শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ক'লে, শীঘ্ৰে আৰম্ভ হ'ব শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : ৰাজ্যত শীঘ্ৰেই পুনৰ শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। পূৰ্বৰ দৰেই কোনো বিষয়াক তোষামোদ নকৰাকৈ নিজৰ পচন্দৰ স্থানলৈ বদলি লাভ কৰিব। কালি এইকথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। মন্ত্রীজনে অতি শীঘ্ৰে শিক্ষকৰ বদলিকৰণৰ বিষয়ত গুৱাহাটীত শিক্ষা বিভাগৰ বৈঠক অনুষ্ঠিত কৰাৰ লগতে আৱেদনসমূহৰ পৰীক্ষণ আৰম্ভ কৰিব বুলি প্রকাশ কৰে। ইতিমধ্যে আৱেদন প্রক্রিয়া সম্পূর্ণ হৈছে। শিক্ষক-শিক্ষয়িত্রীসকলে বদলি বিচাৰি কৰা আৱেদনৰ সৈতে ভুৱা নথি যিমানে বেছিকৈ দিব, সিমানে এই প্রক্রিয়া দীঘলীয়া হ'ব বুলিও তেওঁ প্রকাশ কৰে। 

আনহাতে বদলিকৰণৰ নিৰ্দেশ আৰু স্থানীয় প্রশাসনে বদলিৰ নিৰ্দেশ পোৱা শিক্ষক-শিক্ষয়িত্ৰীক দায়িত্বৰ পৰা এৰি দিয়াটো পৃথক বিষয় বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে গুৱাহাটীৰ পৰা কাৰোবাক বদলি কৰাৰ বাবে নিৰ্দেশ দিলেও জিলা প্রশাসনে বা জিলা শিক্ষা বিষয়াই তেওঁক নিজৰ দায়িত্বৰ পৰা এৰি নিদিব পাৰে। পূর্বে শিক্ষা বিভাগে বদলিৰ নিৰ্দেশ দিয়াৰ পাছতো প্রায় এবছৰ পৰ্যন্ত জিলা প্রশাসন বা শিক্ষা বিষয়াই শিক্ষকৰ অভাৱকে ধৰি বিভিন্ন কাৰণত শিক্ষকজনক সেই স্থানৰ পৰা যাবলৈ নিদিয়াৰ উদাহৰণ আছে। চৰকাৰে নতুন শিক্ষক নিযুক্তি দি সেই জিলালৈ প্ৰেৰণ কৰাৰ পাছতহে বদলিৰ নিৰ্দেশ পোৱা শিক্ষকজনে সেই স্থানৰ পৰা নিজৰ পচন্দৰ স্থানলৈ যাবলৈ সুবিধা পাইছিল বুলি তেওঁ কয়। ইফালে ৰাজ্যত পুনৰ শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নিৰ্দেশনা জাৰি কৰা সন্দৰ্ভত মন্ত্ৰীজনে প্রকাশ কৰে যে ৰাজ্যত সম্প্ৰতি প্রায় ৩২ হাজাৰ বিদ্যালয় আছে য'ত ৩০ জন শিক্ষার্থীও নাই। 

চৰকাৰে কিয় শিক্ষার্থী কম বা কি কাৰণে বিদ্যালয়খনলৈ শিক্ষার্থী যাব নিবিচাৰে আদি বহুকেইটা কাৰণ আৰু অৱস্থিতি পৰীক্ষা কৰি চাবলৈ চৰকাৰে চেষ্টা কৰিছে। যদি ওচৰা- উচৰিকৈ থকা শিক্ষানুষ্ঠান একত্ৰিত কৰিলে শিক্ষার্থী বৃদ্ধি পোৱাৰ আশা আছে, তেতিয়াহে একত্রিত কৰিব বুলি মন্ত্ৰীজনে প্রকাশ কৰে। সকলো শিক্ষানুষ্ঠানকে একত্ৰিত কৰা নহয় বুলিও তেওঁ স্পষ্ট কৰে। ভিতৰুৱা স্থান, বহু দূৰলৈ অন্য বিদ্যালয় নথকা, জনবসতি কম, যাতায়াত ব্যৱস্থা জটিল আদি বহু কাৰণ আছে, যিবোৰ থাকিলে কম শিক্ষার্থী থাকিলেও তেনেকৈয়ে চলাই থাকিব বুলি মন্ত্রীজনে প্রকাশ কৰে। আনহাতে অসমত ফ'ৰ ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি সকলো মহাবিদ্যালয়তে আৰম্ভ কৰাৰ কথা সদৰী কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে এই ব্যৱস্থাত এইবছৰ চতুৰ্থ বৰ্ষ আৰম্ভ হ'ব। এই পদ্ধতিত বিভিন্ন পক্ষৰ পৰা বিভিন্নধৰণৰ বিভ্রান্তিকৰ তথ্য প্রকাশ পোৱাৰ কথাও সদৰী কৰি মন্ত্ৰীজনে স্পষ্ট কৰে যে এই চাৰিবছৰীয়া ক'ৰ্ছৰ তিনি বছৰ সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে স্নাতক ডিগ্রী লাভ কৰিব। তেওঁলোকে এতিয়া স্নাতক ডিগ্ৰীৰে যিবোৰ চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা আছে, তাত অংশ ল'ব পাৰিব। 

কিন্তু সমান্তৰালভাৱে তেওঁলোকে গৱেষণা কৰি চতুৰ্থ বৰ্ষ সম্পূৰ্ণ কৰিলে স্নাতকোত্তৰ ডিগ্রী নোহোৱাকৈ পোনপটীয়াকৈ পি এইচ ডিৰ বাবে যোগ্যতা অর্জন কৰিব। আনহাতে গৱেষণাসহ চতুর্থ বর্ষ পঢ়িবৰ বাবে পি এইচ ডিৰ দৰে গাইড লোৱাৰ প্ৰয়োজন নাই। অৱশ্যে বিশ্ববিদ্যালয়সমূহে এই বিষয়ত নিজাববীয়া সিদ্ধান্ত লোৱাৰ স্বাধীনতা থকা বুলিও তেওঁ প্রকাশ কৰে। চতুর্থ বর্ষত সন্মানসহ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়াৰ সুবিধা থাকিব বুলিও তেওঁ কয়। শিক্ষার্থীসকলক উৎকণ্ঠিত নহ'বৰ বাবেও তেওঁ আহ্বান জনায়।

Share This