পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু

Kakali Deka July 08, 2025

ডিজিটেল ডেস্ক : পত্নীৰ দ্বাৰা শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু। পত্নীয়ে হাৰাশাস্তি কৰাৰ বাবে স্বামীগৰাকীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত ইচ্ছামৃত্যুৰ দাবী জনাইছে। গান্ধীনগৰ কলনিৰ বাসিন্দা সুমিত ছৈনী নামৰ এজন যুৱকে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ হাতত ডাঙৰ বেনাৰ লৈ বিষয়াসকলক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি ইচ্ছামৃত্যুৰ দাবী জনায়।


উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। বেনাৰখনত সুমিতে পত্নীৰ ফটো লগাই লিখিছিল, ‘এজন দুখীয়াৰ কাতৰ অনুৰোধ, মোক ইচ্ছামৃত্যুৰ বাবে অনুমতি দিয়ক, ২০২৪ চনৰ ১ জুলাইত কুকদা গাঁৱৰ পিংকী নামৰ ছোৱালী এজনীৰ সৈতে মোৰ বিবাহ হৈছিল। তেতিয়াৰ পৰাই তাই প্ৰতিদিনে মোৰ সৈতে কাজিয়া কৰিছিল, গালি-গালাজ পাৰিছিল আৰু প্ৰহাৰো কৰিছিল।

ভুক্তভোগীৰ মতে, যোৱা ৬ মাহ ধৰি তেওঁৰ পত্নীয়ে মাতৃগৃহত বাস কৰি আহিছে যদিও ফ'নযোগে তেওঁক ভাবুকি দিয়াৰ লগতে ল’ৰা পঠিয়াই মাৰপিটো কৰিছে। কেইবাবাৰো পত্নীক ঘূৰাই আনিবলৈ গৈছিল যদিও শহুৰেক-শাহুৱেকে নাকচ কৰিছিল।


বিয়াৰ পূৰ্বে পত্নীৰ বয়সো লুকুৱাই ৰখাৰ অভিযোগ কৰিছে সুমিতে। তেওঁৰ বয়স ২৭ বছৰ হোৱাৰ বিপৰীতে পত্নীৰ বয়স ৩৫ বছৰ।  সুমিতে দাবী কৰে যে তেওঁ আদালতত ৯ নং ধাৰাত পত্নীক ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল যদিও বিনিময়ত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা হৈছিল। সুমিতে কয় যে এতিয়া তেওঁ মানসিকভাৱে ভাগি গৈছে আৰু জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাইছে। গতিকে তেওঁ ইচ্ছামৃত্যুৰ জৰিয়তে নিজৰ জীৱন ত্যাগ কৰিব বিচাৰিছে।

সুমিতৰ এই দাবী এতিয়া অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This