অহা বছৰৰ পৰা গাড়ী নৰখোৱাকৈ কৰিব টোল সংগ্রহ

dainik janambhumi December 05, 2025

ডিজিটেল ডেস্ক : কেন্দ্রীয় মন্ত্রী নীতিন গডকাৰিয়ে বৃহস্পতিবাৰে কয় যে বর্তমান থকা টোল (পথ পৰিবহণ মাচুল) সংগ্ৰহৰ ব্যৱস্থা এবছৰৰ ভিতৰতে অন্ত পৰিব আৰু তাৰ ঠাইত হ'ব ঘাইপথত গাড়ী নৰখোৱাকৈ মাচুল লোৱা বৈদ্যুতিন ব্যৱস্থা। লোক সভাৰ প্ৰশ্নকালত পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী গডকাৰিয়ে জনায় যে নতুন এই ব্যৱস্থা ১০ ঠাইত চলাই থকা হৈছে আৰু দেশজুৰি ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। 

তেওঁ কয়, 'পথ পৰিবহণ মাচুলক সংগ্ৰহৰ বৰ্তমানৰ ব্যৱস্থাৰ অন্ত পৰিব। মাচুলৰ নামত গাড়ী ৰখাবলৈ কোনোৱেই নাথাকিব। এবছৰৰ ভিতৰত বৈদ্যুতিন মাচুল সংগ্ৰহ ব্যৱস্থা দেশজুৰি প্ৰয়োগ কৰা হ'ব।' গডকাৰিয়ে সদনক আৰু জনায় যে বর্তমান দেশত ১০ লাখ কোটি টকা ব্যয়সাপেক্ষ ঘাইপথ প্ৰকল্পৰ ৪,৫০০ টা কাম চলি আছে। 

অলপতে জাৰি কৰা চৰকাৰী বিজ্ঞপ্তি মতে, নেশ্যনেল পেমেন্ট কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়াই (এন পি চি আই) নেশ্যনেল ইলেকট্রনিক ট'ল কালেকশ্যন (এন ই টি চি) ব্যৱস্থাৰ বিকাশ ঘটাইছে। এইটো হৈছে ভাৰতৰ ঘাইপথবোৰত বৈদ্যুতিন মাচুল সংগ্ৰহৰ বাবে সংহত, আন্তঃসঞ্চালিত (ইণ্টেৰ'পেৰাবল) ব্যৱস্থা। এই এন ই টি চিৰ বাবে মূল প্রয়োজন ফাষ্ট টেগ নামৰ ৰেডিঅ' তৰংগ চিনাক্তকৰণ (আৰ এফ আই ডি) ভিত্তিক যন্ত্র, যিটো গাড়ীৰ সমুখৰ আইনাত (উইণ্ডস্ক্রীন) লগোৱা থাকে।

Share This