ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ পৰা অমৃতসৰ অভিমুখী ৰে'লৰ দবাত জুই।
নিউ তিনিচুকীয়া ষ্টেছনৰ পৰা অমৃতসৰ অভিমুখী ১৫৯৩৩ নম্বৰৰ অমৃতসৰ এক্সপ্ৰেছৰ দবাত জুই।
মাজনিশা ১২ বাজি ২৫ মিনিটত বৰপেটাৰ সৰভোগ ষ্টেছন পোৱা অৱস্থাত ৰে'লখনৰ দবাত লাগে জুই ।
ৰে'লখনৰ দবাত লগা জুইৰ ফলত যাত্ৰীসকলৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয়।
ৰে'লৰ দবাত লগা জুইৰ ফলত ষ্টেছনটোত এক ধোঁৱাময় পৰিবেশৰ সৃষ্টি হয়।
ইপিনে যাত্ৰীসকলৰ মাজত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিক লৈ হোৱা দৌৰা-দৌৰি আৰু লৰা-ঢপৰাৰ ফলত কেবাজনো যাত্ৰী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।
অৱশ্যে দবাত লগা জুই নিৰ্বাচনৰ পিচতে সুৰক্ষিত অৱস্থাত যাত্ৰীসকলক লৈ ৰে'লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে।
উৎস প্ৰাগ নিউজ ডিজিটেল