ মাজত আত্মহত্যাৰ ঘটনা অধিক হৈছে৷ পঢ়া-শুনা আৰু পৰীক্ষাৰ হেঁচা, পৰীক্ষাত সফল হ’ব নোৱৰা, প্ৰেমজনিত সমস্যা আদি কাৰণত ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহত্যাৰ ঘটনা অধিক হোৱা দেখা যায়৷ 

 

শিক্ষা ব্যৱস্থা পৰীক্ষাকেন্দ্ৰিক অথবা নম্বৰকেন্দ্ৰিক হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত হতাশা বৃদ্ধি পাইছে৷ পৰীক্ষা আৰু নম্বৰক লৈ এক বৃহৎ অঘোষিত প্ৰতিযোগিতা অব্যাহত আছে৷ আৰু এনে প্ৰতিযোগিতাৰ বলি হৈছে একাংশ ছাত্ৰ-ছাত্ৰী৷ বৰ্তমান সময়ত এক পৰিয়ালৰ ধাৰণাই পিতৃ-মাতৃক সন্তানক সময় দিয়াৰ পৰা বঞ্চিত কৰিছে৷ আৱেগ-অনুভূতি কিদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাৰ শিক্ষাও সন্তানক দিয়া নহয়৷ লালন-পালনত হোৱা বিশৃংখলতাৰ বাবে ব্যক্তিত্ব গঠনত সুৰুঙা ৰৈ যায়৷ ফলত বিচৰা বস্তু হাতত নপৰিলে ক্ষন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ আত্মহননৰ দৰে পথ বাছি লোৱাটো উজু বুলি গণ্য কৰে বহুতে৷ আনহাতে, যথেষ্টসংখ্যক কিশোৰ-কিশোৰী তথা যুৱক-যুৱকীয়ে প্ৰেমত ব্যৰ্থতাৰ কাৰণে নিজৰ ফুলকুমলীয়া জীৱন অকালতে মৰহি যাবলৈ দিছে৷ প্ৰকৃততে তথাকথিত ব্যৰ্থ প্ৰেম হৈছে সমাজৰ একাংশ লোকৰ পুৰণি অপ্ৰাসংগিক চিন্তাধাৰা তথা জাতি-বৰ্ণ ভিত্তিত হোৱা মানসিকতা, যিবিলাক কথাৰ কাৰণে কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে আত্মহত্যাৰ পথ বাছি লয়৷

 

 সমাজত মানৱীয় চৰিত্ৰৰ বিকাশ নঘটিলে এনেধৰণৰ ৰহস্যজনক ঘটনা হয়তো সংঘটিত হৈয়ে থাকিব৷ আনহাতে, সুৰা, ড্ৰাগ্‌ছ আদিত আসক্তিৰ এক ভয়ংকৰ পৰিণামো হ’বগৈ পাৰে আত্মহত্যা৷ পাৰিবাৰিক অশান্তি, হিংসা আদিৰ বাবে ল’ৰা-ছোৱালী বিপথগামী হ’ব পাৰে আৰু ড্ৰাগ্‌ছ, সুৰা আদিত আসক্ত হ’ব পাৰে৷ আজিৰ আধুনিক সমাজ যিমানে জটিল হৈ পৰিছে সিমানে ড্ৰাগ্‌ছ নাইবা নিচা জাতীয় দ্ৰব্যৰ প্ৰতিও আসক্তি বৃদ্ধি পাইছে৷ তথাকথিত আধুনিক জীৱনশৈলীয়ে এহাতে পৰিয়ালৰ প্ৰতি ভাবুকি আনিছে আৰু আনহাতে পৰিয়ালৰ সদস্যসকলৰ মাজত বিচ্ছিন্নতাৰ সৃষ্টি কৰিছে৷ পিতৃ-মাতৃ, ককা-আইতাকসকল নিঃসংগ-অসহায় হৈ পৰা দেখা গৈছে৷ যাৰ ফলত গৃহহাৰা হ’ব লগা হৈছে বৃদ্ধ-বৃদ্ধাসকল৷ এনেবোৰ পৰিয়ালত ল’ৰা-ছোৱালীৰ মনত ক্ষতিকাৰক প্ৰভাৱ পৰা দেখা যায় নাইবা মানসিক স্বাস্থ্যৰ অৱনতি হোৱা দেখা যায়৷ সুস্থ মানসিক স্বাস্থ্যৰ অভাৱ হ’লে জীৱন-বিৰোধী মানসিকতা গঢ়ি উঠে৷ আমাৰ ৰাজ্যত ড্ৰাগ্‌ছৰ সৰবৰাহ, আসক্ত বা ড্ৰাগ্‌ছ ব্যৱহাৰকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে৷ এইসকল লোকৰ মাজতো আত্মহত্যাৰ প্ৰৱণতা যথেষ্ট বেছি হোৱা দেখা যায়৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ [এন চি আৰ বি]ৰ তথ্য অনুসৰি আমাৰ দেশত ২০২২ চনত ৰ.৭১ লাখ লোকে আত্মহননৰ পথ বাছি লৈছে৷ ই হৈছে ২০১৮ চনৰ তুলনাত ২৭ শতাংশ বৃদ্ধি আৰু ২০২১ বৰ্ষৰ তুলনাত চ্ছ্ৰ.২ শতাংশ বৃদ্ধি সৰ্বাধিক৷ ২০২১ চনত দেশত ১৩,০৮জ্ঝগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে৷ ২০২০ চনৰ তথ্য অনুসৰি অসমত প্ৰতি ৰ লাখ লোকৰ ভিতৰত জ্ঝ.৩ শতাংশই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়৷

Share This