শিৱসাগৰত জুবিন গাৰ্গলৈ 'যুগলবন্দী'ৰ শ্ৰদ্ধাঞ্জলি পাঁচ সহস্রাধিক মহিলাই পৰিৱেশন কৰিলে

dainik janambhumi December 01, 2025

ডিজিটেল ডেস্ক: শিৱসাগৰ নগৰৰ ঐতিহাসিক ব'র্ডিং খেলপথাৰ কালি আধ্যাত্মিক পৰিৱেশলৈ গতি কৰিলে। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই কালি শিৱসাগৰৰ ব'র্ডিং খেলপথাৰত আধ্যাত্মিক চিন্তা-চেতনা জাগ্রত কৰি সমাজৰ কল্যাণ আৰু প্ৰগতিৰ এক বাতাবৰণ সৃষ্টিৰ প্রয়াসেৰে সদ্যপ্রয়াত শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰি এক দিহানাম সমাৰোহৰ আয়োজন কৰে। 

জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পাঁচ সহস্রাধিক আইমাতৃয়ে ঐতিহাসিক নগৰখনত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি সমাৰোহত অংশগ্ৰহণ কৰিলে। আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে সমাৰোহখন উদ্বোধন কৰি দিহানামৰ গভীৰ তাৎপর্য ব্যাখ্যা কৰাৰ লগতে জুবিন গাৰ্গ সংগীতৰ ক্ষেত্ৰত একক আৰু অদ্বিতীয় আছিল বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে টোকাৰী গীত টোকাৰী গীতৰ শিল্পীৰ দৰে, দিহানাম ভকতৰ দৰে, বিহুনাম বিহুবলিয়া ডেকাৰ দৰে, বনগীত পাহুৱাল ডেকাৰ দৰে জুবিন গার্গে পৰিৱেশন কৰিছিল। এনে এটা সংগীতৰ স্বৰ নাই, য'ত জুবিন গার্গে গীত গোৱা নাছিল বুলি মত প্রকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বন্তি প্রজ্বলন কৰি কয় যে দিহানাম পৰিৱেশনেৰে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ন্যায় দাবীও উত্থাপন কৰাৰ প্ৰয়াস কৰিছে। এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰি প্ৰায় এঘণ্টা ধৰি আই-মাতৃসকলে সমাৰোহত দিহানাম পৰিৱেশন কৰা দেখা গ'ল। শিৱসাগৰৰ ৰাইজেও হেঁপাহেৰে এই দিহানামৰ ৰসাস্বাদন কৰি আধ্যাত্মিকতাত নিজকে একাত্ম কৰিলে। 

সমাৰোহ সম্পর্কত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্রী নির্মলা দাসে কয় যে আধ্যাত্মিকতাৰ মাজেৰে যদি ভগৱন্তৰ সেৱা নকৰে, তেন্তে জীৱনটো সুখময়-মধুময় হৈ নুঠিব। আঘোণৰ সময়ছোৱাতো একত্রিত হৈ অনুষ্ঠানত অংশগ্ৰহণ কৰা বাবে আইমাতৃসকলক ধন্যবাদ জ্ঞাপন কৰি সকলোৰে মনত আধ্যাত্মিকতাৰ ভাৱ থকাৰ বাবেই এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত পিয়লি ফুকন ষ্টেডিয়ামত ১১,১১১ গৰাকী আইমাতৃয়ে দিহানাম পৰিৱেশন কৰি অসম বুক অব্ ৰেকৰ্ডত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ লগতে শিৱসাগৰ জিলাৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙনি আগবঢ়োৱা অবিস্মিতা হাজৰিকাক 'তেজস্বিনী', জাগৃতি নাৰী সমাজৰ সভানেত্ৰীক 'নাৰীকণ্ঠ' আৰু অঞ্জলি দত্তক 'সমাজহিতৈষী' সন্মান প্রদান কৰে।

Share This