ডিজিটেল ডেস্ক : কলকাতাত তৃণমূল কংগ্ৰেছৰ (টি এম চি) ৪৪০ কোটি টকাৰ বেংক জমা ধন জব্দ কৰাৰ বাবে আইন বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি) নির্দেশ দিছে। বুধবাৰে ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইনৰ অধীনত এই নির্দেশ দিয়ে ই ডিয়ে। টি এম চিৰ বেংক একাউণ্টৰে জড়িত বিত্তীয় লেনদেনত ধনৰ অবৈধ সৰবৰাহৰ বিষয়ত চলি থকা তদন্তৰ অংশ হিচাপে ই ডিয়ে এই কার্যপন্থা লৈছে।
তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰা মতে, বিমান পৰিবহণ, ভ্রমণ আৰু অন্যান্য সেৱা প্রদানকাৰী কোম্পানী-সমূহৰ এটা নেটৱৰ্কৰ জৰিয়তে ১৫০ কোটি টকাৰ অবৈধ লেনদেন হৈছিল এই বেংক একাউণ্টত।
উল্লেখযোগ্য যে যোৱা জুন মাহত এটা অভিযোগ দাখিল কৰা হৈছিল যে টি এম চিৰ এটা নিৰ্দিষ্ট একাউণ্টৰ পৰা এটা গুৰুতৰ চাইবাৰ অপৰাধ সংঘটিত হৈছিল আৰু ইয়াৰ পাছতেই ই ডিৰ তদন্ত আৰম্ভ হৈছিল।