ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ যুদ্ধ-উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দেশত ডিজেলৰ দাম বৃদ্ধি কৰাৰ পাছত সমগ্র ভাৰতজুৰি পৰি বহণকৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৩ শতাংশ বৃদ্ধিৰ সম্ভাৱনা প্রকট হৈ পৰিছে। সৰ্বভাৰতীয় পৰিবহণকাৰী কল্যাণ সন্থাই শুকুৰবাৰে এই সম্ভাৱনা ব্যক্ত কৰে।
উল্লেখযোগ্য যে এই পৰিবহণ সন্থাটোৱে দেশৰ প্ৰায় ৬৫% অত্যাৱশ্যকীয় সামগ্রী পবিহণ কৰে। সন্থাটোৰ ৰাষ্ট্ৰীয় সভাপতি অশোক গোৱেলে কয় যে পথ পৰিবহণ ইণ্ডাষ্ট্ৰি হৈছে দেশৰ যোগান শৃংখল আৰু অর্থনৈতিক গতি-বিধিৰ ৰাজহাড় স্বৰূপ। এই পথ পৰিবহণ সন্থাটোৰ কাম-কাজ পৰিচালন পদ্ধতি ডিজেল আৰু তেল চালিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে।
সেই বাবে শেহতীয়াকৈ ডিজেলৰ দাম বৃদ্ধি হোৱাৰ বাবে পথ পৰিবহণ সন্থাটোৰ পৰিচালন ব্যয় বৃদ্ধি পাব। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিবহণ সন্থাটোৱে গ্ৰাহকৰ ওপৰত বোজা জাপি দিয়াৰ বাদে বিকল্প পথ বিচাৰি পোৱা নাই বুলি সভাপতিজনে কয়। সেইবাবে শীঘ্রেই সমগ্র দেশত অত্যাৱশ্যকীয়া সামগ্ৰীৰ পৰিবহম ব্যয় ২.৫-৩% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।