হাতে হাতে জোঁৰ লৈ আগমনিত আক্ৰাছুৰ প্ৰতিবাদ, জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য দাবী

dainik janambhumi November 14, 2025

ডিজিটেল ডেস্ক : কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক দাবী জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাচুৰ কেন্দ্রীয় কমিটীয়ে ইতিমধ্যে ঘোষণা কৰা প্ৰথম কার্যসূচী জোঁৰ সমদল কালি ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত আৰু আগমনি আঞ্চলিকৰ সহযোগত আগমনিত উলিওৱা হয়। জোঁৰ সমদল আগমনি জাতীয় সংঘ প্রেক্ষাগৃহ চৌহদৰ পৰা আৰম্ভ হৈ গোহাঁই কমল পথেৰে কালডোৱা চিলড্রেন্‌হ পাৰ্কত সামৰণি পৰে। জোঁৰ সমদলকাৰীয়ে ন' এছ টি ন' ৰেষ্ট, আক্ৰাছু জিন্দাবাদ, বিজেপি চৰকাৰ মুর্দাবাদ, আমাৰ ৰাজ্য আমাক লাগে, জয় কামতাপুৰ, বিজেপি চৰকাৰ হায় হায়, এই জুই জ্বলিছে, জ্বলিছে জ্বলিব, বিজেপি চৰকাৰৰ কাম নাই আদি ধ্বনিৰে আগমনিৰ আকাশ-বতাহ কঁপাই তোলে। সমদলৰ আৰম্ভণিতে জাতীয় সংঘ প্রেক্ষাগৃহ চৌহদত এখন সভা অনুষ্ঠিত হয়। 

সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিদ্বয় ক্রমে দ্বীপেন ৰায়, সোণাধৰ ৰায়, সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ ৰায়, সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰঘুৰঞ্জন বেপাৰী, সাধাৰণ সম্পাদক উদয় ৰঞ্জন ৰায় প্ৰধানী, জিলা আক্ৰাছুৰ সভাপতিদ্বয় ক্রমে ৰমণীকান্ত ৰায়, স্বপন কুমাৰ সৰকাৰ, কাৰ্যকৰী সভাপতি চন্দন ৰায়, সাধাৰণ সম্পাদক দীপু সৰকাৰ আদি উপস্থিত থাকি কোচ-ৰাজবংশী জাতি-জনগোষ্ঠীৰ হকে বক্তব্য ৰাখে। আক্ৰাচুৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ ৰায়ে কয় যে কোচ-ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি বিজেপিৰ মিত্র দলে নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল। কিন্তু চৰকাৰ গঠনৰ পাছত চৰকাৰে সকলো প্রতিশ্রুতি পাহৰি গ'ল যাৰ বাবে কোচ-ৰাজবংশীৰ আকৌ ৰাজপথত নামিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাবল্ ইঞ্জিনৰ চৰকাৰৰ বুলি দম্ভালি মৰা চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱৰা কাৰ্য সহ্য কৰা নহ'ব। এইখন নামতে খিলঞ্জীয়াৰ চৰকাৰ বুলিও মন্তব্য কৰে। আনহাতে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰাসকলক চৰকাৰৰ এজন জ্যেষ্ঠ কেবিনেট মন্ত্রীয়ে ধনে-জনে সহায় কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। 

নিমাই নিজৰ ভাষণত কয় যে জনজাতিকৰণৰ বিৰোধিতা কৰাসকল মাত্র চল্লিশ লাখ। এই বিভাজনৰ ৰাজনীতি কৰি নিজৰ ভিতৰত সংঘাত কৰিব বিচাৰিলে ছয় জনগোষ্ঠীৰ দুই কোটি লোকে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। যদি মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতা আছে ২৫ নৱেম্বৰত কেন্দ্ৰলৈ যি প্রতিবেদন প্ৰেৰণ কৰিব ছয় জনগোষ্ঠীৰ সপক্ষে কৰিব। সভাপতি দ্বীপেন ৰায়ে কয়- আমি ভাৰত চৰকাৰৰ পৰা সাংবিধানিক ৰক্ষাকৱচ বিচাৰি জনজাতিকৰণ বিচাৰিছোঁ। কাৰণ জাতি-মাটি-ভেটি নোহোৱা হৈছে আমাৰ। নিখিল বড়ো ছাত্ৰ সন্থা বা ৰভা ছাত্ৰ সন্থাৰ পৰা আমি বিচৰা নাই। আমি ভাৰত চৰকাৰৰ পৰা বিচাৰিছোঁ। তেওঁ ট্রাইবেল সংঘ আদিকে ধৰি জনজাতিকৰণৰ বিৰোধিতা কৰাসকলক বিৰোধিতা নকৰিবলৈ আহ্বান জনায়। অন্যথা ইয়াৰ বাবে জগৰীয়া কিন্তু ছয় জনগোষ্ঠী নহয় বুলি স্পষ্ট কৰি দিয়ে।

Share This