বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন 

Rashmi April 12, 2026

ডিজিটেল ডেস্কঃ বিহাৰৰ কাটিহাৰ জিলাত আজি এক অত্যন্ত মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষৰ ফলত অতি কমেও ১৩ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ জন লোক গুৰুতৰভাৱে আহত হয়।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এই ভয়ংকৰ দুৰ্ঘটনাটো কাটিহাৰৰ কুৰ্ছেলা থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। বাছখন তীব্ৰ গতিত আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে বাছখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে গুড়ি হৈ যায়।

দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ কৰে। পাছত আৰক্ষীৰ দল উপস্থিত হৈ গেছ কাটাৰৰ সহায়ত বাছখনৰ ধ্বংসাৱশেষ কাটি মৃতদেহ আৰু আহতসকলক উদ্ধাৰ কৰে।

ঘটনাটোত থিতাতে ১৩ জন লোকে প্ৰাণ হেৰুৱায়।  আহত ৩০ জন লোকক লগে লগে ওচৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰে কেইবাজনৰো অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে জনাইছে।

জিলা প্ৰশাসনে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে তীব্ৰ গতি আৰু ঘন কুঁৱলী অথবা চালকৰ টোপনিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। বিহাৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এই খবৰটোৱে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পেলাইছে। পথ সুৰক্ষাৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবে এনে ঘটনা পুনৰাবৃত্তি হোৱা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।






উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This