১ আগষ্টৰ পূৰ্বে ভাৰতৰে হ'ব বাণিজ্য চুক্তি

dainik janambhumi July 17, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে অতি সোনকালে এখন বাণিজ্য চুক্তি চূড়ান্ত কৰা হ'ব বুলি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইংগিত দিয়ে।

 ট্রাম্পে কয় যে ১ আগষ্টত সমানুপাতিক শুল্ক আৰোপৰ পূৰ্বে আমেৰিকাই বিভিন্ন দেশৰ সৈতে বাণিজ্য চুক্তি সম্পাদন কৰিব আৰু ইয়াৰ ভিতৰত ভাৰতো অন্যতম। আমেৰিকা আৰু ইণ্ডোনেছিয়াৰ মাজত শেহতীয়াকৈ সম্পন্ন কৰা বাণিজ্য চুক্তিৰ পাছতেই ভাৰতৰ সৈতে বাণিজ্য চুক্তিৰ সন্দৰ্ভত ট্রাম্পে এইদৰে মন্তব্য কৰে। 

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ সামগ্ৰীৰ ওপৰত পূৰ্বে নিৰ্ধাৰণ কৰা শুল্কৰ হাৰ ৩২ শতাংশৰ পৰা হ্ৰাস কৰি আমেৰিকাই ১৯ শতাংশ কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ইণ্ডোনেছিয়াৰ সৈতে আৰোপ কৰা 'প্রায় একে' শুল্ক ভাৰতৰ বিৰুদ্ধেও আৰোপ কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি ট্রাম্পে ইংগিত দিয়ে যে ১ আগষ্টৰ পূৰ্বে ভাৰতৰ সৈতে আমেৰিকাই বাণিজ্য চুক্তি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Share This