শিলচৰত মৰ্মান্তিক ঘটনা!  পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ

Rashmi August 22, 2025

ডিজিটেল ডেস্কঃ  পুত্ৰৰ জঘন্য অপৰাধৰ বাবে সমাজত অপমানিত হোৱাৰ পিছত আত্মহত্যাৰ পথ বাছি ল'লে এজন পিতৃয়ে।

যোৱা ১৬ আগষ্টত শিলচৰ হাইলাকান্দি ৰোডস্থিত ঐতিহ্যমণ্ডিত শনি মন্দিৰৰ পৰা সোণৰ অলংকাৰ চুৰি কৰে অনিক দাস নামৰ এজন যুৱকে। পাছদিনাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰ কৰে।

এই ঘটনাই সমাজত চাঞ্চল্যৰ সৃষ্টি কৰে। পুত্ৰৰ এনে অপৰাধ আৰু তাৰ ফলস্বৰূপে পোৱা সামাজিক অপমানত দুখত ভাগি পৰাৰ লগতে গুৰুতৰ মানসিক চাপত পৰে অনিকৰ পিতৃ অজিত দাস।

অৱশেষত এই অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয় তেওঁ।

চালতাবস্তি এলেকাত এজোপা গছৰ ডালত অজিত দাসে চিপ লয়। ওলমি থকা অৱস্থাত  উদ্ধাৰ কৰা হয় অজিত দাসৰ মৃতদেহ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হস্পিটেললৈ প্ৰেৰণ কৰে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This