শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা

dainik janambhumi August 21, 2025

ডিজিটেল ডেস্ক : গুৱাহাটীৰ আমিনগাঁৱৰ নেশ্যনেল চেণ্টাৰ অব্ এক্সেলেন্স চেণ্টাৰত অহা ৬-১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ বাবে আজি ২৫জনীয়া ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। ভাৰতীয় বেডমিন্টন সন্থাই মিক্সড টীম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচন কৰা দলটোত ১০জন ল'ৰা আৰু ১০গৰাকী ছোৱালীক অন্তর্ভুক্ত কৰা হয়। 

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা প্রতিযোগিতাখনত মিক্সড টীম ইভেন্টৰ (সুহান্দিনাটা কাপ) খেল ৬-১১ অক্টোবৰলৈ অনুষ্ঠিত হোৱাৰ পাছত ১৩ৰ পৰা ১৯ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ একক শাখাৰ খেল। প্রতিযোগিতাত ভাৰতীয় দলটোক নেতৃত্ব দিব জুনিয়ৰৰ বিশ্ব ৰেংকিঙৰ শীৰ্যস্থানৰ শ্বাটলাৰ তনভি শৰ্মাই। ভাৰতীয় দলৰ সদস্যসলক হ'ল: ল'ৰাৰ একক শাখাত ৰৌণক চৌহান, জ্ঞান দটু টি টি, লালথাজুৱালা আৰু সূর্যকেশ ৰাৱট। ছোৱালীৰ একক শাখাত তনভি শর্মা, ভেন্নালা কলাগোটলা, উন্নাতি হুদা তথা ৰক্ষিতা শ্রী।

 ল'ৰাৰ ডাবলছত এ আৰ সুমিথ, ভব্য ছাৱা, ভাৰ্গৱ ৰাম আৰিগেলা, বিশ্ব তেজ, বিষ্ণু কেধৰ আৰু মিথিলেশ কৃষ্ণণ। ছোৱালীৰ ডাবলছ শাখাত স্থান লাভ কৰিছে ভেন্নালা, ঋষিকা, গায়ত্রী ৰাৱট, মানসা ৰাৱাট, অন্যা বিষ্ট আৰু এঞ্জেল পুনেৰা। আনহাতে, মিক্সড ডাবলছত খেলিব ভব্য ছাব্রা, বিশাখা টপ্পো, লালৰামসংগা, তাৰিণী শুৰি, বিষ্ণু কেধৰ, কীর্তি মাঞ্চলা, বংশ দেৱ আৰু ডায়েংকা ৱালদিয়া।

Share This