ডিজিটেল ডেস্কঃ 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত তুৰস্ক আৰু আজাৰবাই জানে পাকিস্তানক সহায় কৰাৰ বাবে ভাৰতীয় সকলে দুয়োখন দেশক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ মাজতে ট্রেভেল এজেঞ্চি 'মেক মাই ট্রিপে' প্রকাশ কৰিছে যে তুৰস্ক আৰু আজাৰবাইজানলৈ উত্তৰ প্ৰদেশৰ পৰা কৰিবলগা ভ্ৰমণৰ ১৫০০০ টাতকৈ বুকিং বাতিল কৰা হৈছে আৰু ট্রেভেল এজেঞ্চিসমূহে গ্রাহকসকলক বুকিঙৰ সম্পূৰ্ণ ধন ঘূৰাই দিছে।
ট্যুৰিষ্ট গাইড ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় আহ্বায়ক ড° অজয় সিঙে কয় যে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত সমগ্র ভাৰতে ৰাষ্ট্ৰীয় সংহতি প্রকাশ কৰিলে। আজাৰবাই জানে পাকিস্তানক সমৰ্থন জনোৱাৰ ভাৰতীয় সকল ক্ষোভত ফাটি পৰিছে আৰু পৰ্যটকসকলে তুৰস্ক আৰু আজাৰবাইজান ভ্রমণ বাতিল কৰিছে।
ইফালে, ভ্রমণ বাতিল কৰা যাত্রীসকলক ইন্ডিয়ান এয়াৰলাইনছে তেওঁলোকৰ টিকটৰ ১০০ শতাংশ ধন ঘূৰাই দিবলৈ সিদ্ধান্ত লৈছে।