২৬ ডিচেম্বৰৰ পৰা বাঢ়িব ৰে'ল ভাৰা

dainik janambhumi December 22, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় ৰে'লৱেই দীর্ঘ দূৰত্বৰ ভ্ৰমণৰ ভাৰা বৃদ্ধি কৰিছে। কালি ভাৰতীয় ৰে'লৱেই কৰা ঘোষণা অনুসৰি ৰে'লৰ ভাৰা বৃদ্ধি ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। কালি কৰা ঘোষণা অনুসৰি সাধাৰণ শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰলৈকে বৃদ্ধি কৰা হোৱা নাই, কিন্তু ২১৫ কিল'মিটাৰতকৈ অধিক ভ্ৰমণ কৰা যাত্ৰীয়ে টিকটৰ ভাৰা প্রতি কিল'মিটাৰত ১-২ পইচা অতিৰিক্ত ভৰিব লাগিব। ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰৰ পাছত প্রতি কিল'মিটাৰত ১ পইচাকৈ
আৰু মেইল তথা এক্সপ্ৰেছ ৰে'লৰ এ চি আৰু নন এ চি শ্ৰেণীৰ টিকটৰ দাম ২১৫ কিল'মিটাৰ পাছত প্রতি কিল'মিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে। 

ভাৰতীয় ৰে'লৱেই প্রকাশ কৰা মতে, ভাৰা বৃদ্ধিৰ ফলত তেওঁলোকৰ ৬ হাজাৰ কোটি টকাতকৈ অধিক আয় হ'ব বুলি আশা কৰিছে। কোনো এজন যাত্রীয়ে ২৬ ডিচেম্বৰৰ পাছত নন এ চি শ্রেণীত ৫০০ কিল'মিটাৰতকৈ অধিক ভ্রমণ কৰিলে ১০ টকা অতিৰিক্ত ভৰিব লাগিব।

উল্লেখযোগ্য যে ৰে'লৱেই এই বছৰ দ্বিতীয়বাৰৰ বাবে ৰে'লৰ ভাৰা বৃদ্ধি কৰে। টিকটৰ নতুন নিৰিখ মতে, দিল্লী আৰু মুম্বাইৰ মাজত চি এছ এম টি ৰাজধানী এক্সপ্ৰেছ থ্রী এ চিৰ ভাৰা প্রতি কিল'মিটাৰত ২ পইচা হিচাপত ২৭ টকা বৃদ্ধি পাব।

Share This