বৃন্দাবনত শোকাৱহ নাও দুৰ্ঘটনা: যমুনাত ২৫গৰাকী তীৰ্থযাত্ৰী ডুবি নিৰুদ্দেশ, ৩জনৰ মৃত্যু

Rashmi April 10, 2026

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত আজি এক অতি শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হয়। বৃন্দাবনৰ বিখ্যাত কেচি ঘাটত যাত্ৰীবাহী এখন নাও যমুনা নদীত ডুব যোৱাৰ ফলত ৩গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে।

কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা?

প্ৰাপ্ত তথ্য অনুসৰি, আজি প্ৰায় ২৫গৰাকী ভক্তই এখন নাৱেৰে যমুনা নদী পাৰ হ’বলৈ চেষ্টা কৰিছিল। যাত্ৰাপথত নাওখনে নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ ওপৰত থকা এখন দলঙত খুন্দা মাৰে আৰু লগে লগে নদীৰ বুকুত ওলোটা খাই পৰে। ফলত নাৱত থকা সকলো তীৰ্থযাত্ৰী যমুনা নদীত পৰি যায়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ তৎপৰতাত বৰ্তমানলৈ ১৫জন যাত্ৰীক নদীৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে।


উদ্ধাৰ অভিযানত যাতে কোনো বিঘিনি নঘটে, তাৰ বাবে স্থানীয় প্ৰশাসনে দুৰ্ঘটনাস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ঘাটত তীৰ্থযাত্ৰী আৰু স্থানীয় লোকৰ ভিৰ হোৱা বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও এছ ডি আৰ এফ (SDRF)ৰ দলে যমুনাত অভিযান চলাই আছে।

প্ৰশাসনে ৰাইজক ধৈৰ্য ধৰিবলৈ আৰু উদ্ধাৰকাৰী দলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনাটোৱে সমগ্ৰ ধৰ্মীয় নগৰীখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This